LPG চিলিণ্ডাৰ ঘৰতে পাবলৈ জানক এই নতুন নিয়ম Gas booking new rule by online

 LPG চিলিণ্ডাৰ ঘৰতে পাবলৈ জানক এই নতুন নিয়ম !

পুৰণিক আতৰাই নতুনক আকোৱালি লোৱাৰ নিয়ম মাজে মাজে গঢ় লৈ উঠে। ই অস্বাভাৱিক নহয়। নতুনে দিব পাৰে সুৰক্ষা, নতুনে দিব পাৰে নতুন গতি।সেয়ে আপুনি আকৌ এবাৰ নতুন নিয়মক আকোৱালি লোৱাৰ সময় আহিল ১ নৱেম্বৰৰপৰা।

আপুনি ঘৰতে LPG cylinder পোৱাৰ অনুভৱ সচাকৈয়ে বেলেগ।পিছে সেই অনভৱ পাবলৈ আপুনি আগতকৈ বেলেগ দিশেৰে গতি কৰিব লাগিব। Oil Company বোৰে ইয়াৰ বাবে নতুন নিয়ম প্ৰস্তুত কৰিছে যাতে চুৰি কাৰ্য সংঘটিত নহয়।আৰু যাতে সঠিক দিশেৰে সকলো কাৰ্য সম্পাদন হয়।

Gas booking



পিছে আপুনি জানিবলগা বিশেষ কথাবোৰ হ'ল-

১। প্ৰথম ১০০ খন স্মাৰ্ট চিটিত Delivery Authentication Code  কাৰ্যকৰী হ'ব। তাৰপাছত আন চিটিসমূহলৈ সম্প্ৰসাৰণ হ'ব। ৰাজস্থানত ইতিমধ্যে Pilot Project ৰ কাম আৰম্ভ।

২। কেৱল বুকিং পদ্ধতিৰেই চিলিণ্ডাৰ দিয়া নহ'ব। এটা ক'ড গ্ৰাহকৰ পঞ্জীয়ন হোৱা মোবাইল নম্বৰলৈ পঠিওৱা হ'ব।গ্ৰাহকে সেই নম্বৰ পোৱাৰ পাচতহে cylinder delivery য়ে পূৰ্ণতা পাব।

৩। গ্ৰাহকৰ মোবাইল নম্বৰ আপডে'ট নহ'লে এপ্চৰ দ্বাৰা ক'ড সৃষ্টি কৰিব লাগিব।

৪। গ্ৰাহকৰ ভুল তথ্য ই  সমস্যাৰ সৃষ্টি কৰিব।অৰ্থাৎ চিলিণ্ডাৰ নাপাব ও  পাৰে।

১ নৱেম্বৰৰপৰা আপুনি OTP ৰ দ্বাৰাহে cylinder পাব।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.