১। এক বিশেষ খবৰ।আপুনি এতিয়াৰপৰা WhatsApp ৰ দ্বাৰাও টকা পঠিয়াব পাৰিব আপোনাৰ বন্ধুলৈ তথা আপোনাৰ আত্মীয়লৈ।অত্যন্ত সুখবৰ।আপোনাৰ iPhone আৰুAndroid মোবাইলৰ দ্বাৰা এই সেৱা লাভ কৰিব পাৰিব।চাৰিশ মিলিয়নৰো অধিক ভাৰতীয় ই এই নতুন পদ্ধতিৰে সুৰক্ষিতভাৱে টকা পঠিয়াব পাৰিব।১৬০ টা বেংকৰ লগত হব লগা unified payment interface ৰ এই WhatsApp Payment Service ৰ অনুমোদন জনালে National Payment Corporation of India ই।
২।আৰু এক বিশেষ খবৰ।যোৱা শুক্ৰবাৰে মেঘালয়ত এক সকাহপূৰ্ণ মূহূৰ্ত।ৰাজ্যখনত নতুনকৈ কৰোনাত আক্ৰান্ত ৮৬ হোৱাৰ বিপৰীতে আৰোগ্য লাভ কৰে ৯১ জনে।আত্মীয়ৰ সুখানুভূতি।ই এক শুভ সংকেত।
৩। মাত্ৰ ৩৯ বছৰ বয়সতেই ঢুকোৱা ইম্ফলৰ প্ৰাক্তন খেলুৱৈ লাইছৰাম মনিটম্বি সিংহলৈ কেন্দ্ৰৰ বিশেষ সহাৰি। কেন্দ্ৰীয় খেল মন্ত্ৰী কিৰেণ ৰিজিজুয়ে খেলুৱৈজনৰ পৰিয়াললৈ ৫লাখ টকা আগবঢ়ায়।পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জন কৰা সদস্য তেও আছিল বাবেই মন্ত্ৰীজনাৰ এই মহানুভৱতাই পৰিয়ালটোক সকাহ।দিয়ে।
৪। এক সুখবৰ।তৈলখাদৰ জুইয়ে বিভীষিকাৰ সৃষ্টি কৰি বিভৎস ৰূপ দিয়া বাঘজানৰ ৰূপ সলাবলৈ বিদেশৰ বিশেষজ্ঞৰ দলটোৱে কাম আৰম্ভ কৰিলে।তেওলোকে Blowout Preventing ৰ পৰীক্ষা ও কৰিলে।দুই এদিনৰ ভিতৰতেই snubbing operation ৰ প্ৰকৃত কাম হ'ব বুলি আশা প্ৰকাশ কৰিছে দলটোৱে।
৫।মহান চিন্তাৰ মহান কাৰ্য।বৃহস্পতিবাৰে ধেমাজিৰ সমৰজানৰ পানীতুলা বজাৰৰ চৌহদত কৰোনাক ৰুধাৰ উদ্দেশ্যে এক সজাগতা কাৰ্যসূচী আয়োজন কৰে No,12 NDRF C company ৰ দলটোৱে।অনুষ্ঠানটো পৰিচালনা কৰে উপপৰিদৰ্শক ৰাম সিংহ সৈনিয়ে।সৈনিয়ে সকলোকে সামাজিক দূৰত্বকে ধৰি সকলোবোৰ নিৰ্দেশনা বা নিয়ম মানি চলিবলৈ আহ্বান জনায়।
৫।আকৌ এক মহান চিন্তাৰ মহান কাৰ্য । Assam Branch Indian Tea Association zone-1য়ে UNICEF সমৰ্থনত চাহবাগিচাৰ চিকিৎসালয়ৰ নাৰ্চক আৰু চিকিৎসা বিষয়াসকলক কোভিদৰ বিৰুদ্ধে যুজ দিবলৈ সামৰ্থ গঠনৰ ওপৰত দুদিনীয়া প্ৰশিক্ষণ দিয়ে।ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেওৰ ৬২ খন চাহবাগিচাৰপৰা পৰা
৩৩জন স্বাস্থ্য বিষয়া, ৬৬ জন GNM আৰু ANM য়ে এই কাৰ্যসূচীত ভাগ লয়।
৬।ক্ৰিকেত জগতত নৱ তাৰকাৰ গৌৰৱ।ভাৰতীয় ক্ৰিকেত জগতৰ উদিয়মান খেলুৱৈ জচপ্ৰিত বাম্ৰাই সকলোৰে দৃষ্টি আকৰ্ষন কৰিছে।এই খেলুৱৈজনে আকৰ্ষণ কৰিলে Bowling Coach, Shane Bond ক। Shane Bond য়ে জচপ্ৰিতক অভিহিত কৰিলে The best t 20 bowler in the world বুলি।এক বিশেষ সৃষ্টি ভাৰতমাতৃৰ।
৭। খেলুৱৈৰ সচেতনতাই আপোনাক দিব সুস্থিৰ চিন্তা।প্ৰাক্তন ক্ৰিকেত খেলুৱৈ গৌতম গম্ভীৰৰ ঘৰত এজন সদ্যস্য কৰোনাত আক্ৰান্ত হয়।পিছে খেলুৱৈজন ইমান।সচেতন যে তেও লগে লগেই হোম আইছ'লেশ্যন হয়।সেইবাবেই ৩৯ বছৰীয়া খেলুৱৈজনে দিল্লীত হৈ থকা নিৰ্বাচনত ভোটদান কৰিব নোৱাৰিলে।
৮।বাঘজানৰ তৈলখাদৰ জুইয়ে কৰিলে এক ভয়াবহ অভিলেখ।জুইৰ তাণ্ডৱ অব্যাহত থকাৰ সময়তে ই হৈ পৰিল ভাৰতবৰ্ষৰ দীৰ্ঘতম সময়ৰ জুই।এই জুই আৰম্ভ হৈছিল মে' মাহৰ ২৭ তাৰিখেই।
৯।পবিতৰা অভয়াৰণ্যলৈ এক সকাহ।পিছে ১০ নবেম্বৰত।গড়ৰ সংখ্যা অধিক বাবে জনাজাত অভয়াৰণ্যখন মুকলি কৰা হ'ব ১০ নবেম্বৰতহে।সুদীৰ্ঘ সাতমাহ ধৰি বন্ধ হৈ থকা অভয়াৰণ্যখন দৰ্শন কৰিব পাৰিব নবেমৃবৰৰপৰা।
১০।আধ্যাত্মিকতাৰ পোহৰ আৰু ভকতিৰ উজ্জ্বল নিদৰ্শন দেখা পোৱা।যাব।সৰযু নদীৰ ২৮ টা ঘাটত ১৩ নৱেম্বৰত। মন্ত্ৰী যোগী আদিত্যনাথ সেই মহান দীপোৎসৱৰ দিনটোত ৰামজন্মভূমিত মূৰ দোৱাবলৈ উপস্থিত হ'ব।সচাকৈ সেই দিনটোৱে ভাৰতবাসীক বিশেষ অনুভৱ দিব।
Ringkhang Narzary
ReplyDelete