গৰ্ভপাত কৰিবলৈ আহি পুৰনা প্ৰেমিকৰ হাতত ধৰা পৰিল : তাৰ পিছত ? Assamese true love story

 

Times Guwahati Assamese true love story

আজি প্রায় চাৰি বছৰ পিছত মোৰ গার্লফ্রেন্ড মিতু মোৰেই হস্পিটাললৈ আহিল এবৰশন কৰাব।  তাই মোক দেখিয়েই থৰ হৈ ৰ'ল। তাই হয়তো নাজানিছিল মই এইখন হস্পিটালত আছো।  প্রায় চাৰি বছৰে মই যাক পাগলৰ দৰে বিচাৰিলো তাক অৱশেষত এইদৰে দেখা পাম সেইয়া অবাকৰ চৰম সীমান্তত উপস্থিত হোৱাৰ দৰেই । আজিৰ পৰা প্রায় চাৰি বছৰ আগেয়ে যেতিয়া মই মেডিকেলত পঢ়ি আছিলো তেতিয়া মিতুৰ সৈতে মোৰ ৰিলেছন আছিল। তাত লিখা পঢ়া  শেষ কৰি তেতিয়া লণ্ডনলৈ গলো ,উচ্চ শিক্ষিত হৈ মিতুৰ ঘৰৰ সন্মুখত যোগ্য পাত্ৰ হৈ থিয় হম বুলি। যোৱাৰ সময়ত মিতুয়ে মোক বহুবাৰ কৈছিল তাইক এনেকৈ অকলশৰীয়া কৈ এৰি থৈ নাযাবলৈ। তাইক হেনো ঘৰৰ পৰা বিয়াৰ বাবে চাপ দিছে। কৈছিলো আৰু মাত্ৰ দুবছৰ কিবাকৈ মেনেজ কৰা, তাৰপিছত মই তোমাৰ যোগ্য পাত্ৰ হৈ তোমাৰ পিতৃৰ সন্মুখত থিয় দিম। সিদিনা তাই মোৰ হাতত ধৰি কলে দুবছৰ মেনেজ কৰিব পাৰিম নে নাই  নাজানো, তথাপি এইটো জানো তোমাক এৰি মই থাকিব নোৱাৰিম।

যেতিয়া মই গুচি গলো প্ৰথম এবছৰ তাইৰ সৈতে যোগাযোগ ভালে থাকিলেও ,পিছত কিয় জানো মিতুয়ে মোৰ সৈতে কমকৈ কথা কৈছিল।হঠাতে তাইৰ সৈতে যোগাযোগ বন্ধ হৈ যায়। তাৰ পিছৰে পৰা  আৰু আমাৰ দুয়োৰে  যোগাযোগ নহ'ল।যেতিয়া দেশলৈ উভতি আহিলোঁ তেতিয়া মিতুক মই পাগলৰ দৰে  বিচাৰিছোঁ। সিহঁতে ঘৰো চেইঞ্জ কৰি পেলাইছিল। তাইৰ সম্পৰ্কে তাইৰ বহু বান্ধৱীকো সুধিছিলো । সিহঁতেও একো  নাজানে।  তাইক বহু দিন বিচাৰিছিলো  কিন্তু পিছত যেতিয়া জানিব পাৰিলো যে তাইৰ বিয়া হৈ গল, তেতিয়া যেন মোৰ মূৰত আকাশখন ভাঙি পৰিল। মিতুয়ে কেনেকৈ কৰিব পাৰিলে? তাই আৰু অলপ দিন  অপেক্ষা কৰিব নোৱাৰিলে? এয়াই আছিল হয়তো মোৰ প্রতি তাইৰ ভালপোৱা? নিজকেও তেতিয়া মোৰ অপৰাধী যেন লাগিছিল। কাৰণ তাইৰতো কোনো দোষ নাই। এজনী ছোৱালীৰ কিমানেই বা চাপ সহ্য কৰাৰ ক্ষমতা থাকে? মোৰেই ভুল হৈছিল তাইক অকলশৰীয়া কৈ পেলাই থৈ যোৱাটো । কিন্তু মোৰো যে একো কৰাৰ উপায় নাছিল।

