১।এক চাঞ্চল্যকৰ তথ্য।দিপাৱলীৰ উৎযাপনৰ ১৪ আৰু ১৫ নবেম্বৰ , এই দুটা দিনতে সৃষ্টি হ'ল অসমত দুৰ্ঘটনাৰ অভিলেখ।এই দিনদুটাতেই সৰ্বমুঠ ২০২ টা পথ দুৰ্ঘটনা সংঘটিত হয়।এই তথ্য মৃত্যুঞ্জয় ১০৮ সেৱাই আগবঢ়াইছে।সৰ্বাধিক দুৰ্ঘটনা ঘটে উদাল গুৰিত।উদালগুৰিত ১০ টা দুৰ্ঘটনা সংঘটিত হয় সেই দিন দুটাতেই।
২।গুৱাহাটী আই, আই, টিত এক নতুন ৰূপ। পৰিবেশৰ সুৰক্ষাৰ্থে সৰ্বানন্দ সোনোৱালে এক নতুন দিশ সংযোজনৰ মুকলি কৰে গুৱাহাটী আই, আই, টিত।গুৱাহাটী আই, আই টি আৰু United Nations Environment ৰ সহযোগত Vibgyor NE Foundation গঠন কৰা ৫ম North East Green Summit ৰ শুভ উদ্বোধন কৰে মূখ্যমন্ত্ৰীগৰাকীয়ে সোমবাৰে গুৱাহাটী আই, আই, টিত।
৩।এক ভয়ংকৰ কেলেংকাৰীৰৰ তথ্য চি, বি আইৰ হাতলৈ।এক কোটি নহয়, দূই কোটি নহয়, ৫০১.৪০ কোটি সংখ্যালঘূ স্কলাৰশ্বিপ ফান্দৰ কেলেংকাৰী অসমত। পিছে চি বি আইৰ কবলত অসমৰ লগতে পৰিল বিহাৰ ঝাৰখণ্ড আৰু পাঞ্জাবো।
৪। এক সুখবৰ।যোৱা সোমবাৰে পোহৰলৈ অহা গুৱাহাটী আই, আই, টিৰ গৱেষনাৰ এক চমকপ্ৰদ আবিষ্কাৰে আপোনাক দিব চমক।প্ৰতিষ্ঠানটিৰ গৱেষকৰ দলটোৱে সূত্ৰবদ্ধ কৰিলে Efficient Pincer Catalytic System যি উদ্যোগ আৰু জৈৱ বৰ্জিত দ্ৰৱ্যবোৰ মূল্যবান ৰাসায়নিক দ্ৰৱ্যলৈ ৰূপান্তৰ কৰিব।এই পদ্ধতিয়ে glycerol ৰ দৰে পেলনীয়া দ্ৰৱ্যক lactic acid আৰু hydrogen লৈ ৰূপান্তৰ কৰিব।এই নতুন পদ্ধতিয়ে আনিব পৰিবেশলৈ এক পৰিবৰ্তন।
৫।এক আচৰ্যকৰ খবৰ। যেনে কুকুৰ টেনে টাঙোন।কেন্দ্ৰীয় চৰকাৰৰ এক বিশেষ সিদ্ধান্ত। অতি শীঘ্ৰেই আৰক্ষী থানাবোৰৰ জাননী ফলকত এক নতুন ৰূপৰ সৃষ্টি হ'ব। ৰক্ষকেই ভক্ষক হোৱাসকলৰ মূখা খোল খাব।ফলকবোৰত দুৰ্নীতি কৰা আৰক্ষী বিভাগৰ আৰক্ষী বিষয়া আৰু অন্যান্য কৰ্মচাৰীৰ ফটো লগোৱা হ'ব।সেয়াই নহয়।লগতে দুৰ্নীতিৰ সম্পৰ্কেও ফলকখনত লিখা থাকিব।এই।কাৰ্য ই সমাজলৈ এক বিশেষ বাৰ্তা দিব বুলি আশা কৰা হৈছে।
