পাণ মছলা খায় যদি সাৱধান হওঁ‌ক!Be careful if you eat pan masala

 পাণ মছলা খায় যদি সাৱধান হওঁ‌ক!

Assamese News Times Guwahati


কৰ্কট ৰোগ সৃষ্টি কৰিবপৰা Chemical Magnesium Carbonate ৰ উপস্থিতি ধৰা পৰিছে ৪৩ টা পান মছলাত।মানৱ জীৱন পংগু কৰা বা জীৱশ্ৰেষ্ঠক মৃত্যুমূখলৈ ঠেলি দিয়া কৰ্কট ৰোগ সৃষ্টি কৰা এই পান মছলাবোৰৰ তথ্য পোহৰলৈ আহিছে।

ৰজনীগন্ধা,বিমল,চিখৰ,কমলা পছন্দ,ছিগনে'চ্চাৰ আদিকে ধৰি মুঠ ৪৩ বিধ পান মছলাত কৰ্কট ৰোগ সৃষ্টি কৰা

Chemical Magnesium Carbonate ৰ উপস্থিতিৰ কথা স্বীকাৰ কৰিছে  The Office of the Commissioner of food safety য়ে।

চৰকাৰৰ এই ক্ষেত্ৰত কিমান সচেতনতা আছে।এই পানমছলা বনোৱা উদ্যোগবোৰ,সেইবোৰৰ বিক্ৰীকেন্দ্ৰবোৰকো চৰকাৰেই অনুমতি প্ৰদান কৰি মানুহৰ জীৱনৰ লগত হেতালি খেলিছে।

Commissiner of food safety ,M. Goswami য়ে অভিযোগনামা দাখিল কৰা affidavit ত (PIL No-19/2020) উল্লেখ থকা অনুসৰি,৪৩ টা পানমছলাৰেই নমুনা সংগ্ৰহ কৰা হৈছিল আৰু আটাইকেইটাৰে পৰীক্ষাত MgCo 3 ধৰা পৰিছে।

বিজ্ঞানসন্মত গৱেষণাইও প্ৰমাণ কৰিছে যে,এই পানমজলাবোৰে উগ্ৰ hyper magnesia, cardiac arrest আৰু cancer ৰ সৃষ্টি কৰিছে।

Food Safety ৰ বিধিৰ অধীনত এই পানমছলাৰ বাধা আৰোপ কৰা হৈছে যদিও সফল হৈছৈ জানো।

পানমছলা বিক্ৰী কৰাটো Section 26 of the Food  Safety & Standards Act 2006 আৰু লগতে regulations 2,3,4 of the Food Safety and Standards(Prohibition and Restriction on Sales)Regulations,2011 ৰ ভংগ কৰাটো স্পষ্ট।

পিছে এই পানমছলাৰ উংপাদনকাৰীয়ে ৰমৰমীয়া বেহা চলাই আছে।

যোৱাবছৰত বিহাৰ চৰকাৰেও মহাৰাষ্ট্ৰ আৰু ৰাজস্থানৰ সৈতে পানমছলাৰ বিৰুদ্ধে যুজ দিছিল।

 অসম চৰকাৰে ইয়াৰ ওপৰত কঠোৰ স্থিতি নললে আমি আমাৰ কিমানজন আপোনক হেৰুৱাব লাগিব!

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.