অসম চৰকাৰৰ মূখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ মৰিগাঁৱত যুৱ-ছাত্ৰ পৰিষদৰ স্মাৰক পত্ৰ

 অসম চৰকাৰৰ মূখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ মৰিগাঁৱত যুৱ-ছাত্ৰ পৰিষদৰ স্মাৰক পত্ৰ

মৰিগাঁও জিলাৰ চৰকাৰী মহাবিদ্যালয় সমূহত বিজ্ঞান-বানিজ্য শাখাৰ প্ৰৱৰ্ত্তনৰ দাবী 

মৰিগাঁওঃ আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিয়ে অসম চৰকাৰৰ মূখ্যমন্ত্ৰী আৰু শিক্ষ‍ামন্ত্ৰীলৈ জিলা উপায়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰেৰণ কৰে। পৰিষদৰ জিলা সমিতিৰ সভাপতি দীপজ্যোতি বৈশ্য আৰু সাধাৰণ সম্পাদক মিৰ্জা আৰিফ আলমৰ স্বাক্ষৰিত স্মাৰক পত্ৰত উল্লেখ কৰে যে সমগ্ৰ অসমৰ জিলা সমূহৰ ভিতৰত মৰিগাঁও জিলা এখন উল্লেখযোগ্য জিলা। 

Assamese News


বিগত দিনৰ লগতে বৰ্তমানেও গণতান্ত্ৰিক মাধ্যমেৰে নিৰ্বাচিত তিনিটাকৈ বিধানসভাৰ সমষ্টিৰ বিধায়ক, বিধানসভাত মন্ত্ৰীত্ব, লোকসভাৰ সাংসদ, লোকসভাত মন্ত্ৰীত্বলৈ জিলা খনৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছে। কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় যে, ৰূপালী জয়ন্তী অতিক্ৰম কৰা এই মৰিগাঁও জিলা খনৰ শৈক্ষিক দিশতো অতি পুতৌজনক। কিয়নো বৰ্তমানলৈকে জিলা খনত কোনো এখন চৰকাৰী মহাবিদ্যালয়ত কলা শাখাৰ সমান্তৰালকৈ বিজ্ঞান-বানিজ্য  শাখা একেলগে নাই। যত নেকি জিলা খনৰ শিক্ষাৰ্থী সকলৰ শৈক্ষিক দিশত কিছু হেঙাৰ আহি পৰিছে। জিলা খনৰ প্ৰতিখন মহাবিদ্যালয়ত কলা-বিজ্ঞান-বানিজ্য এই তিনিওটা শাখা একেলগে ৰাখি জিলা খনৰ শৈক্ষিক দিশৰ ভেটি শক্তিশালী কৰিবকৈ দাবী জনায়।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.