Love-Jihad ৰ বিৰুদ্ধে বি জে পি শাসিত পাচখন ৰাজ্যৰ কঠোৰ স্থিতিৰে পৰিকল্পনা

 Love-Jihad ৰ বিৰুদ্ধে বি জে পি শাসিত পাচখন ৰাজ্যৰ কঠোৰ স্থিতিৰে পৰিকল্পনা

Love jehad


অমূছলমানৰ ভাও জুৰি এচাম মূখা পিন্ধা মূছলমান লোকে অমূছলমান যুৱতীৰ সন্মূখত সুন্দৰ অভিনয় কৰি প্ৰেমৰ জালত পেলাই আহিছে।সেয়াইনে? বিয়া কৰোৱাৰ পাছত যুৱতীক ইছলাম ধৰ্মত দীক্ষা দিয়া হৈছে।এয়া লাভজেহাদৰ এক বিশাল পথাৰ। পিছে মোডী চৰকাৰৰ ইয়াৰ বিৰুদ্ধে প্ৰচণ্ড গতি। এতিয়া সেই বিষয়ে জানো আহক-


সেয়া মধ্যপ্ৰদেশ।মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰ ই শুদাই এৰিব খোজা নাই। মন্ত্ৰীজনাই ১৭ নবেম্বৰত এই বিষাক্ত লাভ জেহাদৰ বিৰুদ্ধে আইন প্ৰণয়নৰ কথা বিশেষভাবে চিন্তা কৰাৰ কথা প্ৰকাশ কৰিছে।ইয়াৰ বাবে পূৰ্ণ প্ৰস্তুতিৰে বিধানসভাত Madhya Pradesh Freedom Bill, 2020 পৰিচয় কৰায়। আইন অনুসৰি বা এই বিধেয়কৰ নিয়ম অনুসৰি লাভজেহাদীয়ে ৫ বছৰলৈ সশ্ৰম কাৰাদণ্ড হৈ থাকিব লাগিব।অৱশ্যে এই অপৰাধ বিচাৰযোগ্য আৰু  অজামিনযোগ্য কৰাৰো প্ৰস্তাৱ দিয়ে।

ধৰ্মান্তৰৰ কাৰণে প্ৰলোভনৰ দ্বাৰা বিয়া কৰোৱাটো  আইনগতভাৱে অকাৰ্যকৰি বুলি মধ্যপ্ৰদেশৰ মন্ত্ৰীগৰাকীয়ে কয়।

শীতকালতেই 1968 Madhya Pradesh Freedom of Religion Act সংশোধন।কৰা হ'ব।অৰ্থাৎ লাভজেহাদৰ ওপৰত লোৱা হ'ব কঠোৰতম স্থিতি।

এই ক্ষেত্ৰত হাৰিয়ানাৰ গৃহমন্ত্ৰীও অত্যন্ত দৃঢ়।হাৰিয়ানাৰ গৃহমন্ত্ৰী অনিল ভিজে ১৭ নমেম্বৰতেই প্ৰকাশ কৰে যে লাভজেহাদ নিয়ন্ত্ৰণ কৰিবলৈ কঠোৰ আইন পস্তুত কৰা হ'ব।আৰু এই উদ্দেশ্যেই এখন সমিতি গঠন কৰা হ'ব।

কৰ্ণাটকৰ মূখ্যমন্ত্ৰীও ক্ষান্ত থকা নাই ।তেও ৪ নবেম্বৰতেই লাভজেহাদৰ বিৰুদ্ধে আইন প্ৰস্তুত কৰাৰ কথা প্ৰকাশ কৰে।

উল্লেখ্য যে লাভজেহাদৰ বিৰুদ্ধে কঠোৰ আইন অনাৰ কথা প্ৰকাশ কৰা প্ৰথম বি জ পি মন্ত্ৰী যোগী আদিত্যনাথ।

এক ইতিবাচক খবৰ যে এলাহাবাদ উচ্চ ন্যায়ালয়ে লাভজেহাদৰ বিৰুদ্ধে আইন প্ৰস্তুত কৰাৰ পোষকতা কৰিছে।৩০ অক্টোবৰত ন্যায়ালয়ে এহিল দম্পতিৰ আৰক্ষীৰ সুৰক্ষা বিচাৰি কৰা আবেদন নাকচ কৰিছিল যিহেতু দম্পতিহালৰ পুৰুষজন মূছলমান সম্প্ৰদায়ৰ আৰু পত্নীগৰাকী হিন্দু আৰু পুৰুষজনক হিন্দু ধৰ্মলৈ ৰূপান্তৰ কৰা হৈছিল।

পিছে লামজেহাদৰ জলন্ত ঘোৰবিৰুধী হিমন্ত বিশ্ব শৰ্মাই হুমিয়নি দিয়াত এখোজো পিছুওৱা নাই।তেওৰ মতে যদি ২০২১ ত তেওৰ দল আহে,নিজৰ পৰিচয় লুকুৱাই লাভজেহাদৰ অসমীয়া ছোৱালীক লাভজেহাদৰ বলি বনোৱাজনক আৰু অসমীয়া ছোৱালীক উৎপীড়ন চলোৱাজনক ৰঙাঘৰৰ আলহী বনোৱাটো খাটাং।

মুঠৰ ওপৰত, বেয়া কাৰ্যৰ ফল বেয়াই হয়।এইবাৰ লাভজেহাদ সৃষ্টিকাৰীক বি জে পিয়ে শুদাই নেৰে।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.