কিমান দুৰ সফল হ'ব অৰুণোদয় আচঁনি ? নিৰ্বাচনৰ টুপ নেকি এই আচঁনি ?

 কিমান দুৰ সফল হ'ব অৰুণোদয় আচঁনি ? নিৰ্বাচনৰ টুপ নেকি এই আচঁনি ? ৩১ মাৰ্চলৈহে কিয় সৰধৰ কৰিছে বিজেপি চৰকাৰে ? এইয়া ৰাইজে দিব উত্তৰ : কিন্তু এই আচনিৰ সৱিশেষ ভালদৰে বুজি নোপোৱাকৈ ভিৰ কৰিছে অনলাইন সেৱাত । আবেদন কৰা সকলোৱে নাপায় এই আচঁনিৰ ধন । প্ৰথমে জানো আহক ইয়াৰ লাভদায়ক নীতি নিয়ম আৰু সৱিশেষ ।

Assam Orunodoi Scheme 2021: Apply Online, Eligibility, Benefits & Form


ৰাজ্যৰ আৰ্থিকভাৱে পিছপৰা পৰিয়াললৈ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৮৩০ টকাৰ মাহিলী সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল ৷  যাৰ নাম দিছিল অৰুণোদয় । সেই আচঁনিৰ মতে ৰাজ্য চৰকাৰে ‘অৰুণোদয়’ আঁচনিৰ সবিশেষ তথ্য আৰু নিয়মাৱলী প্ৰকাশ কৰিছে।

বিত্তমন্ত্ৰীৰ বাজেট ভাষণৰ ১৫২ৰ পৰা ১৬৭ দফালৈ উল্লেখ কৰা অনুসৰি আৰ্থিকভাৱে পিছপৰা প্ৰতিটো পৰিয়াললৈ মাহিলী হিচাপত ৮৩০ টকাকৈ হিতাধিকাৰিৰ বেংকৰ জৰিয়তে নগদ ধন আগবঢ়োৱা হোৱাৰ কথা সদৰি কৰিছে ।

বহু লোকে এতিয়া ভিৰ কৰিছে অনলাইন সেৱা কেন্দ্ৰ নাইবা মৌজাদাৰ কাৰ্যালয় । কিন্তু সঠিক জ্ঞানৰ অভাৱত বঞ্চিত হৈছে এই আচনিৰ পৰা ।


গতিকে নিয়ম জনাটো বাধ্যতামূলক

নিয়মসমূহ কি কি ?

১) পৰিয়ালৰ যিগৰাকী মহিলাই ধন লাভ কৰিব, তেওঁৰ বয়স ১৮ বছৰ বা তাতকৈ বেছি হব লাগিব

২)প্ৰতিটো সমষ্টিৰ ১৫,০০০ পৰিয়ালক এই আঁচনিত অন্তৰ্ভুক্ত কৰা হ’ব ৷ যদি বিধানসভা সমষ্টিৰ জনসংখ্যা ২ লাখতকৈ অধিক হয় তেন্তে সেই সমষ্টিৰ ১৭,০০০ পৰিয়ালক হিতাধিকাৰীৰ নামহে সন্নিবিষ্ট হব ৷ 

৩) প্ৰতিমাহে ঔষধ ক্ৰয়ৰ বাবে ৪০০ টকা, ৪ কিলোগ্ৰাম দালি ক্ৰয় কৰাৰ বাবে ২০০ টকা, ৪ কিলোগ্ৰাম চেনি ক্ৰয় কৰাৰ বাবে ৮০ টকা, পাচলি আৰু ফল-মূল ক্ৰয়ৰ বাবে ১৫০ টকা , মুঠ ৮৩০ টকাকৈ প্ৰতিটো পৰিয়ালক প্ৰতিমাহে প্ৰদান কৰা হ’ব ৷ 

৪) আবেদন কৰোতাৰ পৰিয়ালৰ বাৰ্ষিক আয় ২ লাখ টকাতকৈ কম হ’ব লাগিব ৷ 


৫) হিতাধিকাৰীৰ বেংক একাউন্ট থকাটো বাধ্যতামূলক ৷

৬ ) যিবোৰ পৰিয়ালত বিধৱা, বিবাহ বিচ্ছেদ কৰা মহিলা, অবিবাহিত মহিলা বা বিশেষভাৱে সক্ষম লোক আছে, তেওঁলোকে প্ৰথমে অগ্ৰাধিকাৰ পাব ।

৭) কোনো পৰিয়ালত মহিলা সদস্য নাথাকে, তেনে পৰিয়ালে এই আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত হব

৮) চৰকাৰী চাকৰিয়াল, অৱসৰপ্ৰাপ্ত চাকৰিয়াল, চিকিৎসক, চৰকাৰী বিষয়া , উকিল , অভিযন্তা আদি পৰিয়ালৰ লোক থকা কোনো পৰিয়ালেই এই আচনিৰ সুবিধা লাভ নকৰিব ।

৯) ১৫ বিঘাতকৈ বেছি মাটি থকা খেতিয়ক পৰিয়াল, ট্ৰেক্টৰ থকা পৰিয়াল, যিকোনো চাৰিচকীয়া বাহন থকা পৰিয়াল, ৰিফ্ৰিজাৰেটৰ , ৱাচিং মেচিন বা এয়াৰ কণ্ডিশ্যনাৰ থকা পৰিয়ালে আঁচনিৰ সুবিধা গ্ৰহণ কৰিব নোৱাৰিব ৷ যদি ভুল তথ্য দিয়ে তেন্তে ধৰা পৰিলে দিব লাগিব জৰিমনা ।

১০) অহা এবছৰলৈ এই আঁচনি প্ৰযোজ্য হৈ থাকিব ৷ মানে ৩১ মাৰ্চ, ২০২১লৈ আঁচনি বাহাল থাকিব ৷ অৰ্থাৎ নিৰ্বাচন হোৱাৰ পিছতেই ইয়াৰ অন্ত পৰিব কিয় ? সেৱা এক ডাঙৰ প্ৰশ্ন ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.