স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীলৈ ভাৰত চৰকাৰৰ ৰত্নপ্ৰিয়া স্কলাৰশ্বিপ
দেশখনক কৰোনাই জুৰুলা কৰা বেদনাদায়ক দিনবোৰৰ মাজতেই ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়য়ে ছাত্ৰ-ছাত্ৰীৰ মূখত হাহী বিৰিঙাইছে।
প্ৰতিবছৰেই ভাৰত চৰকাৰে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকলক পঢ়া-শুনাত আৰ্থিকভাৱে সহায় কৰিবলৈ স্কলাৰশ্বিপ দি আহিছে।ভাৰতচৰকাৰে ভিন ভিন ধৰণে স্কলাৰশ্বিপবোৰ ছাত্ৰছাত্ৰীক দি আহিছে।সেইবোৰৰ ভিতৰত ৫ টা স্কালাৰশ্বিপে আপোনাক বিশেষ অনুভৱ দিব যিকেইটা স্কুলপৰ্যায়ৰপৰা ইউনিভাৰচিটি পৰ্যায়লৈকৈ সকাহ দিব পাৰে।
এতিয়া সেই ৫ টা স্কলাৰশ্বিপ কেনেধৰণৰ জানো আহক-
১। Central Sector Scheme Of Scholarship
ইয়াক দিয়া হৈছে দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছৰ পৰ্যায়ত।
অৰ্থাৎ কলেজ বা ইউনিভাৰচিটি পৰ্যায়ত।অৰ্থনৈতিকভাৱে দুৰ্বল মেধাৱী ছাত্ৰছাত্ৰীসকলক এইটো স্কলাৰশ্বিপ দিয়া হয়।
২।National Means Cum Merit Scholarship
ইয়াক দিয়া হয় অষ্টম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত। আৰ্থিকভাৱে দুৰ্বল মেধাবী ছাত্ৰ-ছাত্ৰীক দেশখনৰ প্ৰায় একলাখ ছাত্ৰ-ছাত্ৰীক এই স্কলাৰশ্বিপ ১২ হাজাৰকৈ দিয়া হয়।ইয়াৰকাৰণে অক্টোবৰৰপৰা আগষ্টৰ ভিতৰত National Scholarship Portal ৰ দ্বাৰা অনলাইনত আবেদন কৰা হয়।আৰু selection test দিব পাৰিব ৭ ম শ্ৰেণীত নূন্যতম ৫৫% পাব লাগিব আৰু ৮ ম শ্ৰেণীত নূন্যতম ৫৫%।
৩। AICTE Pragati Scholarship
এইটো দিয়া হয় কেৱল ছাত্ৰীকহে।প্ৰতিবছৰে ৫,০০০ জনীক দিয়া হয় ৫০,০০০ টকাকৈ। চেপ্তেম্বৰৰপৰা অক্টোবৰৰ ভিতৰত ইয়াৰ বাবে আবেদন কৰা হয় National Scholarship Portal ৰ দ্বাৰা অনলাইনত।এই scholarship দিয়া হয় first year বা second year ৰ technical degree বা diploma course কৰা সকলক যাৰ ঘৰৰ আয় বছেৰেকত ৮ লাখৰ অধিক নহয়।
৪। AICTE Saksham Scholarship
এই স্কলাৰশ্বিপ দিয়া হয়specially abled সকলক যি technical degree বা diploma course কৰি আছে।ইয়াৰ পৰিমাণ হৈছে ৫০,০০০ টকা।ইয়াৰ বাবে চেপ্তেম্বৰৰপৰা অক্টোবৰৰ ভিতৰত National Scholarship Portal ৰ দ্বাৰা অনলাইনত আবেদন কৰা হয়।৪০% দিব্যাংগ হলেহে ইয়াক দিয়া হয় আৰু বাৰ্ষিক আয় ৮ লাখৰ অধিক হ'ব নোৱাৰিব।
৫। Pradhan Mantri Research Fellowship
ইয়াক দিয়া হয় PhD কৰি থকা student ক।প্ৰতিমাহে স্টাইপেণ্ড হিচাপে ৮০,০০০ টকা দিয়া হয়।
How to apply this scholarship
ReplyDelete