" পত্নিক গনধৰ্ষন কৰাৰ পিছত পতিয়ে বদলা কেনেকৈ ললে ? : Real Story of a couple

পত্নিক গনধৰ্ষন কৰাৰ পিছত পতিয়ে বদলা কেনেকৈ ললে ? : Real Story of a couple

পত্নীক গনধর্ষণ - Assamese Story


বিয়াৰ সাতদিন পিছত মোৰ পত্নীক গনধর্ষণ কৰা হৈছিল। এই জঘন্য কামটো মোৰ সন্মুখতেই কৰা হৈছিল কিন্তু মই একো কৰিব নোৱাৰিলো। মোক  হাত ভৰি বান্ধি মোৰ সন্মুখতেই নৰপিশাচবোৰে মোৰ পত্নীক ধর্ষণ কৰিছিল। মই বহু কাকুতি মিনতি কৰিছিলো , কিন্তু সিহঁতৰ কানত মোৰ কাকুতিয়ে ঢুকি নাপালে। সিহঁত আছিল চাৰিজন। বিয়াৰ  পিছত মই নিজেও মোৰ পত্নীৰ কাষলৈ যোৱা নাছিলো। কাৰণ তাই অসুস্থ আছিল। কিন্তু সিহঁতে অসুস্থতা নেদেখিলে। সিহঁত গুচি যোৱাৰ পিছত পাঁচ ঘন্টা মোৰ স্ত্রী মোৰ সন্মুখত নগ্ন, ৰক্তাক্ত অৱস্থাত পৰি আছিল। তাইৰ ক্ৰন্দন মোৰ অন্তৰত বৰ গভীৰ ভাবে চুই গৈছিল। তাৰ পিছত তাইক  হস্পিতালত ভর্তি কৰো। তাই অসুস্থ অৱস্থাত হস্পিতালৰ বেডত দিন গণি থাকে। আৰু মই ধর্ষকবোৰৰ শাস্তিৰ বাবে দৌৰাদৌৰি কৰি থাকো। এটা সময়ত সিহঁতক আটক কৰা হয়। তথাপি গোচৰ চলাবলগীয়া হৈছে । মোৰ সকলো বোৰ মই বিক্রি কৰি দিছিলো কেৱল ন্যায় বিচাৰ পোৱাৰ আশাত কিন্তু মই নাপালো।


তিনিমাহ পিছত সিহঁত জামিনত ওলাই আহে। আৰু সেইদিনাই মোৰ স্ত্রীয়ে ডিঙিত ৰচী লগাই  আত্মহত্যা কৰে। তাই চিঠিত লিখি থৈ গৈছিল।

"এই দেশত ধর্ষকৰ শাস্তি নহয় কিন্তু ধর্ষিতাৰ মানসিক শাস্তি ঠিকেই হয়।"

মোৰ সন্মুখেৰে  যেতিয়া মোৰ স্ত্ৰীক ধর্ষণ কৰা মানুহবোৰ পাৰ হৈ গৈছিল তেতিয়া মৰি যাব ইচ্ছা হৈছিল। সিহঁত আছিল প্রভাৱশালী সেয়ে সিহঁতক একোকে কৰিব নোৱাৰো ,সেইটো মই জানো । 

এজনী ছোৱালীৰ সাহাৰ্য্য লৈ সিহঁত চাৰিওজনকে মই কিডনেপ কৰিলো। কাৰণ সিহঁত আছিল সেক্স পাগল। সেক্সৰ বাবে কোনো ছোৱালী বুলিলে যতেই নহওঁক সিহঁত  যাবলৈ সকলো সময়তে প্ৰস্তুত আছিল। চাৰিজন মানুহক অকলে কিডনেপ কৰা কোনোপক্ষে সম্ভৱ নহয়। কিন্তু মই কৰিছিলো। তাৰ বাবে ব্যৱহাৰ কৰিছিলো একজাতীয় বিশেষ স্প্রে যিটো নাকত ধৰিলে চব্বিশ ঘন্টা অজ্ঞান হৈ  থাকিব।সিহঁতে যেতিয়া চকু মেলিলে তেতিয়া এটা অন্ধকাৰ ৰুমৰ ভিতৰত হাত ভৰি বন্ধা অবস্থাত পৰি আছিল।

Times Guwahati Rape news of Assam


সিহঁতৰ জ্ঞান ঘূৰি অহাৰ পিছতেই মই দৌৰি গলো সিহঁতক মৃত্যুদণ্ড  দিয়াৰ বাবে। কিন্তু তেতিয়া মোৰ মনত পৰিল  পত্নীৰ মৃত্যু যন্ত্রণাই কিমান কষ্ট দিছিলে তাইক। হস্পিতালৰ বেডত কিমান যন্ত্রণা সহ্য কৰিছিল।

তেতিয়া মই ভাবিলো ইহঁতক কেৱল দুইমিনিটৰ মৃত্যু দিলে মোৰ স্ত্ৰীৰ আত্মাই শান্তি নাপাব । ইহঁতক মই পৃৃথিবীৰ সকলোতকৈ ভয়ংকৰ আৰু কষ্টকৰ মৃত্যু উপহাৰ দিম।