কাৰণ তাইক পাবলৈ হলে মই তাইৰ যোগ্য পাত্ৰ হৈ উঠিব লাগিব। কিন্তু নিয়তিৰ কি খেল গোটেই বছৰ গছ পৰিচর্য্যা কৰি ফল ধৰাৰ সময়ত গছজোপা ভাঙি গল। জীৱনত কি পাপ কৰিছিলো নাজানো, যাৰ শাস্তি মই এনেদৰে পাবলগীয়া হল। তাৰপিছত মনে মনে সিদ্ধান্ত ললো গোটেই জীৱন চিৰ কুমাৰ হৈ কটাই দিম। কাৰণ মিতুৰ ঠাইত মই আন কাকো কোনোদিনে কল্পনা কৰা নাই, নকৰো, আৰু কৰিবও নোৱাৰিম। কাৰণ তাইৰ প্রতি মোৰ ভালপোৱাটো আছিল অন্য আঠ দহটা ভালপোৱাতকৈ পৃথক। মিতুৰ ঠাইত অন্য কাকো সেই অধিকাৰ দিব পাৰিম নে নাই  নাজানো। এনেদৰে পাৰ হল  আৰু দুটি বছৰ। আজি মই চহৰৰ ডাক্তৰসকলৰ  মাজৰ এজন। তথাপিও মোৰ হৃদয়ত কিবা এটা অপূৰ্ণ হৈ থাকিল। চাৰি বছৰ আগৰ সেই স্মৃতিবোৰে আজিও মোৰ হৃদয়ৰ মাজত গাথি থৈছো। কিন্তু আজি মই মিতুক এইদৰে দেখা পাম সেয়া কোনোদিনে কল্পনাও কৰা নাই।

 এই চাৰি বছৰে কোনো পৰিৱর্তন নহল ছোৱালীজনী, একদম আগৰ দৰেই আছে। ভাবিছিলো স্বামীৰ সংসাৰত তাই বহু সুখতেই আছে। তেনেহলে  তাই আজি কিয় এভৰ্শন কৰাৰ বাবে মোৰ ওচৰলৈ আহিল। বাচ্চা তো সৃষ্টি কর্তাই দিয়া এটা  শ্ৰেষ্ঠ উপহাৰ। তেনেহলে কিয় তাই....। অন্য কিবা ভাবিবলৈ মোৰ বিবেকে বাধা দিছে, কাৰণ মিতুৰ চৰিত্রত মই কোনোদিনে একো বেয়া  দেখা নাই।  ফুলৰ দৰে পবিত্র আছিল মোৰ সেই মিতু। দেখিছিলো মিতু অকলে আহিছে। ভাবিছিলো নিশ্চয় কিবা গণ্ডগোল আছে নহলে কোনো নাথাকিলেও অন্তত স্বামীতো সেই সময়ত তাইৰ কাষত থাকিব লাগে । তাইক লৈ পৃথক এখন ঠাইত গৈ বহিলোঁ। মাথা তল কৰি আছে ,তাই কোনো কথা কোৱা নাই। তাইক মনৰ ভিতৰত জমা হৈ থকা আক্ষেপ বহু কিছুই কৈ পেলালো ।

