কোটি টকীয়া গাড়ী দেখি বেক আপ দিলে প্ৰেমিকক : তাৰ পিছত কি হ'ল জানিবলৈ পঢ়ক

Assamese breakup love story


চাৰি বছৰৰ সম্পর্ক ভাঙিবলৈ  তোমাৰ সময় লাগিছিল মাত্র দহ মিনিট।কাৰন এটাই, তুমি হেনো মোক বিয়া কৰিলে সুখী হব নোৱাৰিবা ।কাৰন তুমি বিচাৰিছিলা ৰাণীৰ দৰে থাকিব।যত অজস্ৰ টকা-পইচা থাকিব, তোমাৰ সকলো ইচ্ছা আশা পূৰন হব। মোৰ দৰে এটা বেকাৰ লৰাক বিয়া কৰি তুমি তোমাৰ সুন্দৰ জীৱনটোক আধুনিকতা ,বিলাসিতাৰ পৰা বঞ্চিত কৰিব  নিবিচাৰিলা।


অথচ মই বিচাৰিছিলো তোমাক ৰাণীৰ দৰে কৰি মোৰ হৃদয়ৰ সমস্ত ভালপোৱা দি পৃথিৱীৰ সকলোতকৈ সুখী মানুহ কৰি ৰাখিব।যাক দেখিলে সকলোৱে হিংসাত কলে হয়,কোনোৱাই নিজৰ মানুহজনীক ইমানো ভালপাব পাৰে ! কিন্তু এই সকলো কিছুকেই তুমি  কেৱল আৱেগ বুলি ভাবিছিলা।

চাৰি বছৰৰ সম্পর্ক ভাঙিবলৈ  তোমাৰ সময় লাগিছিল মাত্র দহ মিনিট।কাৰন এটাই, তুমি হেনো মোক বিয়া কৰিলে সুখী হব নোৱাৰিবা ।কাৰন তুমি বিচাৰিছিলা ৰাণীৰ দৰে থাকিব।যত অজস্ৰ টকা-পইচা থাকিব, তোমাৰ সকলো ইচ্ছা আশা পূৰন হব।


তোমাৰ ওচৰত মাত্র এবছৰ সময় বিচাৰিছিলো ।তুমি মোৰ বাবে তোমাৰ দেউতাৰাই  ঠিক কৰা কোটিপতি পাত্রক ৰিজেক্ট কৰিব নোৱাৰিলা ।অন্তিম বাৰ যিদিনা তোমাৰ সৈতে দেখা হৈছিল, মই তোমাৰ চকুত সুখত থকাৰ ব্যাকুলতা দেখিছিলো।মোৰ প্রতি ভালপোৱা বিচাৰি  নাপালো ।তোমাক মই প্ৰেছাৰ নিদিলো, বাঁধাও নিদিলো।যাৰ ওচৰত টকা নাই সি কিহৰ বলত ভালপোৱাৰ মানুহজনীক বাধা দিব, কোৱা ! তুমি তো যিহেতু মোৰ প্ৰেমত আবদ্ধ নাছিলা ।মুক্তি বিচাৰিছিলা মোৰ পৰা । সেয়ে ময়ো তোমাক মুক্তি দি দিছিলো।


তোমাৰ বিয়াৰ দিনা দূৰৈৰ পৰা চকচকীয়া গাড়ীত  বহি তোমাৰ গুচি যোৱাৰ দৃশ্য দেখিছিলো।ভাবিছিলো তোমাৰ সুখেই মোৰ সুখ।তুমি ভালে থাকিলেই মোৰ ভালপোৱাই সফলতা পাব ।হয়তো তুমি অন্য কাৰো সৈতে ভালে থাকিবা ,কিন্তু থাকিবা নে।এয়াই মোৰ সকলোতকৈ ডাঙৰ প্ৰাপ্য আছিল।


কিন্তু চোৱা ভাগ্যৰ কি নির্মম পৰিহাস।তোমাৰ স্বামীৰ ইমান ডাঙৰ পোস্টৰ চাকৰিটো গুচি গল। তেখেতো আজি বেকাৰ ।ঘুৰি ফুৰে সেই মোৰ অফিচতেই , আজি আহিছিল চাকৰিৰ ইন্টাৰভিউ দিবলৈ ।ভয় নকৰিবা, মই তোমাৰ ওপৰত কোনো ৰিভেঞ্জ লোৱাৰ বাবে তোমাৰ স্বামীক চাকৰি নিদিয়াকৈ উলিয়াই দিয়া নাই !!!!তেখেতক মই সকলোৰে আগেয়ে ছিলেক্ট কৰিছো।কাৰন মই সিদিনাও বিচাৰিছিলো তোমাক সুখী দেখিব আৰু আজিও তাকেই  বিচাৰো। মই এইবাৰ সঁচাকৈয়ে তোমাক সুখী কৰিব  পাৰিম ???? কি কোৱা অনিন্দিতা??????

পাৰিম নে?????????

😥😥😥😥😥😥😥😥😥😥😥😥😥😥😥


ভাল লাগিলে লাইক শেয়াৰ কৰিব 🙏


✍️Tamanna

Post a Comment

1 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.