টীয়কত দিহানাম পৰিৱেশনৰ মাজতেই দাৰে উপৰ্যুপৰি ঘপিয়ালে যুৱকক
ধৰ্মীয় অনুষ্ঠানৰ কাৰ্যসূচী চলি থকাৰ মাজতেই ভয়ংকৰ ঘটনা।দিহানাম পৰিৱেশনৰ মাজতেই দাৰে উপৰ্যুপৰি ঘপিয়ালে এজন যুৱকক।দেওবাৰে টীয়কৰ জখৰীয়াত নিশা গাৱঁৰে এগৰাকী ব্যক্তিৰ ঘৰত এক ধৰ্মীয় অনুষ্ঠান আয়োজন কৰিছিল। উক্ত অনুষ্ঠানত গাঁৱৰ যুৱকসকলে দিহানাম পৰিৱেশন কৰিছিল।তেনেতেই একে গাৱঁৰে দেৱজিত ওৰফে পংকজ নামৰ এজন যুৱকে ৰুবুল বৰা নামৰ যুৱকজনক অতৰ্কিতে দাৰে আক্ৰমণ কৰে।
মুৰত, পিঠিত আক্ৰমণৰ ফলত গুৰুতৰভাৱে আঘাত কৰাৰ ফলত মাটিত ঢলি পৰে ৰুবুল।ততাতৈয়াকৈ গাওঁবাসীয়ে ৰুবুলক গুৰুতৰ অৱস্থাত টীয়ক এফ আৰ ইউ লৈ আনে যদিও আঘাত গুৰুতৰ হোৱাত ৰুবুলক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ইপিনে ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ঘাটক দেৱজিতে।ইতিমধ্যে ৰুবুলৰ পৰিয়ালৰ লোকে টীয়ক আৰক্ষী থানাত 778/20 নম্বৰত গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে অপৰাধীক কৰায়ত্ব কৰা চেষ্টা অব্যাহত ৰাখিছে। ধৰ্মীয় অনুষ্ঠানত সংঘটিত হোৱা এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত।