নতুন গ্ৰাহক আইনক প্ৰভাৱী ৰূপত ৰূপায়িত কৰাৰ অৰ্থে গ্ৰাহক মন্ত্ৰালয়ে ই-দাখিল পৰ্টেল আৰম্ভ কৰিছে। ইয়াৰ দ্বাৰা আপুনি গ্ৰাহক সম্বন্ধীয় অভিযোগ অনলাইনত দাখিল কৰিব পাৰিব। এয়া নতুন গ্ৰাহক আইনৰ এক অংশ। ১৯৮৬ চনৰ আইনক নতুন ৰূপ দিয়াৰ অন্তৰালত থকা বিষয়টো হ'ল যোৱা ৩৪ বছৰত হোৱা পৰিৱৰ্তনসমূহৰ সৈতে গ্ৰাহকৰ অধিকাৰক দৃঢ়তা প্ৰদান কৰা। অনলাইনত বিভিন্ন কোম্পানীয়ে দিয়া ভ্ৰামক বিজ্ঞাপন অথবা অন্য বিভিন্ন অভিযোগৰ ওপৰত ব্যৱস্থা গ্ৰহণ এই আইনৰ অন্তৰ্ভুক্ত হ'ব।
আহক আমি জানো যে কিদৰে আপুনি ঘৰতে বহি অনলাইনত অভিযোগ দাখিল কৰিব পাৰিব।
গ্ৰাহক সুৰক্ষা আইন, ২০১৯ৰ প্ৰভাৱত গ্ৰাহক মন্ত্ৰ্যালয়ে আৰম্ভ কৰা ই-দাখিল পৰ্টেলযোগে আপুনি অভিযোগ দাখিল কৰিব পাৰিব। বৰ্তমান দিল্লী, মহাৰাষ্ট্ৰৰ নাচিক, পুণে আজি জিলাত এনে সুবিধা উপলব্ধ কৰা হৈছে যদিও অতি সোনকালে প্ৰত্যেক ৰাজ্যতে এই ব্যৱস্থা কৰা হ'ব। অনলাইনযোগে অভিযোগ দাখিলৰ বাবে https://edaakhil.nic.in/ ৱেবচাইটটো মুকলি কৰা হৈছে। এই ৱেবচাইট ব্যৱহাৰ কৰা প্ৰণালীৰ বাবে ইউটিউবযোগে ভিডিঅ'ৰ সহায় ল'ব পাৰিব।