বিয়াৰ পিছত যেতিয়া,মই ফুলশয্যাৰ ঘৰত প্রৱেশ কৰিলো ।
তেতিয়া,মোৰ পত্নীৰ মুখৰ পৰা শুনিব পালো তাই ধর্ষিতা!কথাটো শুনি ,যিকোনো লৰাৰেই- কিছু সময়ৰ বাবে পৃথিৱীখন লুটি খাই যাব।
কিন্তু,মই অকণো বিচলিত নহলো।
সাধাৰণতে ফুলশয্যাৰ ৰাতি সকলোৱেই সিহঁতৰ ভবিষ্যৎ জীৱনৰ কথা পাতে।
কিন্তু,মোৰ পত্নীয়ে ,তাই ধর্ষণ হোৱাৰ কথা পাতিছে।
মই ইচ্ছা কৰিলে তাইক তেতিয়াই পিতৃ গৃহলৈ ঘূৰাই পঠিয়াব পাৰিলো হয় ।কিন্তু,সেইটো নকৰিলো কাৰণ,তেনে কৰিলে ছোৱালীজনীয়ে সকলো পূৰুষ জাতিকে জন্তু বুলি ভাবিলে হয়।
মই তেতিয়াহে বিচলিত হলো ,যেতিয়া জানিব পাৰিলো এটা মানুহ ৰূপি জন্তু কেৱল মাত্র তাৰ পূৰুষত্বৰ চাহিদা পূৰণৰ বাবে এজনী ছোৱালীৰ সতীত্ব হৰণ কৰিছে।
মই সেই ৰাতিয়েই ভাবি লৈছিলো ,মোৰ বাবে যদি এটা মানুহে তাৰ শেষ হৈ যোৱা জীৱনটোক নতুনকৈ সজাব পাৰে তেনেহলে,দোষ কি।
সেয়েহে,সকলো হাঁহি মুখে বৰন কৰি ললো।
বিয়াৰ এসপ্তাহ মান পিছত তাইৰ বমি,বমি ভাব,,,,মূৰৰ-বিষ, এইবোৰ যেতিয়া আৰম্ভ হল তেতিয়া তাই খুব ভয় খাইছিল।
আৰু,কোনোৱে কিবা বুজি পোৱাৰ আগতেই,, মোৰ লাজ মানৰ কথা চিন্তা নকৰি এইটো প্ৰচাৰ কৰি দিলো যে,মই বিয়াৰ আগৰে পৰাই তাইৰ সৈতে শাৰীৰিক ভাবে সম্পৰ্ক আছিল।
ইয়াৰ বাবে মই পৰিয়ালৰ পৰা বাহিৰ হব লগা হৈছো।
কিন্তু,তাইক ত্যাগ কৰিব নোৱাৰিলো।
প্রতি ৰাতিয়েই তাই খুব কান্দি থাকে যে,মই যদি কোনো এদিন তাইৰ কাষত নাথাকো তেতিয়া,তাইৰ কি হব।
তেতিয়া,মই তাইৰ চকুৰ পানী মুছি দি বুকুত সাৱটি কৈছিলো, মই আছো তো পাগলী।
আৰু,সকলো সময়ত এইভাবেই তোমাৰ কাষত থাকিম।
তেতিয়া,তাই অকন সাহস পাইছিল।
এদিন তাই মোক কৈছিল যে, তাই মোক ঠগোৱাৰ পিছতো মই কিয় তাইৰ লগত বন্ধুৰ দৰে আচৰণ কৰো। উত্তৰত মই কৈছিলো,তাই কাৰোবাক বিশ্বাস কৰাত ঠগাইছিল সেইটো আছিল তাইৰ নিয়তি।
আৰু, মই সেই নিয়তিক মুছি দিব বিচাৰিছো।
তাই সন্তানটো নষ্ট কৰিব বিচাৰিছিল।
কিন্তু,মই মানা কৰো।
কাৰণ, সকলো কিছুয়েই তো মই মানি লৈছো, ঘৰৰ পৰা বাহিৰ পৰ্য্যন্ত হৈছো।তেনেহলে,এটা নিষ্পাপ শিশুয়ে কি দোষ কৰিছে যে,পৃথিৱীৰ আলোক দেখাৰ আগতেই তাৰ বিদায় লব লাগিব।
সেয়ে, আৰু বাচ্চাটো নষ্ট কৰিব নিদিলো।
বিয়াৰ ৭ মাহ পিছত তাইৰ প্রসৱ বেদনা উঠে।
তাই ও মই দুয়ো জানিছিলো যে সেই বাচ্চাটো মোৰ নহয়। তথাপিতো মই সেই সময়ত দূৰলৈ আতৰি যোৱা নাই।
কাষত থাকিছো।এজনী মাতৃয়ে সেই সময়ত নিজৰ সন্তানক বচোৱাৰ বাবে নিজৰ সৈতে জীৱন মৰণ যুঁজ কৰে।কিন্তু,নিয়তিয়ে তাইক পুনৰ ঠগিলে।
বাচ্চা জন্ম হল ঠিকেই কিন্তু মৃত!
