" বাৰ লাখ টকাৰ বিনিময়ত এজনী ধর্ষিতা ছোৱালীক বিয়া কৰালে কোনে ? I married a girl for 12 lakh money

বাৰ লাখ টকাৰ বিনিময়ত এজনী ধর্ষিতা ছোৱালীক বিয়া কৰালে কোনে ? I married a girl for 12 lakh money

 সুন্দৰ এটি কাহিনী সকলোকে এবাৰ পঢ়ি চাবলৈ অনুৰোধ জনালো 

Assamese story


বাৰ লাখ টকাৰ বিনিময়ত এজনী ধর্ষিতা 

ছোৱালীক বিয়া কৰিলো । মোৰ দেউতা-মা,আত্মীয় স্বজন সকলোৱে বিয়াখন সুখী হৈ মানি লৈছে। ময়ো মানি লৈছো। যত দহ লাখ টকাৰ কথা তাত নামানি  উপায় আছে?

ছোৱালীৰ পৰিয়ালেও বহু ডাঙৰ এটা আপদ বিদায় কৰিব পাৰিছে। সেইবাবে সকলোৱেই অত্যন্ত আনন্দিত। যেতিয়া ছোৱালীজনীক বিদায় দিলে,তেতিয়া তাইৰ  মা দেউতাৰ চকুত পানী দেখাৰ সলনি  তেওঁলোকৰ চকুত সুখৰ বন্যা বৈ যোৱা দেখিছো। ভাবিলো ছোৱালীজনীক ঘৰৰ পৰা  বিক্রি কৰি দিয়া হৈছে। 

ফুলশয্যাৰ ঘৰত সোমাইয়ে ছোৱালীজনীক চিধাচিধি কৈ দিলো। মই কোনোদিনে এজনী ধর্ষিতাক নিজৰ পত্নী হিচাপে মানি নলওঁ। আপুনিও  মোক কোনোদিন স্বামী বুলি ভাবিবলৈ বৃথা চেষ্টা নকৰিব , স্পৰ্শ কৰাৰ চেষ্টা নকৰিব। মই আপোনাক বিয়া কৰিছো কেৱল টকাৰ বাবে। মোৰ পৰিয়ালৰ বাৰ লাখ টকাৰ ঋণ আছিল। সেইবাবেই আপোনাক বিয়া কৰিবলগীয়া হৈছে। পত্নী হিচাপে অধিকাৰ দিম,ভালপাম,মৰম কৰিম এইবোৰৰ বাবে আপোনাক বিয়া কৰা নাই। মই জানো ছোৱালীজনীক হাজাৰ কটু কথা কলেও তাই একোকে নকব । কাৰণ তাইৰ আৰু যাবলৈ ঠাই নাই । তাইৰ  মা দেউতাই তাইক আৰু তেওলোকৰ ঘৰখনত আশা নকৰে। সেইটো তেওঁলোকৰ আনন্দে ভৰা মুখ দেখিয়েই বুজিছিলো।

ফুলশয্যাৰ ৰাতি নিজৰ পত্নীৰ  চকুত পানী দেখি হয়তো বহুতৰে বেয়া লাগিব পাৰে। কিন্ত মোৰ নালাগিল। ছোৱালীজনীক যেতিয়া দেখিলো চকুৰে  একেৰাহে পানী বৈ আছে। তেতিয়া তাইৰ চকুপানী  মুছি দিব ইচ্ছা হৈছিল। কিন্তু মই নোৱাৰিলো। তাই যেনেকৈ বহু আশা লৈ,তীব্র আকাঙ্ক্ষা লৈ এই নিশাটোৰ বাবে বহুকাল ধৰি অধীৰ আগ্রহেৰে অপেক্ষা কৰিছে। ময়ো তেনেকৈ দিনৰ পিছত দিন,মাহৰ পিছত মাহ,বছৰৰ পিছত বছৰ এই মৌসনা নিশাটিৰ বাবে অপেক্ষা কৰিছো। কিন্তু কেতিয়াওঁ ভবা নাছিলো এজনী ধর্ষিতা মোৰ পত্নী হব। ছোৱালীজনী সেই নিশা টোপনি যাব নোৱাৰিলে  সেইটো মই জানো। তাই মোক লৈ অনেক স্বপ্ন সজাইছিল নিজৰ হৃদয় মন্দিৰত। ভাবিছিল স্বামীৰ ভালপোৱাৰে তাইৰ অতীততৰ সমস্ত বেদনা,হতাশা সকলোকিছু পাহৰি নতুনকৈ জীৱন আৰম্ভ কৰিব। কিন্তু ময়ো তো মোৰ স্বপ্ন ভংগৰ নিশাটো তো বিনিদ্ৰ ৰজনী কটাইছো । 