৬।এক বিশেষ খবৰ।আপুনি ঘৰ বনাবলৈ কেনেধৰণে সাজু হৈছে? লকডাউনে সকলোতে গভীৰ প্ৰভাৱ পেলোৱাৰ সময়তেই পোহৰলৈ আহিল ৰডৰ মূল্য।আন সকলো সামগ্ৰীৰ মূল্য ই ৰাইজক মাধমাৰ দিয়াৰ সময়তেই ৰডৰ আৰু চিমেন্টৰ মূল্য ইও দিলে এসেকা। বৰ্তমান চিমেন্তৰ মূল্য প্ৰতিবেগত বাঢ়িল ৭টকাৰপৰা ১০ টকা পৰ্যন্ত আৰু TMT ৰডৰ মূল্য প্ৰতি টনত বাঢ়িল ৫,০০০ টকাৰপৰা ৬,০০০ টকা পৰ্যন্ত।এয়া ব্যৱসায়ীৰ লাভ, গ্ৰাহকৰ ধনৰ গমন।
৭।ভাৰতৰ নিৰ্বাচন আয়োগৰ নতুন পদক্ষেপৰ ইতিবাচকতা।অসমত নতুনকৈ ৬২ টা ভোট কেন্দ্ৰ বঢ়োৱাৰ সিদ্ধান্ত।আগতে অসমত আছিল ভোটকেন্দ্ৰ ২৮,১৪৩ টা আৰু বৰ্তমান হ'ল ২৮,২০৫ টা।আটাইতকৈ বেছি ভোটকেন্দ্ৰ বহুওৱা হ'ব ডিব্ৰুগড়ত।ডিব্ৰুগড়ত নতুনকৈ ১৮ টা ভোটকেন্দ্ৰ বহুওৱা হ'ব।কামৰূপ মেট্ৰ'ত ৯টা, যোৰহাটত ৭ টা, শিৱসাগৰ আৰু শদিয়াত প্ৰতিখনতে ৬ টাকৈ, চিলচৰত ৩টা আৰু তিনিচুকীয়া আৰু জোনাইত প্ৰতিখনতে ২ টাকৈ ভোটকেন্দ্ৰ বহুওৱা হ'ব।
৮।অতিকৈ চাঞ্চল্যকৰ আৰু ঘৃণাৰ কাৰ্য সংঘটিত দৰং জিলাৰ দলগাও আৰক্ষীথানাৰ অন্তৰ্গত ঘাটপাৰা গাৱত।ঘাটপাৰা গাৱৰ ২৮ বছৰীয়া মহিলা নিলিমা খাতুনে ১ লাখ টকাতেই বেচিলে চাৰিগৰাকী ছোৱালী।সংখ্যালঘূ সম্প্ৰদায়ৰ এই চাৰিগৰাকী ছোৱালী হাৰিয়ানাৰ পতিতালয়ত বিক্ৰী কৰে কলংকিত অধ্যায় সৃষ্টি কৰা নিলিমা খাতুনে।পিছে সৌভাগ্যক্ৰমে যোৱা শুক্ৰবাৰে আবেলি আৰক্ষী অধীক্ষক অমৃত ভূঞাৰ আদেশত চাৰিওজনী ছোৱালী উদ্ধাৰ হয় আৰু তাৰ বিপৰীতে হাৰিয়ানাৰ গুৰুগ্ৰামত নাথুপুৰ আৰক্ষী থানা এলেকাৰপৰা নিলিমা খাতুনক গ্ৰেপ্তাৰ কৰা হয়।
৯।এক সুখবৰ।যোৱা দেওবাৰে ধুবুৰীত মূখ্যমন্ত্ৰী থলুৱা উদ্যোগ বিকাশ আচনিয়ে আনিলে ১৯ জন টেৰাকোতা শিল্পীলৈ এক অৰ্থৰ টোপোলা।আচনিৰ অধীনত প্ৰতিজন শিল্পীলৈ আগবঢ়োৱা হয় ডেৰ লাখ টকাকৈ।প্ৰথম কিস্তিত ৫০,০০০ টকাৰ চেক্ দিয়ে।উদ্বোধনীৰ বিশেষ অনুস্থানটোত ধুবুৰীৰ বি,জে,পিৰ সভাপতি Dr. Debamoy Sanyal য়ে শিল্পীসকলক পূৰ্ণ সহযোগিতাৰ আশ্বাস দিয়ে।
১০।এইবাৰ অসমৰ ভূমিত ভূৱা আৰ্মিৰ দপদপনি।মহানগৰীৰ আজাৰাত মূখা পিন্ধাকেইটা গ্ৰেপ্তাৰ হয়।গ্ৰেপ্তাৰ হোৱাকেইজনৰপৰা আৰক্ষীয়ে এখন মাৰুতি চুইফ্ট আৰু পাচখন মটৰচাইকেল জব্দ কৰাৰ উপৰিও ভূৱা পৰিচয়পত্ৰ ও জব্দ কৰে।