সাতদিন ইহঁতক মই জীৱিত ৰাখিছিলো। সাতদিন   মই নৰপিশাচৰ দৰে ব্যৱহাৰ কৰিছিলো। 

ইহঁতৰ শৰীৰৰ প্রতি ইঞ্চিত বেজী সুমুৱাইছিলো। বেজীৰে মুখমণ্ডলৰ প্ৰতিটো ঠাইত ছিদ্র কৰিছিলো। তাৰপিছত সমগ্ৰ শৰীৰত নিমখ জলকীয়া সানি দিছিলো নিজ হাতে। 

দ্বিতীয় দিনা গুহ্যদ্বাৰেৰে একেৰাহে দুঘন্টা লাখুটিৰে ধর্ষণ °°°°°°°'। সিহঁতে কান্দোনত  চিৎকাৰ কৰিছিল। সহ্য কৰিব পৰা নাছিল । তেতিয়া মই এক পৈশাচিক আনন্দ উপভোগ কৰিছিলো।


তৃতীয় দিনা মই সিহঁতৰ মূৰৰ চুলিবোৰ টানি টানি চিঙিছিলো। এইটো কৰোতে মোৰ বহু কষ্ট হৈছিল। চতুর্থ দিনা মই সিহঁতৰ কান দুখন প্লাচ দি টানি টানি ছিঙিছিলো। সিহঁতে সেইদিনা মোৰ ওচৰত মৃত্যু ভিক্ষা মাগিছিল। খুব কাকুতি মিনতি কৰিছিল ,সিহঁতে আৰু সহ্য কৰিব পৰা নাই । মৃত্যু বিচাৰে সিহঁতে। কিন্তু মই সিহঁতক মৃত্যু নিদিলো। পঞ্চম দিনা মই সিহঁতৰ চকুদুটি উলিয়াই পেলালো। উভালি পেলোৱাৰ আগে চকুত  জলকীয়া গুৰি দিছিলো। সিহঁত পঞ্চম দিনা অজ্ঞান হৈ যায়। মই ভাবিছিলো  মৰি গৈছে। সেয়ে নিজৰ প্রতি বহু খং জাগিছিল সেইদিনা। কিন্তু সাতদিনৰ দিনা সিহঁতৰ জ্ঞান ঘূৰি আহে। মই বুজিব পাৰিছিলো সিহঁত আৰু বেছি সময় জীয়াই নাথাকে। সেয়ে সিহঁতক একেবাৰে  শেষ কৰাৰ চূড়ান্ত সিদ্বান্ত ললো।

Times Guwahati


সিহঁতৰ লিঙ্গৰ অর্ধাংশ কাটি পেলাইছিলো। তাৰপিছত সিহঁতৰ বাকি লিঙ্গত জুই লগাই দিছিলো। তাৰে পৰাই লাহে লাহে সমগ্ৰ শৰীৰত জুই বিয়পি  যায়। তথাপিও বহু সময় লাগিছিল সিহঁতৰ শৰীৰত জুইয়ে গ্ৰাস কৰিবলৈ। সিহঁত প্রায় বিছ মিনিট মান জুইত পুৰিছে আৰু মৃত্যু যন্ত্রণাত চিৎকাৰ কৰিছে।

গোটেই সাতদিনে মই এটা ভিডিও বনালো। সাতাৱন্ন মিনিটৰ এটা ভিডিও। যত সাতদিনৰ ভয়ংকৰ শাস্তিবোৰ ৰেকর্ড কৰিছিলো । মই জানিছিলো ভিডিওটো ফেচবুকত এৰিলে ভাইৰেল হব। সেয়ে ফেচবুকত এৰি দিলো।

ভিডিওটো দেখাৰ পিছত বাৰ জন ধর্ষকে আত্মহত্যা কৰিছে। কিছু মানুহে দেখি স্ট্রোক কৰে। কিছু মানুহে ভিডিওটো চোৱাৰ সাহস নকৰিলে। ভিডিওটো দেখাৰ পিছত ধর্ষণ বহুখিনি কমি গৈছে।

কিন্ত আদালতে মোৰ ফাঁচিৰ ৰায় দিছে। মই এনে এখন দেশত বাস কৰো যত ধর্ষণ কৰাৰ বাবে জেল,ফাঁচি একো নহয় । কিন্তু ধর্ষকবোৰক শাস্তি দিয়াৰ অপৰাধত  আদালতে ঠিকেই আইন প্রয়োগ কৰে। 

কাইলৈ ৰাতিপুৱা মোৰ ফাঁচি হব l মই আজি বহু সুখী কিয় জানানে প্রিয়া ?????

কাৰন মই  আহি আছোঁ তোমাৰ কাষলৈ 


✍️Tamanna✍️Maya✍️

Post a Comment

Previous Post Next Post

People Like