তথাপিও ছোৱালীজনী মাথা তল কৰি আছে। যেতিয়া সুধিলো বাচ্চাটো কিয় নষ্ট কৰিব বিচাৰিছা ? তেতিয়া তাই কান্দোনৰত কন্ঠত উচ্চস্বৰত ক'বলৈ ধৰিলে, নহলে কি কৰিম মই? কি পৰিচয়ত তাক মই ডাঙৰ কৰিম? দিনৰ শেষত যেতিয়া সকলো সন্তানক সিহঁতৰ পিতৃ আহি ঘৰলৈ লৈ যাব তেতিয়া সি যদি মোক পিতৃৰ কথা সুধে , মই উত্তৰ কি বুলি দিম? পিতৃহীন পৰিচয় লৈ  সি  সমাজত ডাঙৰ হ'ব কেনেকৈ ? মই এইটো নিবিচাৰো । কেতিয়াওঁ  নিবিচাৰোঁ । তাই এক নিশ্বাসত সকলো কৈ গল।  অবাক দৃষ্টিত তাইৰ ফালে চাই সুধিলো , পিতৃহীন ডাঙৰ হব কিয় , তোমাৰ তো স্বামী আছে, যি তাৰ পিতৃ পৰিচয়ৰ বাবে যথেষ্ট। "ঘৃণা কৰো মই সেই কুকুৰৰ বাচ্চাক, সেই ধৰনৰ এটা অমানুহৰ পৰিচয় দি মই মোৰ বাচ্চাক ডাঙৰ কৰিব নিবিচাৰোঁ ।"

তাইৰ এই কথাখিনিত বুজিলো যে তাই স্বামীৰ ঘৰত তেন্তে সুখত নাই। নিশ্চয় কোনো অমানুষিকতাৰ কাৰণে তাইৰ জীৱনটো কিছুখিনি দুখৰ সাগৰত ভাঁহি আছে। মাজে মাজে মোৰ মনলৈও কিছু অজানা প্রশ্ন আহি  আঘাত দিয়ে। এজনী ছোৱালী নিজৰ পৰিয়ালক এৰি আত্মীয় স্বজন সকলোৰ মায়া ত্যাগ কৰি অচিনাকি এজন মানুহৰ ওচৰলৈ গুচি যায় ,গোটেই জীৱনৰ বাবে। তাৰ বিনিময়ত তাই কি অচিনা মানুহজনৰ ওচৰত অকণ ভালপোৱা আশা কৰিব নোৱাৰে? আশা নকৰে সুন্দৰকৈ ঘৰটোক সজাই অচিনা মানুহটোৰ হাতত ধৰি ওৰেজীৱন একেলগে থাকিব?


কিন্তু আমি বহু লৰাবোৰে সেয়া বিবেচনা নকৰি ,কেৱল পত্নী মানে এটা বৈধ ভোগৰ উদাহৰন হিচাপে বুজো। কিন্তু সকলো লৰাবোৰ একে নহয়। কিন্তু কিছুমান লৰা আছে যিসকল ইয়াৰ ব্যতিক্রম নহয়। তাইক সুধিলো , তোমাৰ এই সিদ্ধান্ত সম্পৰ্কে তোমাৰ স্বামীৰ  কোনো আপত্তি নাই নেকি? তাই এইবাৰ শান্ত কণ্ঠত কলে, মোৰ ডিভোর্স হৈ গৈছে।  "তুমি গুচি যোৱাৰ পিছৰে পৰা মই বহু দিন ঘৰত কিবাকৈ মেনেজ কৰিছিলো। কিন্তু দেউতাৰো তো এটা ধৈর্য্যৰ সীমা আছে।" হঠাতে এদিন দেউতাই মোক আহি কলে মোৰ হেনো  দুদিন পিছত বিয়া। লৰাৰ হেনো নিজস্ব বিজনেছ আছে। দেউতাক বহুবাৰ ৰিকোয়েস্ট কৰিছিলো, কিন্তু শেষত দেউতাৰ জেদৰ ওচৰত হাৰ মানিলো ।

অহাৰ পিছত তোমাক মই বহু বিচাৰিছো , নাপালো। পিছত যেতিয়া শুনিলো তুমি বিয়া কৰিছা  তেতিয়া মই নিজকে কিবাকৈ বুজাই পৰিস্থিতিৰ সৈতে নিজকে এডজাষ্ট কৰিলো। 

