প্রশ্ন- লক্ষ্মীৰ সংজ্ঞা কি? মানে লক্ষ্মী ছোৱালী বা লক্ষ্মী বোৱাৰী কাক কব পাৰি ?
উত্তৰ - সাত চৰ উঠে গালত , হাত বুলোৱা বাদে আৰু যাৰ কোনো মুভমেন্ট নাই। যি নিজৰ সম্পর্কে ব্যঙ্গাত্মক কথা শুনিব পালেও সকলো সময়ত নিৰুত্তৰ থাকিব প্রস্তুত।
যাৰ ছালখনত চিকুটি দিলে কলা দাগ বাদে উফ: শব্দ নোলায়। আত্মসম্মান শব্দৰ অর্থ যি ডিকশেনাৰিত বিচাৰি ফুৰে।
লজ্জাৱতী যাৰ মুখাবয়ব। কাক লজ্জা পায় আৰু কিয় লজ্জা পায় তাৰ কোনো ব্যাখ্যা নাই!
নিজস্ব সময় বা প্রাইভেসি শব্দৰ অর্থ যি জীৱনত শুনা নাই।
দুঃখ হলে যি বাথৰুমত সোমাই শাওয়াৰৰ তলত অশ্ৰু জল লুকাই বাহিৰলৈ ওলাই চেনি নিদিয়াকৈ, চেনি দি, গাখীৰ নিদিয়াকৈ, গাখীৰ দি চাহ কৰাত ব্যস্ত থাকে।
তাই যে কোনো কালত গান গাইছিল বা নাচিছিল সেইটো সম্পূর্ণ পাহৰি যায়। চাকৰিৰত, কিন্তু উপার্জনৰ অর্থৰ ওপৰত নিজক বাদ দি বাকি সকলোৰ অধিকাৰ।
ভুলতো নিজৰ জন্মস্থানলৈ যোৱাৰ বাবে অজুহাত নধৰে । জন্মদাতা আৰু জন্মদাত্রীৰ বাবে মন বেয়া লাগিছে এনে বিস্ফোৰক কথা যি নকয়েই।
গান্ধাৰীৰ দৰে চকুত কাপোৰ নাবান্ধিও অন্ধ হৈ থাকিব পছন্দ কৰে।
প্রতিবাদ কথাটো যি কোনো এক কালত ইতিহাস কিতাপৰ পৃষ্ঠাত পঢ়িছিল।
সকলোৰ মনোৰঞ্জনৰ দায়িত্ব যি নিজৰ কাঁন্ধত লওতে লওতে কাঁন্ধটোক প্রশস্ত ৰাস্তা বনাই পেলাইছে ।
নিজৰ সমগ্ৰ গুণ পাহৰি যি বাকি সকলোৰ গুণৰ প্রশংসাত পঞ্চমুখ, ভুলতো নিজৰ ফার্স্টক্লাস ৰিজাল্টৰ অবতাৰনা নকৰে।
সর্বশেষত কব পৰা যায়,
নিজকে মাটিত মিহলাই দি সকলোকে তাৰ ওপৰত ৰাজত্ব কৰাৰ একচেটিয়া অধিকাৰ যিয়ে দি থাকে তাকেই আমি লক্ষ্মী ছোৱালী বা লক্ষী বোৱাৰী বুলি কব পাৰো !!!