অসম কিয় বিখ্যাত? অসমৰ কি কি ক্ষেত্ৰত দক্ষতা আছে জানো আহক
গৌৰবোজ্জ্বল দিনবোৰে গৌৰৱৰ উমেৰে ইতিহাসৰ পাতত স্থান দখল কৰি সকলোৰে হিয়া উথলাই চৌদিশে খ্যাতি বিলোৱা অসমৰ কথাবোৰ কলমটো লৈ লিখা আৰম্ভ কৰিলে কিমান সময়ত লিখি শেষ হ'ব ক'ব নোৱাৰি।লিখি থাকোতেই দুখৰ বা সুখৰ অশ্ৰুৱে দুগাল ভিজাব বা ওঠত হাহীয়ে চুব।
মুক্তিযুজাৰুৰপৰা শিল্পী সাহিত্যিকলৈকে খ্যাতিৰ গধূৰতাই অসমৰ মানৰ সুগন্ধি
চোদিশে বিয়পাই ৰাখিছে।বৈষ্ণৱধৰ্মৰ প্ৰৱৰ্তক সমাজ সংস্কাৰক শ্কৰদেৱৰ গুণৰাজিয়েও চুইছে বহু পণ্ডিতৰ অন্তৰ আৰু মগজু।ভৰা লুইত পাৰ হোৱা বা বনৰীয়া হৰিণ দৌৰি দৌৰি ধৰাৰ দৰে যি অসীম শক্তিৰ নিদৰ্শন সেয়াও অসমৰ গৌৰৱৰ এক শক্তিশালী অংশ।অসমৰ কৃষ্টি-সংস্কৃতিক সংস্কাৰেৰে উজ্জ্বল ৰূপ দিয়া আৰু দেশখনৰ লগতে বিদেশৰ পণ্ডিতৰো জিভা ষ্পৰ্শ কৰা আৰু কলমৰ মূৰত স্থান পোৱা শংকৰদেৱৰ গুণৰাজীয় অসমৰ মান বিশেষ স্থানত ৰাখিছে।ভাওনা আৰু বৰগীতৰ যি সৃষ্টি সেয়া অসমীয়া জাতিৰ এক উপহাৰ যি অসমৰ কৃষ্টিৰ এক শক্তিশালী খুটাস্বৰূপ। লগতে মাধৱদেৱৰ যি সৃষ্টিত স্পৰ্শ সেয়া বৰগীতত সুবাস হৈ বিয়পি আছে।
ভাৰত ত্যাগ আন্দোলনৰ শেহভাগত ফাচি কাঠত ওলমা কুশল কোৱৰ, ১৮৫৭ চনৰ বিদ্ৰোহত ফাচি কাঠত ওলমা আৰু অসমত প্ৰথম ব্যক্তিগত চাহ বাগিচা প্ৰতিষ্ঠা কৰা ব্যক্তি মণিৰাম দেৱান, ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা, ভাৰত ত্যাগ আন্দোলনৰ স্বহীদ ভোগেশ্বৰী ফুকনননী, গহপুৰ আৰক্ষীথানাত ১৬ বছৰ বয়সতেই ইংৰাজৰ গুলীত প্ৰাণ দিয়া কনকলতা বৰুৱা আৰু বহুতো স্বহীদৰ ত্যাগ আৰু দেশপ্ৰেমৰ গধূৰ কথাবোৰে কৰিছে অসমভূমিৰ গৰিমা অধিকতৰ। তেওলোকৰ গৰিমাই সদায় সকলোৰে হৃদয়ত দেশপ্ৰেমৰ বীজ সিচি থাকিব।
