জিঅ', এয়াৰটেল আৰু VI ৰ নতুন প্লান - দিনে ৪ জিবি ডাটা !
উৎসৱৰ বতৰত টেলিকম কোম্পানীসমূহে ৰিচাৰ্জ প্লানসমূহৰে গ্ৰাহকক আকৰ্ষণ কৰাৰ বাবে নতুন নতুন প্লান ঘোষণা কৰিছে। আহক আমি জানো জিঅ', এয়াৰটেল আৰু VI য়ে গ্ৰাহকলৈ মুকলি কৰা নতুন প্লানসমূহৰ বিষয়ে -
এয়াৰটেল (Airtel)
এয়াৰটেলে ৬৯৮ টকাৰ প্লানত দিনে ২ জিবি ডাটা, আনলিমিটেড কল, ফ্ৰী হেল' টিউন, ১০০ এছ এম এছ আদিৰ সুবিধা প্ৰদান কৰিছে।৫৯৮ টকাৰ প্লানত দিনে ১ জিবিকৈ ৮৪ দিনৰ বাবে লাভ কৰিব পৰা যাব।
জিঅ' (JIO)
জিঅ'ত আপুনি ৫৯৯ টকাত ৮৪ দিনৰ বাবে দৈনিক ২ জিবি ডাটা আৰু ১০০ এছ এম এছৰ সুবিধা লাভ কৰিব। জিঅ'ৰ পৰা জিঅ'লৈ আনলিমিটেড কলিঙৰ লগতে নন জিঅ' নম্বৰলৈ ৩০০০ মিনিট কলিঙৰ সুবিধা থাকিব।
ভোডাফোন-আইডিয়া প্লান (VI)
ভোডাফোন-আইডিয়া অৰ্থাৎ VI ৰ এটা প্লান হৈছে ৬৯৯ টকাৰ য'ত আপুনি দিনে ৪ জিবিকৈ ডাটা পাব। আনলিমিটেড কলিঙ আৰু দিনে ১০০ এছ এম এছৰ লগতে অন্যান্য সুবিধা লাভ কৰিব পাৰিব। ৫৯৯ টকাৰ প্লানত ১.৫ জিবি ডাটা আৰু ৭৯৫ টকাৰ প্লানত ২ জিবি ডাটা পোৱা যাব।