বিজুলী সংযোগ থকা সকলৰ বাবে এক নতুন সুবিধা
বেয়াৰ পাছতে ভাল আহে। ভাৰতবৰ্ষত হ'ব বিশ্বৰ সৰ্ববৃহৎ Electricity Smart Metering program ।ভাৰতবৰ্ষ কোনোকাৰণতে পিছ পৰি নাথাকিব।
আপুনি জানি সুখী হ'ব যে,
এয়া এক বাৰ্ষিক ৰাজহৰ বোজা হ্ৰাসকৰণৰ এক প্ৰয়াস মুকেশ আম্বানিৰ কোম্পানীৰ।২৫০ মিলিয়ন পূৰ্বৰ প্ৰচলিত মিটাৰৰ কাৰ্য অন্ত পৰিব।
অসুবিধাজনকভাৱে কাম কৰা সেই মিটাৰসমূহ আতৰাই অত্যাধুনিক মিটাৰৰ সুবিধাৰ সোৱাদ দিয়াৰ লক্ষৰে কোম্পানীটো আগবাঢ়িছে।
এতিয়া বিলিয়নাৰ মুকেশৰ ফাৰ্মে Advanced Metering Infrastructure business ৰ লক্ষ লৈ আগবাঢ়িছে। অৰ্থাৎ আপোনাক পূৰ্বৰ প্ৰচলিত মিটাৰে আৰু ঠগিব নোৱাৰে।সি আপোনাৰপৰা দূৰলৈ আতৰি যাব। আপোনাক সহাৰি জনাব নতুন আৰু অত্যাধুনিক মিটাৰে।
Smart Meter সমূহে বিশেষধৰণে কাম কৰিব।ই দুইধৰণৰ Communication Networking ৰ কাম কৰিব। এক হ'ল- Control Centre Equipment ৰ কাম আৰু আনটো হ'ল- Software Application ৰ কাম যি real-time gathering আৰু transfer of energy usage information ৰ কাম কৰিব।