বিয়াৰ দুদিন মান পিছতেই ছোৱালীজনীৰ জীৱন সংগ্রাম আৰম্ভ হয়। সাধাৰণ এজনী ছোৱালীয়েও প্রথম কিছুদিন শহুৰ ঘৰত সংগ্রাম কৰিব লাগে । তাতে এজনী দাগ লগা ছোৱালী অকণ বেছিয়েই সংগ্রাম কৰিব লাগিব। পৰিয়ালৰ সকলোৱেই টকাৰ বাবে তাইক বোৱাৰী কৰি আনিছে। মোৰ বাৰু  তাইক ভাল নালাগে,কাৰণ তাইৰ সৈতে মোৰ ৰাতি থাকিব লগীয়া হয়। কোনো মানুহেই নিবিচাৰে এজনী ধর্ষিতা ছোৱালীৰ সৈতে একেখন বিছনাত থাকিব। কিন্তু মোৰ পৰিয়ালে  তাইক কিয় দেখিব ইচ্ছা নকৰে,ভাল নাপায় সেইটো মই নাজানো । তাইৰ টকা ভাল লাগে কিন্ত তাইক ভাল নালাগে ।

Assamese story


যি লৰাটোক নিয়মিত পতিতালয়ত যোৱা দেখিছো। সেই লৰাটোও মোক দেখি মুখ বেকা কৰি চাই থাকে । বুজাব বিচাৰে টকাৰ বিনিময়ত মই এজনী ধর্ষিতা ছোৱালীক বিয়া কৰিছো। অফিচত যাব ভাল নালাগে,খাৱ ভাল নালাগে। কোনো কিছুই ভাল নালাগে। 

কৰবালৈ ঘূৰিব ফুৰিবও যাব পৰা নাই । পিছফালে কোনোবাই যদি কৈ দিয়ে  ,ঐ চা ছোৱালীটো ধর্ষণৰ স্বীকাৰ হৈছিল। পিছত টকাৰ বিনিময়ত তাইক বিয়া কৰিছে। 

পৰহিলৈ এটা পার্টি আছে,যত মোৰ সকলো বন্ধু,বান্ধবীবোৰ আহিব। সকলোৱেই সকলোৰ প্ৰিয় মানুহক লৈ আহিব। কিন্তু মই কাক লৈ যাম?

নিজৰ পত্নীক?

যাক মই কেতিয়াওঁ ভালেই পোৱা নাই। 

তথাপিও মই মোৰ পত্নীক  লৈয়েই পার্টিত যোগ দিলো। তাই যাব নিবিচাৰিছিল । বিয়াৰ পিছৰে পৰা কোনোদিন তাই ঘৰৰ বাহিৰলৈ ওলোৱা নাই । হয়তো বা সেই দিনাৰ ভয়টো এতিয়াও তাইৰ মাজত আছে। ময়েই তাইক জোৰকৈ লৈ আহিছো।এটা চুকত থিয় হৈ থাকিব কলো । মই মোৰ বন্ধুসকলৰ সৈতে অকণ আড্ডা দিয়াৰ বৃথা চেষ্টা কৰিছিলো। 

কিছুক্ষণ পিছত লক্ষ্য কৰিলো তাইক যত থিয় দি থাকিব কৈছিলো তাই তাত  নাই। পাঁচ মিনিট বিচৰাৰ পিছত দেখিলো তাই মোৰ বন্ধুবৰ্গৰ সৈতে কথা পাতি আছে। ভালেই লাগিছিল,ভাবিলো কাৰো সৈতে কথা কলে মনটো পাতল হলে বেয়া কি?কিন্তু অলপ আগুৱাই  যেতিয়া তাইৰ কাষলৈ গলো তেতিয়া দেখিলো তাইৰ কলা চকুযুৰি অশ্ৰুৰে ভিজি গৈছে।


মই কাষলৈ যাওঁতেই মোৰ এক বান্ধৱীয়ে কলে,তুমি কেৱল টকাটোকেই দেখিলা?

