জাগীৰোডত বিজেপিৰ কাৰ্য্যকৰ্তা সন্মিলন : : মুখ্যমন্ত্ৰীৰ নৱ নিৰ্মিত থানা ভৱন উদ্বোধন : Jagoard bjp meeting

 জাগীৰোডত বিজেপিৰ কাৰ্য্যকৰ্তা সন্মিলন : : মুখ্যমন্ত্ৰীৰ নৱ নিৰ্মিত থানা ভৱন উদ্বোধন

Assam Bjp




জাগীৰোডত আজি ভাৰতীয় জনতা পাৰ্টি বিশাল কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত হৈ যায়

বিজেপি দলৰ কেবা হেজাৰ কৰ্মকৰ্তাৰ উপস্থিতত অনুষ্ঠিত কাৰ্যকৰ্তা সন্মিলনত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্থানীয় বিধায়ক তথা মন্ত্রী পীযূষ হাজৰিকা, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান দেউৰী, সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ মমিনুল আওৱালকে ধৰি বিজেপি দলৰ উচ্চস্তৰীয় বিষয়ববীয়া সকল ।


জাগীৰোড ক্ৰীড়া খেল পথাৰত অনুষ্ঠিত বিজেপিৰ কাৰ্য্যকৰ্তা সন্মিলন উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দলীয় কৰ্মীৰ উদ্দেশ্য ভাষণ প্ৰদান কৰে। বিষেশকৈ সাংবাদিকক সম্বুধি সৰ্বানন্দ সোণোৱালে অৰ্ণৱ গোস্বামীৰ প্ৰসংগ টানি আনে। মহাৰাষ্ট্ৰ চৰকাৰে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা কাৰ্যক মুখ্যমন্ত্ৰীয়ে গৰিহণা দিয়াৰ লগতে বিনাচৰ্তে মুক্তি দিবলৈও দাবী জনায়।

বিশাল বাইক ৰেলিৰ অন্তত অনুষ্ঠিত বিজেপিৰ কাৰ্য্যকৰ্তা সন্মিলিত মন্ত্ৰী পীযুষ হাজৰিকাইও নিজ দলৰ জয় গান গাই গল। বন্ধ হৈ থকা নগাঁও কাগজ কল পুনৰ পুনৰুজ্জীৱিত কৰাৰ বিষয়ে কোনো কথা নকলেও বিগত সময়ত কংগ্ৰেছে কৰি যোৱা সুতা কম্বলৰ ৰাজনীতিৰ কথা কবলৈ নাপাহৰিলে তেওঁ। ইফালে বিজেপিৰ কাৰ্য্যকৰ্তা সন্মিলনৰ পুৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি জাগীৰোডৰ নৱ নিৰ্মিত থানা ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। 



মৈত্ৰী আঁচনিৰ অধীনত আটকধুনীয়াকৈ নিৰ্মাণ কৰা জাগীৰোড থানাখনৰ দুৱাৰ মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ প্ৰতিখন থানাকেই এইদৰে সজাই পৰাই তোলাৰ কথা ব্যক্ত কৰে। নৱ নিৰ্মিত থানা উদ্বোধন অনুষ্ঠানত মুখ্যমন্ত্ৰীক সংগ দিয়ে মন্ত্ৰী পীযূষ হাজৰিকা, বিধায়ক ৰমাকান্ত দেউৰী, অধ্যক্ষ মমিনুল আওৱাল, ডি আই জি জেপি সিং, জিলা উপায়ুক্ত লীনা দাস, জিলা আৰক্ষী অধীক্ষক ড° নন্দ সিং বৰকলা সহ বহু বহু গন্য মান্য বিষয়া সকল।

কেমেৰামেন গাজিবুৰ ৰহমানৰ সহযোগত, জাগীৰোডৰ পৰা জুলহাছ আলী আহমেদৰ ৰিপৰ্ট

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.