এই দুখলগা ছবিখনলৈ মন কৰক, ঋণত পোত যোৱা এটা পৰিয়াল কি দৰে নিমিষতে নিঃশেষ হৈ গ'ল। family no more for Loan of Bank

এই  দুখলগা ছবিখনলৈ মন কৰক, ঋণত পোত যোৱা এটা পৰিয়াল কি দৰে নিমিষতে নিঃশেষ হৈ গ'ল।


অতি মৰ্মান্তিক, হৃদয়বিদাৰক আৰু দুখলগা এখন ছবি। গাৰ  নোম শিয়ঁৰি উঠা এই ছবিটিয়ে সম্প্ৰতি সকলো হৃদয়বান ব্যক্তিৰ বুকু ভেদি গৈছে। ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰ এখনত ঋণৰ বোজা সহিব নোৱাৰি সপৰিয়ালে আত্মহননৰ দৰে চৰম পন্থা বাছি লোৱা ঘটনাই সমগ্ৰ দেশকে জোকাৰি গৈছে। পুঁজিপতি গোষ্ঠীক আমাৰ চৰকাৰখনে ঋণ মাফ কৰি দিব পাৰে কিন্তু খাটি খোৱা মেহনতী জনতাৰ ঋণ কিয় মাফ কৰিব নোৱাৰে?...এই  দুখলগা ছবিখনলৈ মন কৰক, ঋণত পোত যোৱা এটা পৰিয়াল কি দৰে নিমিষতে নিঃশেষ হৈ গ'ল। কোকৰাঝাৰ জিলাৰ তুলসীবিল আৰক্ষী চকীৰ অন্তৰ্গত গোসাঁই গাওঁৰ নিৰ্মল পালৰ পাঁচজনীয়া সুখী পৰিয়ালটোৰ আটাই কেইজনেই আত্মহত্যা কৰে। ঋণৰ বোজা সহিব নোৱাৰি পৰিয়ালৰ সকলো সদস্যই আত্মহননৰ নিচিনা অন্তিম পন্থা অৱলম্বন কৰা ঘটনাই সম্প্ৰতি অসমৰ লগতে ভাৰত চৰকাৰৰ ফোঁপোলা স্বৰূপ আকৌ এবাৰ উদঙাই দিলে। 

Assamese News


বিশ্বগুৰুৰ আসন অলংকৃত কৰিবলৈ অগ্ৰসৰ হোৱা ভাৰতৰ নাগৰিকে আজি সামান্য কেইটামান টকাৰ কাৰনে এই দৰে সপৰিয়ালে আত্মহত্যা কৰাটো দুৰ্ভাগ্যজনক। এইটোৱেই প্ৰথম ঘটনা নহয়, এনেকুৱা ঘটনা প্ৰায়েই ঘটি থাকে আমাৰ এইখন কৃষি প্ৰধান ৰাষ্ট্ৰ ভাৰতবৰ্ষত। পিছে চৰকাৰ বাহাদুৰ ডেমকেয়াৰ। এশ তেত্ৰিশ কোটি জনসংখ্যাৰ দেশত এয়া তেনেই স্বাভাবিক ঘটনা বুলি ভাবিয়েই ছাগে আমাৰ বৰমূৰীয়া সকল হাত সাৱটি বহি আছে। আজি ৰজাই প্ৰজাৰ চিন্তা নকৰি কেৱল ধৰ্মীয় মেৰুকৰণত লাগি থকা পৰিলক্ষিত হৈছে। ধুতি-লুঙ্গি, মন্দিৰ-মছজিদ, ৰাম-ৰহিম, মিঞা, মোগল, সভ্যতা আদি বিষয়ক লৈ আমাৰ ৰাজনেতা সকলে সহজ-সৰল জনতাক ধৰ্মীয়ভাৱে আবেগিক কৰাৰত যেন উঠি পৰি লাগিছে, অথচ দেশৰ কোটি কোটি জনতা দুবেলা দুমুঠি অন্নৰ বাবে হাহাকাৰ কৰি ফুৰিছে। এটা কৰ্মৰ বাবে সাত সাগৰ তেৰ নদী পাৰ কৰিছে। 


ঋণৰ পৰা কিঞ্চিত সকাহ পাবলৈ কিমানযে হাবাথুৰি খাইছে সেয়া বৰ্ণনাতীত। দুখীয়া-দৰিদ্ৰ, কৃষক, শ্রমিক বনুৱা তথা ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ এটাই কথা যে অন্ন, বস্ত্র, বাসস্থান থাকিলেহে ধৰ্ম, শাস্ত্ৰ, আৰধনা-প্ৰাৰ্থনা আদি কৰিব পাৰিব। আজি ধৰ্মীয় মেৰুকৰণেৰে মূল বিষয়বস্তুৰ পৰা মানুহক আঁতৰাই ৰাখি কিছুমান অপ্ৰাসংগিক কথাত ব্যস্ত ৰখা হৈছে। আচলতে ধৰ্মৰ নামত ভাগ ভাগ কৰি ৰাজনীতি কৰাটো ৰাষ্ট্ৰ এখনৰ কাৰণে কেতিয়াও মঙ্গলদায়ক নহয় বা হব নোৱাৰে, ইতিহাস তাৰ জলন্ত সাক্ষী। গতিকে দেশৰ সৰু-বৰ সকলো ৰাজনৈতিক, অৰাজনৈতিক দল-সংগঠনে ধৰ্ম, জাত-পাতৰ ৰাজনীতি পৰিহাৰ কৰি প্ৰাকৃতিক সম্পদেৰে চহকী ভাৰতবৰ্ষৰ একতা, শান্তি আৰু প্ৰগতিৰ স্বাৰ্থত কাম কৰা উচিত।

*_জুলহাছ আলী আহমেদ_*

*_জাগীৰোড, মৰিগাঁও (অসম)_

*_দিনাংক : ০৩/ ১১/ ২০২০_*

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.