মই মনীষাইকৈছো
মই মনীষাই কৈছো। নহয়, এতিয়া আৰু মই কেৱল মনীষা নহয়, এতিয়াতো সমাজে মোক " এসিড আক্রান্ত " উপাধি দিছে, সেয়ে মই এতিয়া "এছিড আক্রান্ত মনীষা। " মই এটা কাপুৰুষৰ ভোগৰ বস্তু হৈ উঠিব বিচৰা নাছিলো, এয়াই মোৰ আপৰাধ আছিল।
মই বিয়া পিছত, আগতে চাকৰি কৰি মূৰ দাঙি নিজৰ ভৰিত থিয় হব বিচাৰিছিলো , এয়াই মোৰ আপৰাধ আছিল।
ছজন মিলি মোৰ মুখখনক এছিড দি পূৰিছে, তথাপিও মোৰ আত্মবিশ্বাসক পূৰি মাৰিব পৰা নাই। মোৰ সুন্দৰ মুখখনে আজি বীভৎস আকাৰ লৈছে, তথাপিও মই হাঁহিব পাহৰা নাই । মই প্রতিশোধ এইভাবেই লৈছো, সমাজক মই ভয় নকৰো, কাৰণ কলঙ্কটো সমাজে মোক উপহাৰ দিছে। মই কোনো অন্যায় কৰা নাই। সমাজে কৈছিল, ' তই আৰু বাহিৰলৈ নোলাবি । তোক দেখি অজ্ঞান হব মানুহ। শিশুবোৰে ভয়ত কান্দিব ।' সমাজে মোৰ মুখখন ওড়নিৰে ভালদৰে বান্ধি দিছিল। প্রথম কেইদিন ওড়নিৰ আৰতেই আছিলো, ভাবিছিলো ইমান কুৎসিত হৈ গলো! তাৰপিছত মনটোক প্রশ্ন কৰিলো, সুন্দৰৰ সংজ্ঞা টো কি? কোনে নির্ধাৰণ কৰিছে এই সংজ্ঞা? মুখৰ সৌন্দর্য্য তো প্ৰকৃত সৌন্দর্য্য নহয়, প্ৰকৃত সৌন্দর্য্যৰ বাসস্থান তো মানুহৰ মনত।
অনেকেই কৈছিল,' মানি লব পাৰিলি হয় , তেনেহলে সৌন্দর্য্য বৰ্তি থাকিল হয়', কিন্তু যাক হৃদয়ত লোৱা নাই, তাক কিয় মানি লম ? কিয় মানি চলিব লাগিব? ছোৱালী বুলি?? সমাজ- সংসাৰত কিয় এজনী ছোৱালীয়েই কেৱল মানি লবলগীয়া বা চলিব লগীয়া হয়? মোৰ ছালখন পুৰি যোৱাত, অনেক বন্ধু দূৰলৈ আতৰি গৈছে, কিন্তু সমস্যাটো কি মোৰ? সমস্যাটো সমাজৰ। সমস্যাটো তো সমাজ ব্যাৱস্থাৰ।
কেৱলমাত্র সৌন্দর্য্য গুচি গৈছে বুলি, সমাজে যিসকলক গৃহবন্দী কৰি দিছিল, যিসকলক সমাজে কৈছিল, -" তহঁতৰ তো বিয়া নহব , তঁহত তো শেষ এক্কেবাৰে। " সিহঁতে আজি মোক দেখি ওলাই আহিব বিচাৰিছে। সিহঁতে মোৰ হাঁহিত আজি হাঁহি উঠিছে। মোক যুদ্ধ কৰা দেখি, সিহঁতেও আজি কাৰ্য্যক্ষেত্ৰত নামিব বিচাৰিছে। সিঁহতেও আজি সমাজৰ কলঙ্ক, সমাজক চকুত আঙুলিয়াই দেখুৱাব শিকিছে। সিহঁতেও আজি, শান্ত নদীৰ পোছাক এৰি প্রতিবাদৰ বন্যা হৈছে।
মনীষা হাৰ মানা নাই। মনীষাবোৰে হাৰ নামানে । কিয় হাৰিব মনীষাবোৰ? মনীষাবোৰক লৈ যিসকলৰ সমস্যা, সিহঁতে চকুত কলা চশমা দিয়ক, মনীষাসকলক লৈ যিসকলৰ সমস্যা, তেওঁলোক গৃহবন্দী হওঁক। আমি কিয় মুখ লুকুৱাম ? আমি কিয় ভয় কৰিম? আমি ও আন পাঁচ গৰাকী নাৰীৰ দৰেই নাৰী।
অনুৰোধ, আমাৰ নামৰ আগত " এছিড আক্রান্ত "- শব্দটো নবহুৱাব । আমৰ বুকুবোৰ কষ্টত ফাটি যায়। আমাক উপেক্ষা কৰক, কিন্তু প্লিজ অপমান নকৰিব। অসুৰ যেনেকৈ আছে, ঠিক তেনেদৰে অসুৰক বধ কৰাৰ বাবে দুর্গাও আছে। আমি নাৰী। আমি পাৰো। আমাৰ মাজতেই বাস কৰিছে, দুর্গা, সৰস্বতী, কালী।
✍️Mariya