আৰু এইবাবেই বোধহয় জানি শুনি এজনী ধর্ষিতা ছোৱালীক বিয়া কৰিলা। এজন স্বামী হিচাপে সকলোৱে বিচাৰে তাৰ পত্নী পবিত্র হওঁক। সি ব্যতীত আৰু আন কোনেও যাতে তাইক স্পর্শ নকৰে। কিন্তু তোমাৰ ক্ষেত্রত তো সম্পূৰ্ন পৃথক। দেখি শুনিয়েই এজনী অপবিত্ৰ ছোৱালীক বিয়া কৰিলা।

আৰু এজন বন্ধুৱে তো কৈয়েই পেলালে। ছোৱালী যদি ভার্জিন নহয় তেনেহলে ফুলশয্যাৰ ৰাতি enjoy কৰি ভাল নালাগে । তুমি বন্ধু জীৱনত বহু ডাঙৰ এটা ভুল কৰিছা। 

এবাৰ তাৰ পৰা গুচি আহিব বিচাৰিছিলো। আকৌ মনত পৰিল  মোৰ বাবে সহজ সৰল এজনী ছোৱালী অপমানিত হবলগীয়া হল। তাই তো পাৰ্টীত আহিব বিচৰা নাছিল।ময়েই জোৰ কৰি লৈ আহিছো  । সেয়ে কিবা কবলৈ ইচ্ছা হৈছিল।

বান্ধৱী তুমি কি কৈছিলা ?

প্রতিটি স্বামীয়েই বিচাৰে তাৰ পত্নী যাতে একবাৰে গাখীৰত ধোৱা হয়। তোমাৰ স্বামীয়ে বাৰু তেনেকুৱা এজনী ছোৱালী পাইছে ? যেনেকৈ তুমি কৈছা।

তুমি কিমানবোৰ লৰাৰ  লগত ৰুমডেট কৰিছা সেইয়া মই ভালদৰেই জানো। এবাৰ তুমি  প্রেগনেন্টও হৈছিলা , অবৈধ গৰ্ভপাত ও কৰাইছিলা?

এইয়া সঁচা নেকি?

মোৰ বান্ধৱীয়ে এটা কথাও নকলে। স্তব্ধ হৈ গৈছিল। 

আৰু বন্ধু তুমি কি কৈছিলা?

ভার্জিন নহলে enjoy কৰি ভাল নালাগে ।

সঁচাকৈ কোৱাচোন , তুমি বাৰু সেই enjoy টো পাইছানে?

যিটোৰ কথা মোক কলা ।

সি চুপ। কোনো কথা কব নোৱাৰিলে।

তুমি তোমাৰ ঘৈণীৰ  ডি এন এ টেস্ট কৰাই চাবা। তাৰপিছত মোক কবা,তোমাৰ ঘৈণী মোৰ ঘৈণীতকৈ  ভাল নে বেয়া।

এইখিনি কৈয়েই মই মোৰ পত্নীক লৈ গুচি আহো।

গুচি অহাৰ সময়তো মোৰ বন্ধু আৰু বান্ধৱীৰ মুখৰ পৰা  কোনো কথা বা উত্তৰ নোলাল।

মোৰ বাবেই আপুনি সকলোৰ সন্মুখত সৰু  হবলগীয়া হল। মোক ক্ষমা কৰিব।

মই কোনো কথা নকৈ তাইৰ হাতত ধৰিলো ।

মই ইমানদিন বুজিব নোৱাৰিলো। নুবুজি তোমাক বহু কষ্ট দিলো,বেয়া ব্যবহাৰ কৰিলো। সেইবাবে মই তোমাৰ ওচৰত লজ্জিত।

কথা দিছো আজিৰ পৰা তুমিয়েই মোৰ সকলো। তোমাক লৈয়েই মই মোৰ বাকিখিনি জীৱন অতিবাহিত কৰিব বিচাৰো । 

ছোৱালীজনীয়ে ভয়ক জয় কৰি মোক সাৱটি ধৰিলে।  ময়ো তাইক সাৱটি  নধৰাকৈ থাকিব নোৱাৰিলো । মই তাইৰ চকুত পৃথিৱীৰ সমগ্ৰ সুখ দেখিব পাৰিলো। মই ভাবিলো  তাই মোৰ পৰা বেছি একো নিবিচাৰে । কেৱল অকণ ভালপোৱা বিচাৰে ।

আৰু মই যে ইমানদিন সেই ভালপোৱাখিনিয়েই দিব নোৱাৰিলো।

যিটো পোৱাৰ অধিকাৰ কেৱল তাইৰ আছিল।

ধর্ষিতাক নহয়, ধর্ষকক ঘৃণা কৰা উচিত

 পঢ়ি ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব

✍️Tamanna✍️Aminur✍️

Post a Comment

Previous Post Next Post

People Like