" ফার্মেচিৰ পৰা সেনিটাৰি নেপকিনৰ সলনি ছোৱালীজনীয়ে কনডম কিনিলে : Girl Buy condoms but why ?

ফার্মেচিৰ পৰা সেনিটাৰি নেপকিনৰ সলনি ছোৱালীজনীয়ে কনডম কিনিলে : Girl Buy condoms but why ?

Times Guwahati News

 

অাচৰিত হলো  যেতিয়া ফার্মেচিৰ পৰা  সেনিটাৰি

নেপকিনৰ সলনি  ছোৱালীজনীয়ে কনডম কিনিলে!

মই প্রয়োজনীয় ঔষধ কিনি ছোৱালীজনীক অনুসৰন কৰিলো। কৌতূহল শেষ কৰিবলৈ তাইক মাত  লগালো।

"মিস শুনিছেনে?? "

"হয় , কওঁক?? "

"এটা ব্যক্তিগত প্রশ্ন কৰিম?"

ছোৱালীজনীয়ে হাঁহি উওৰ দিলে,

" মই জানো আপুনি কি সুধিব বিচাৰিছে।"

অলপ লজ্জা অনুভৱ কৰি মাথা তল কৰিলো।

ছোৱালীজনীয়ে আগতীয়াকৈয়ে  কলে,

"মোৰ দেউতা পংগু। গাড়ী দুর্ঘটনাত

দুখন ভৰি হেৰুৱাই ঘৰৰ এটি চুকত পৰি

আছে। মা টুকটাক চিলাই জানে।

কিন্তু সেয়াৰে জানো  সংসাৰ চলে? সৰু

দুটি ভাই ভনী আছে। সিহঁতৰ পঢ়াৰ খৰচ,

দৈনন্দিন জীৱনৰ খৰচ, বহু ভাবি

চিন্তি মই চাকৰি বিচাৰিব ধৰিলো।

কোনোমতে স্নাতক শেষ কৰিলো। এটা

চাকৰিও পাই গলো। কিন্ত সমস্যাটো হল

অফিসৰ পৰা  ঘৰলৈ উভতোতে বহু ৰাতি

হৈ যায়। সিদিনাখন মোৰ এক কলিগ

অফিস শেষত ঘৰলৈ উভতাৰ পথত এদল

পশুৰ ওচৰত ধর্ষিত হয়। হব

পাৰে, সেই পশুবোৰৰ পৰৱর্তী

চিকাৰ মই। সেয়ে, লগত প্রটেকশন লৈ

ৰাখিছো । সেই যে কয় নহয়? ধর্ষণ

যেতিয়া সুনিশ্চিত তেতিয়া উপভোগ কৰাই

শ্রেয়?"


মই কলো ,

"মিস দেশত আইন বুলি কিবা আছে।"


তাই খৰধৰকৈ কৈ  উঠিল,

"ভাগ্য হে মনত পেলাই দিলে! কবলৈ

পাহৰিয়ে গৈছিলো, মোৰ কলিগ পুলিচৰ

ওচৰলৈ ও গৈছিল। শুনিছো, পুলিচেও

কুপ্রস্তাৱ দিছিলে । পিতৃহীন 

ছোৱালী। পৰিয়ালৰ অন্যান্য সদস্যসকলৰ

কথা ভাবি ডিঙিত ৰছীও দিব পৰা নাই।"


মই বাকরৰুদ্ধ হৈ থিয় হৈ থাকিলো।

Woman buy condoms


ছোৱালীজনীয়ে শান্ত কণ্ঠত কলে,

" যদিহে কেতিয়াবা মোৰ এনেধৰনৰ পৰিস্থিতিৰ

সম্মুখীন হব লগীয়া হয় তেন্তে মই উপভোগেই

কৰিম। কাৰন এই সুশীল সমাজ ধর্ষকক

নহয়, ধর্ষিতাক অপৰাধীৰ চকুৰে দেখে।

আৰু আমি তো সমাজৰ নিয়ম অমান্য কৰি

চলো। চাকৰি কৰো, ৰাতিহে ঘৰলৈ 

উভতো। এনে ধৰনৰ ছোৱালীবোৰেই ধর্ষণৰ

চিকাৰ হয়। এইসকলৰ বাবে  সমাজে ধর্ষকক

দায়ী  নকৰে। মোৰ ওপৰত মোৰ মা-

দেউতাৰ ভালে থকা আৰু মোৰ ভাই-

ভনীৰ ভবিষ্যৎ নির্ভৰ কৰিছে।

মই যে আৰু বহুদিন জীয়াই থাকিব লাগিব 

দাদা ! ভালে থাকিব।"


