উৎসৱৰ বতৰত SBI ৰ গ্ৰাহকলৈ বিশেষ উপহাৰ ; ভাৰতৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক ষ্টেট বেংক অব ইণ্ডিয়াই গ্ৰাহকক হোম লোনৰ সুদত ০.২৫ % ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে। এছ বি আই- এ ঘোষণা কৰা মতে গ্ৰাহকৰ চিভিল স্কৰ অনুসৰি ৭৫ লাখ বা ততোধিক হোম লোনত 0.25% আৰু ৩০ লাখ টকাৰ অধিক হোম লোনত 0.20% টকাৰ ৰেহাই দিয়া হ'ব। তাৰোপৰি YONO এপৰ দ্বাৰা আবেদন কৰিলে অতিৰিক্ত 0.05% ৰেহাই দিয়া হ'ব। উল্লেখযোগ্য যে বেংকে এতিয়া ৩০ লাখ টকা পৰ্য্যন্তৰ আবাস ঋণ 6.90% সুদৰ হাৰত প্ৰদান কৰি আছে।
প্ৰচেছিং শুল্ক ৰেহাই
যোৱা মাহত SBI- এ ঋণ গ্ৰাহকসকলৰ বাবে YONO ৰ জৰিয়তে গাড়ী,সোণ অথবা ব্যক্তিগত লোনৰ আবেদন কৰা গ্ৰাহকক প্ৰছেছিং শুল্ক ৰেহাই দিছে।