সুখবৰ!কেৱল দুখীয়াই নহয়,এই লোকসকলেও আয়ুসমান ভাৰত আচনিৰ সুবিধা লাভ কৰিব পাৰিব : Ayushman Bharat Pradhan Mantri Jan Arogya Yojana

Ayushman Bharat Pradhan Mantri Jan Arogya Yojana


সুখবৰ!কেৱল দুখীয়াই নহয়,এই লোকসকলেও আয়ুসমান ভাৰত আচনিৰ সুবিধা লাভ কৰিব পাৰিব।

আয়ুসমান ভাৰত আচনিৰ যোগেদি দেশৰ দুখীয়া শ্ৰেণীৰ লোকসকলে উন্নত স্বাস্থ্য যতনৰ সা-সুবিধা লাভ কৰে।কিন্তু,এতিয়া এই আচনি কেৱল দুখীয়াসকলৰ কাৰণেই সীমাবদ্ধ নহব।দৰিদ্ৰ সীমাৰেখাৰ উৰ্দ্ধৰ নাগৰিকসকলেও ইয়াৰ সা-সুবিধা লাভ কৰিব পাৰিব।চৰকাৰে এই প্ৰস্তাৱৰ অনুমোদন জনাইছে।

চৰকাৰে আয়ূসমান ভাৰতৰ যোগেদি দেশখনৰ 10.74 কোটি পৰিয়াললৈ বিনা খৰছত 5 লাখ টকালৈকে যোগান ধৰে।ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষ ই এতিয়া 'মিছিং মিদ্ল' অৰ্থাৎ ঢুকি নোপোৱা আচনিবোৰক ঢুকি পাবলৈ এই আচনিখনলৈ এক সেউজ সংকেত দিছে।

Apply Now

আয়ূসমান ভাৰত আচনিৰ সম্প্ৰসাৰণে সেইসকল লোকক উপকাৰ সাধিব যিসকল আত্মনিয়োজিত বৃত্তিধাৰী , ক্ষূদ্ৰ আয়ৰ ব্যৱসায়ী নাইবা অনিয়মিত খণ্ডত কাম কৰা লোক।চৰকাৰে কৈছে যে আচনিখন পাইলট প্ৰজেক্টৰ দৰে 'মিছিং মিদল' লোকসকলক দিয়া হ'ব।তাৰপাছত কি হ'ব ন'হব আমি গম পাম।

আটাইবোৰ স্বাস্থ্য আঁ‌চনিয়ে 'আয়ুস্মান' সামৰি ল'ব।

ইয়াৰবাহিৰেও,ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষ পৰিষদে কৰ্মচাৰীসকলৰ কাৰণে আয়ুসমান ভাৰত প্ৰধান মন্ত্ৰী জন যোজনাৰ লগত কেন্দ্ৰৰ বৰ্তমান স্বাস্থ্য আচনিবোৰৰ চামিলকৰণক অনুমোদন জনাইছে।ই চৰকাৰী স্থায়ী আৰু ঠিকাভিত্তিক কৰ্মচাৰীকো সামৰি লৈছে।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.