Today's latest news :- আজিৰ দিনটোৰ বিশেষ খবৰ : মধ্যাহ্ন ভোজন, নতুন মুদ্ৰা, property card, personal loan, বৃদ্ধি হৈছে মুছলিম লোকৰ সংখ্যা

Assamese news by Times Guwahati


১) মধ্যাহ্ন ভোজনৰ ১,১৮,৯১৮ গৰাকী কৰ্মচাৰীলৈ সুখবৰ , বৃদ্ধি পালে দৰমহা । ৰান্ধনী আৰু সহায়কৰ দৰমহা পূৰ্বতে আছিল ১০০০ টকা এতিয়া তাৰ সৈতে ৫০০ টকাকৈ বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰে । তেওঁলোকৰ দৰমহা হ'ব ১৫০০টকা । ১ এপ্ৰিলৰ পৰা কাৰ্যকৰি হোৱাকৈ এই টকা প্ৰদান কৰিব বিত্ত বিভাগে । এই কথা সংবাদমেলযোগে ঘোষনা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । পূজাৰ আগতেই লাভ কৰিব এই টকা । ইয়াৰ বাবে বাজেট নিৰ্ধাৰন কৰিছে ৬০ কোটি টকা । 

২) দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নতুনকৈ জাৰি কৰিলে ১০০ টকীয়া নতুন মুদ্ৰা । এই মুদ্ৰা বিজয়া ৰাজে সিন্ধিয়াৰ সন্মানাৰ্থে জাৰি কৰা হৈছে । মুদ্ৰাটোৰ দুয়োটা পিঠিত বিশেষ ডিজাইনেৰে বিত্ত মন্ত্ৰালয়ে মুকলি কৰিছে । মুদ্ৰাটোৰ এফালে ৰাজমাতা বিজয়া ৰাজে সিন্ধিয়াৰ ফটো আছে আৰু ওপৰত শ্ৰীমতি বিজয়া ৰাজে সিন্ধিয়াৰ জন্ম শতাব্দী লিখা আছে । ৰাজমাতাৰ জন্ম চন ১৯১৯ আৰু জন্ম শতাব্দী ২০১৯ লিখা আছে । আনটোফালে হিন্দী আৰু ইংৰাজী ভাষাত ভাৰত লিখাৰ ওপৰিও অশোক স্তম্ভ আৰু ১০০ টকা লিখা আছে ।

new coin


৩) Aadhaar card ৰ পিছত দেশত আৰম্ভ হ'ল property card । আধাৰ কাৰ্ডৰ দৰেই হ'ব এই property card, গাৱৰ প্ৰতিজন লোকেই নিজ সম্পত্তিৰ ভাগৰ পৰা বঞ্চিত নহব । এইয়া এক আইনত পৰিনত হ'ব । এই আইনৰ অধিনত নিজৰ ঘৰ, মাটি, সম্পত্তি সকলো আপোনাৰ নামত সঠিককৈ আছেনে নাই সকলো তথ্য লাভ কৰিব । আপোনাৰ নামত থকা মাটি সম্পত্তিৰ ওপৰত চৰকাৰ বা প্ৰশাসন বা অন্য কোনো লোকে দখল কৰিব নোৱাৰিব । বৰ্তমান ভাৰতৰ ৬ খন ৰাজ্যৰ ৭৬৩ খন গাৱৰ লোকে পাব Property card । ২০২৪ চনৰ ভিতৰত ৬.৫ লাখ লোকে লাভ কৰিব এই কাৰ্ড । এই কাৰ্ডৰ সহায়ত ঋণ লোৱা বা সম্পত্তি বিক্ৰীৰ সময়ত কোনো সমস্যাৰ সমোখিন নহয় । 

৪)  কেন্দ্ৰীয় চৰকাৰে উত্‍সৱৰ বতৰত চৰকাৰী কৰ্মচাৰীৰ বাবে আনিলে আশাৰ খবৰ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিলে, উত্‍সৱৰ ভাট্টা হিচাপে সকলো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু অফিচাৰক অগ্ৰীম ১০ হাজাৰ টকাকৈ দিয়াৰ কথা।