এটা মৃত সন্তান জন্ম হোৱাৰ কি যে বেদনা,সেইটো কেৱল এজনী মাতৃয়েহে- জানে।
ইয়াৰ পিছত চাওঁতে,চাওঁতে ৫ টা বছৰ পাৰ হৈ গল।
আজিলৈকে তাই আৰু মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিব নোৱাৰিলে ।
সেই দিনাখনেই তাই মাতৃত্বৰ সোৱাদ হেৰুৱাইছে ।
তাইক মোৰ জীৱনত ঠাই দিয়াৰ পিছৰে পৰা বহু বিপদৰ মুখ মুখি হৈছো।বহু বাধা আহিছে। বহু কিছু ত্যাগ কৰিছো ।
কিন্তু,তাইক ত্যাগ কৰা নাই।
তাই জীয়াই থকাৰ মূল খুটিটোৱেই যিহেতু মই।গোটেই দিন-ৰাতি যেতিয়া,কাম কৰি মৃতপ্রায় শৰীৰ লৈ ঘৰলৈ উভতো!!!
তেতিয়া,তাইৰ মুখৰ অকন হাঁহিয়ে মোক কেৱল শান্তিয়েই নিদিয়ে,মই যেন পুনৰ প্রাণ উভতাই পাওঁ।
প্রতিপল সময় তাই এটা কষ্টৰ ভিতৰত জীয়াই থাকে।
মাত্ৰ ১০০ টকা ধাৰ কৰিছিল পূৰ্বতে ভালপোৱা লৰাজনৰ পৰা । তাই উভতাই দিব পৰাও নাছিল । যাৰ বিনিময়ত বিচাৰিছিল নাঙথ হৈ সকলো লৰাজনক দেখুৱাবলৈ । উপায়বিহিন হৈ সকলো দিবলৈ বাধ্য হৈছিল তাই ।
ৰাতি মোৰ বুকুখনত মাথা গুজি কান্দে,কান্দি কান্দি যেতিয়া,মোৰ গেঞ্জী ভিজাই দিয়ে তেতিয়া মই তাইক সাহস দিওঁ। নতুন এটা স্বপ্ন দেখুৱাও। হাজাৰ বেদনা বুকুত চপাই লৈ তাইক অলপ হাঁহি আনন্দত ৰখাটোৱেই মোৰ দৈনন্দিন কাম।
এইদৰে তাইক ভালে ৰখাটো এতিয়া ৰুটিন হৈ পৰিছে।
ইয়াৰ মাজতে ছোৱালীজনী চুইচাইড কৰিবও গৈছিলে।কিন্তু,নোৱাৰিলে।
মই তাইক কোনোদিনে স্ত্রী বুলি ভবা নাই।
নিজৰ পৃথিৱী বুলি ভাবি সকলো সময়ত হৃদয়ত ৰাখিছো।
তাইৰ সকলো আবদাৰ পূৰন কৰিছো।
মই তাইৰ সকলো ভুলবোৰ শুধৰাই দি তাইক নতুন জীৱন দান কৰিছো।
যি সৃষ্টিকৰ্তাক সাক্ষী ৰাখি বিয়া কৰাৰ সময়ত যি প্রতিজ্ঞা কৰিছিলো°°°°°°
যে,মৃত্যুৰ আগ পর্য্যন্ত মই তাইৰ সৈতে থাকিম,তাইৰ কোনো ক্ষতি হবলৈ নিদিও।
আৰু,মই মোৰ প্রতিজ্ঞা অটল ভাবে ৰাখি চলিছো।
মই পিতৃ হব পৰা নাই ঠিকেই।
কিন্তু,তাইৰ বাবে এজন শ্ৰেষ্ঠ স্বামী হব পাৰিছো।
আৰু এয়াই মোৰ সকলোতকৈ ...ডাঙৰ প্ৰাপ্য
ভাল লাগিলে লাইক শেয়াৰ কৰিব 🙏🙏🙏
✍️Tamanna ✍️Zannat
Bohut val lagi le
ReplyDeletegreat
ReplyDeletebor dhuniya lagile.....emn hundor
ReplyDeleteHeart touching
ReplyDeleteTrue Love Story......It´s really Heart-touching.
ReplyDeleteভাল লাগিল
ReplyDeleteভাল লাগিল
ReplyDeleteGreat...
ReplyDeleteVl lgiil hoytu karobar jibonot anekua ghotona ghotibo pare.
ReplyDeleteHundor
ReplyDeleteHundor
ReplyDeletewow!!
ReplyDeleteHeart touching and will give a good message to society
ReplyDelete