কিন্তু তোমাৰ ডিভোর্স হোৱাৰ কাহিনিটো কি? বিয়াৰ দুমাহ পিছতেই তাৰ দেউতা মানে মোৰ শহুৰ মৃত্যু হয়। তাৰ পিছৰে পৰা সি তাৰ যেনেকৈ ভাল লাগে তেনেকৈ চলিছিল । বাধা দিয়াৰ কোনো নাছিল। মই কিবা ক'লেই ওলোটাই মোৰ সৈতে কাজিয়া কৰিছিল। বহু ৰাতি কৈ ঘৰলৈ উভতে। জুৱা খেলি খেলি সকলো বোৰ সি বিক্রি কৰি দিলে।  পিছত যেতিয়া ঘৰখন বাদে আৰু একো বাকি নাথাকিল, তেতিয়া মোৰ ওপৰত প্রতি ৰাতিয়েই অত্যাচাৰ কৰিব ধৰিলে। কৈছিল দেউতাৰ পৰা  টকা নি দিবলৈ। দেউতাই তাক কেইবাবাৰো টকা দিছিলে। কিন্তু লাহে লাহে লোভৰ মাত্রাৰ সৈতে মোক অত্যাচাৰৰ মাত্রাও বাঢ়ি গল। তাৰপিছত ডিছিশন ললো তাৰ দৰে অমানুহৰ সৈতে আৰু নহব। তাৰ সৈতে ডিভোর্স হোৱাৰ পিছতে মই জানিব পাৰিলো মই মা হ'ব ওলাইছো।  তাইৰ কথাবোৰ শুনি মোৰ চকুৰ কোণত পানী জমা হ'ল । তেতিয়া সৰু বাচ্চা এটা আহি মোক আকোৱালি ধৰিলে।  তোমাৰ লৰাটো তো খুব ধুনীয়া।  মই এটা মিচিকিয়া হাঁহি মাৰি কলো, সি মোৰ লৰা নহয়। তাৰ মা এই হস্পিটালট ভর্তি হৈ আছে সেইবাবে সি মোক চিনি পায়। খুব দুষ্ট এটা লৰা, দুদিনৰ পৰিচয়তেই মোক তাৰ আপোন কৰি লৈছে।

-তোমাৰ কি কোনো লৰা নাই?

-ওম হুম আছে।

-বাৰু ব'লা মোৰ পলম হৈ গৈছে । মোৰ হাতত বেছি সময় নাই । এই বুলিয়েই খোজ ললে তাই ।

পিছফালৰ পৰা তাইৰ হাতখনত থাপ মাৰি ধৰি কলো, তুমি মোক এতিয়াওঁ  ভালপোৱা নে?

তাই মোলৈ অবাক দৃষ্টিত চাই আছে। চকুৰ কোণেৰে বৈ যোৱা পানীখিনি আৰু দ্বিগুন আকাৰ ধাৰন কৰিলে।

-তোমাৰ সেই পিতৃহীন বাচ্চাৰ দায়িত্বটো যদি মই ল'ব বিচাৰোঁ , দিবানে মোক সেই অধিকাৰ?

-তোমাৰ জীৱনক মই নতুনকৈ আকোৱালি তোমাৰ সজোৱা সংসাৰ নষ্ট কৰাৰ কোনো ইচ্ছাই মোৰ নাই। আৰু তুমি পাহৰিছা  তোমাৰো এটা বাচ্চা আছে।

-তুমি মোৰ কাষলৈ উভতি আহিলে তোমাৰ সেই সন্তানটোৱে হব মোৰ সন্তান। তুমি উভতি আহিলেই তোমাক লৈ গঢ়ি তুলিম এটা সৰু সংসাৰ। যিটো তুমি নিজ হাতেই সজাই লবা।

-তুমি কি এতিয়ালৈকে বিয়া কৰা নাই?

আঠুকাঢ়ি  বহি কলো, নাই। ধৰিবানে মোৰ এই হাতখন? কথা দিছো কোনোদিনে এৰি নাযাওঁ । আজীৱন ধৰি ৰাখিম তোমাৰ এই দুটি হাত। হৃদয়ত ৰাখিম গোটেই জীৱন। 

হৃদয় জুৰি আছা কেৱল তুমি প্রিয়

✍️Tamanna

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.