শিল্পীৰ বৰ সেউজপথাৰখনেও কৰিছে অসমল মান উজ্জ্বল। জ্যোতি ককাইদেও আৰু বিষ্ণু ককাইদেউৰ সংগীতৰ অদম্য শক্তিয়ে আৰু দেশপ্ৰেমে আমাৰ প্ৰতিদাল শিৰা শক্তিশালী কৰে। ভূপেনদাৰ সংগীতৰ বিশ্বব্যাপী খ্যাতিয়ে আজিও গাৰ ননোম থিয় কৰায়। তেখেতৰ বিশ্ববিখ্যাত গীত-'মানুহে মানুহৰ বাবে' হৈছে এনে এটা গীত যাৰ প্ৰাসংগিকতা সদায় ওখ পৰ্বতৰ দৰে উচ্চ স্থানত থাকিব।তেওৰ প্ৰতিটো গীতেই এক বিশেষ বাৰ্তা সমাজক দিয়ে। খগেন মহন্তৰ গীতবোৰো অসমৰ ইতিহাসৰ এক বিশেষ অংশ।
অসম চৰকাৰৰ শিল্পী বটা বিজয়ী কুকিলকণ্ঠী গায়ীকা দিপালী বৰঠাকুৰৰ গীত আৰু গীতৰ সুৰৰ শক্তি আজিও উজ্জ্বল তৰাৰ দৰে।শ্ৰেষ্ঠ গিতীকবি পাৰ্বতী প্ৰসাদ বৰুৱা গীতবোৰৰ সোনালী আখৰৰ শব্দবোৰৰ অৰ্থৰ সৌন্দৰ্য ই সদায় অসমীয়াৰ হৃদয়ত গীতৰ মিঠা সুৰে বিশেষ স্থান লৈ থাকিব।
শিল্পী জয়ন্ত হাজৰিকাৰ মিঠা সুৰৰ যাদু সদায় নতুন সুৰ যেন হৈ অসমীয়াৰ হৃদয়ত জীপাল হৈ থাকিব।
গৌৰীপুৰৰ ৰাজপৰিয়ালৰ লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ গোৱালপৰীয়া লোকগীতক দিয়া অপূৰ্ব সৌন্দৰ্যৰ স্পৰ্শ প্ৰতিজন অসমীয়াৰ তেজত লোকগীতৰ তপত সোত হৈ বৈ থাকিব। কামৰূপী লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠকৰ গীতো প্ৰতিজন অসমীয়াৰ তেজত বৈ থাকিব।
কবি আৰু গীতিকাৰ মলিন বৰা, গিতীকাৰ কেশৱ মহন্ত, নগেন বৰা, নিৰ্মলপ্ৰভা বৰদলৈ, তফুজ্জ্বল আলী, হেমন্ত দত্ত, ৰুদ্ৰ বৰুৱা, কীৰ্তিনাথ শৰ্মা, আৰু বহুতো স্বনামধন্য ব্যক্তিৰ মহান গুণৰাজীয়ে অসমী আইৰ বুকু ডাঠ কৰি ৰাখিছে।
ঢোলৰ যাদুকৰ মঘাই ওজাৰ ঢোল বাদনৰ যাদুৱে প্ৰতিজন ঢুলীয়াৰ আঙুলিত অসীম শক্তি দি থাকিব।
'শৰাইঘাট' নামটো শুনিলেই মনত পৰা লাচিত বৰফুকনৰ বীৰত্ব ই আজিও কৰে সকলোৰে বাহুবল বহুগুণ।ঘোৰাত উঠি তৰোৱাল চলোৱা আৰু নাও চলোৱাত সমানে সিদ্ধহস্ত লাচিতে জ্বৰীয়া গাৰেই যুদ্ধ কৰি মোগলক খেদাৰ বীৰত্ব সচাকৈয়েই এক বিৰল নিদৰ্শন।
মুঠৰ ওপৰত অসমৰ কেচামাটিৰ গোন্ধ থকা বৰমজিয়াত ডাঙৰ হোৱা অদম্য শক্তিৰ সৃষ্টিয়ে কেতিয়াও অসমৰ খ্যাতি ম্লান নহ'ব, বৰঞ্চ উজলি থাকিব।