কেন্দ্ৰীয় চৰকাৰৰ এই উপহাৰ মূলত অৰ্থব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে, এয়া এটা এককালীন ভাট্টা, ইয়াত কোনো ধৰণৰ সুত নাথাকে। ২০২১ৰ মাৰ্চ মাহৰ ৩১ তাৰিখৰ আগত এই ভাট্টা খৰচ কৰিব লাগিব বুলিও জনাই বিত্তমন্ত্ৰীগৰাকীয়ে। এই সমগ্ৰ প্ৰক্ৰিয়াটোত খৰচ হ’ব ৪ হাজাৰ কোটি টকা। এই ধন ১০টা কিস্তিত ঘুৰাই দিব লাগিব কৰ্মচাৰীসকলে।

৫) অসমৰ শিক্ষকৰ বাবে অসম চৰকাৰৰ বিশেষ উপহাৰ । ১৯৯১ ৰ পৰা ২০০১ চনৰ ভিতৰত শিক্ষক পদত থকা চাকৰিয়াৰ ১৫৭৪ জনৰ চাকৰি নিয়মীয়াকৰন কৰিব । ১ নৱেম্বৰৰ পৰা পাব নিয়মীয়া দৰমহা । আৰু টিউটৰ হিচাপে নিৰ্ধাৰিত বেতনত ২,৯৬০ গৰাকী শিক্ষকক কৰা হ'ল নিয়মীয়াকৰন ।

৬) STATE BANK OF INDIA ই আৰম্ভ কৰিছে অসমতো লোন দিয়াৰ প্ৰক্ৰিয়া । ঘৰতে বহি personal loan ৰ বাবে আবেদন কৰিব পাৰিব SBI ৰ গ্ৰাহকে । SBI Emudra যোজনাৰ সহায়ত ৩ মিনিটৰ ভিতৰতে লাভ কৰিব ১ লাখ টকা পৰ্যন্ত । ক্ষুদ্ৰ উদ্যোগ বা দোকান ব্যৱসায়ী সকলক আগুৱাই লৈ যোৱাৰ স্বাৰ্থত SBI য়ে দিছে এই সুবিধা । ইয়াৰ বাবে Emudra web ত গৈ আবেদন কৰিব পাৰিব । ইয়াৰ বাবে Aadhaar card, দুকান বা ব্যৱসায়ৰ নথিপত্ৰ আৰু বেংক একাউন্ট নম্বৰ বাধ্যতামুলক ।

Apply for loan


৭) বাঘে নাখায় গৰুৰ মাংস । চিৰিয়াখানাৰ বাঘক দিব নোৱাৰিব গো মাংস । এই অদ্ভুত মন্তব্য হিন্দুন্তবাদী বসন পিন্ধা বিজেপীৰ পালিনেতা সত্যৰঞ্জন বৰাৰ । চিৰিয়াখানাৰ জন্তুক হিন্দুৰ বুলি আখ্যা দি ৰাজপথত ৫/৭ জন মিলি কৰিলে প্ৰতিবাদ । এইয়াই হৈছে অসমৰ সত্যৰঞ্জন বৰাৰ সমস্যা । ভাৰতক হিন্দুত্ববাদী ৰাষ্ট্ৰ গঢ়াৰ দৃঢ় বিশ্বাস সত্যৰঞ্জন বৰাৰ ।

Assamese News


৮ ) ভাৰতত ক্ৰমাৎ বৃদ্ধি হৈছে মুছলিম লোকৰ সংখ্যা । ২০৬০ চনৰ ভিতৰত হ'ব ভাৰত মুছলিম শাষন দেশ । আৰু ৪০ বছৰ পিছত ভাৰত পৃথিৱীৰ ভিতৰত অধিক আৰু প্ৰথমখন মুছলিম জনবসতিৰ দেশলৈ ৰূপান্তৰ হ'ব । তথ্য অনুসৰি এতিয়া ইন্দোনেছিয়াৰ পিছত ভাৰত ২য় স্থানত আছে । বৰ্তমান মুছলিম লোকৰ সংখ্যা ১৯.৪ কোটি আৰু ২০৬০ত এই সংখ্যা হ'ব ৩৩.৩ কোটি । ইয়াৰ তুলনাত পাকিস্তানত বৰ্তমান ১৮.৪ কোটি আৰু ২০৬০ চনত হবগৈ ২৮.৩৬ কোটি লোক । জন্ম নিয়ন্ত্ৰণ নোহোৱাৰ বাবেই ক্ৰমাৎ বৃদ্ধি পাইছে মুছলিম লোকৰ সংখ্যা । অহা ৪০ বছৰত ইয়াৰ কুফল ভুগিব লাগিব ভাৰতে ।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.