কিদৰে আপুনি এখন পাণকাৰ্ডৰ আৱেদন কৰিব পাৰিব। Apply for pancard online

 

Apply for pancard online

পাণ কাৰ্ড(PAN Card)খন বৰ্তমান আমাৰ জীৱনৰ এক উল্লেখযোগ্য দস্তাবেজ হৈ পৰিছে।বেংক একাউণ্ট খুলাৰ পৰা আয়কৰ জমা দিয়া আদি বিভিন্ন কামৰ বাবে পাণ কাৰ্ডখনৰ প্ৰয়োজন হয়। কিন্তু যদি আপুনি এতিয়াও এখন পাণকাৰ্ড বনোৱা নাই, তেন্তে আমি আনিছো আপোনাৰ বাবে এক ভাল খবৰ।এতিয়া আপুনি মাত্ৰ ১০ মিনিটতে আপোনাৰ পাণকাৰ্ডখন পাব পাৰিব। ইয়াৰ প্ৰক্ৰিয়াও অতি সহজ।


তেন্তে আহক আমি কথা পাতো কিদৰে আপুনি এখন পাণকাৰ্ডৰ আৱেদন কৰিব পাৰিব।

•সৰ্বপ্ৰথম আপুনি (E)ত যাব লাগিব।


•তাত আপুনি Instant PAN through Aadhaar অপচনত ক্লিক কৰিৱ লাগিব।


•তাৰ পিছত এখন নতুন পেজ অপেন হ'ব য'ত আপুনি Get New Pan অপচনত ক্লিক কৰিব লাগিব।


•নতুন পেজত আপুনি আপোনাৰ আধাৰ নম্বৰ সন্নিৱিষ্ট কৰক আৰু Confirm অপচনত ক্লিক কৰক।


•পঞ্জীকৃত মবাইল নম্বৰত OTP ভেৰিফিকেশ্যন কৰিব।


•ভেৰিফিকেশ্যনৰ পাছত আপোনাক এখন e - PAN জাৰি কৰি দিয়া হ'ব।


•ইয়াত আপুনি পিডিএফৰূপে আপোনাৰ পাণকাৰ্ডখন পাব।


       উল্লেখ্যযোগ্য যে আয়কৰ বিভাগৰ ৱেবচাইটৰ জৰিয়তে কেৱল ১০ মিনিটতে e - PAN পাব পৰা যায়। ইতিমধ্যে ৬.৭ লাখ লোকে এই Instant PAN Cardৰ বাবে আৱেদন কৰিছে।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.