লক্ষ্য কৰিলো ছোৱালীজনীৰ চকুৰ কোণত

অশ্ৰু টলমল কৰিছে। তাই মলিন হাঁহি মাৰি

নিজ গন্তব্যৰ উদ্দেশ্যে যাত্রা

কৰিলে। 

মই একেথৰে চাই ৰলো তাই গুচি যোৱা ফালে ... প্রশাসন ও আইনৰ প্রতি দিনক দিনে মানুহৰ বিশ্বাস উঠি যাব ধৰিছে...

দুখজনক এই সমাজৰ প্রতি।

এনেকুৱা বহু ছোৱালী আছে যাৰ লগত এই ধৰনৰ ঘটনা হৈছে কিন্ত মানুহ নাই 

টকা নাই বুলি তল পৰি  যায় 🙂 আজিৰ দিনত সকলোবোৰ টকাৰ খেল ☺

✍️Mariya Akter Riya✍️bd

16 Comments

  1. সুন্দৰ লিখনি বাস্তব জীৱনৰ

    ReplyDelete
  2. So Sad
    She is helpless
    But no one want to help her
    Because he has also on same way

    ReplyDelete
  3. মন ছুই যোৱা লিখনি 😊

    ReplyDelete
  4. পঢ়ি বেয়া লাগিল...

    ReplyDelete
  5. In one way the girl is expressing helplessness and she accepts the bitter truth and making herself ready provided there is a protective barrier...❗If this is the social message the girl wants to convey than she is definitely inviting the crime...❗Or is it she thinks this is not a crime because she asks the man to wait... takes out the condom pack from her bag....and tells the man to put it on and start the act. If so will it be considered as non-consensual act so as to lebel it as forceful mandating rape as per law...❓

    ReplyDelete
  6. হৃদয় চুই যোৱা লিখনি।

    ReplyDelete
  7. হৃদয় চুই যোৱা লিখনি।

    ReplyDelete
  8. MUR KOBOLE AKU HOBDOI NAI KI THIK KUN DINA ARU KARUBAR LOGOT ANE GHOTONA HONGHOTITO HOI BA HEI NEWS ARU SOCIAL MEDIATE GOM PAU. GOTIKE BHONTI HOKOLOR PROTI MUR ANRUDH BHALKOI SALE MON KORIBA NIJOR DEHOTE BOSTROTE BOHU DHORONOR ASTRO NIHITO HOI THAKE, MATRO PROYUG KORIBOLE HAHOK KORIBA. MONOT RAKHIBA JIBONR PROTITU KHUJOTE DURGHOTONAR BHOI THAKE. MOI KOISU KETIYAU BHOI NAKHABA HOITU TUMAK ROKHYA KORIBOLE HEI THAIT KUNU NATHAKIBOOU PARE...

    ReplyDelete
  9. কিছুমান বেয়া মানুহৰ বাবে বিপজ্জনক হৈ পৰিছে নাৰিৰ জীৱন।


    ReplyDelete
  10. সচাই ক’লে একো ভাষাই নাই ৷সুন্দৰ উপস্থাপন

    ReplyDelete
  11. হয়। সচা কথা ক'লে। কিন্তু বেয়াও লাগিলে।

    ReplyDelete
  12. realy,state khan je secured nohay take dangi dharile...

    ReplyDelete
  13. আজিৰ যুগত হৈথকা practical ঘটনা, অতি সুন্দৰ ভাবে বৰ্ণনা কৰিলে, পঢ়িলে গম পাব

    ReplyDelete
  14. বৰ মৰ্মান্তিক

    ReplyDelete
Previous Post Next Post

People Like