চুটি গল্প Marital rape বৈবাহিক ধৰ্ষণ : Assamese Story


চুটি গল্প Marital rape বৈবাহিক ধৰ্ষণ : Assamese Story

        আই ঐ দেহি কি নিলাজী তিৰোতা, কুলক্ষণী ছোৱালী বাপ্পা অ নিয়ম নিতি বুলি একো নাজানে, এইবোৰে ঘৰ এখন নষ্ট কৰে। 

         বৰষাৰ চাৰিওফালে এতিয়া কেৱল এইবোৰ কথাই ঘূৰি থাকে, কেৱল এইবোৰ নহয় আৰু বহুত কিবাকিবি।

         হয় মই বৰষা, বৰষা চলিহা এখন মধ্যবিত্ত ঘৰৰ ছোৱালী। আমাৰ ঘৰত মুঠ ছয়জন সদস্য। মা, দেউতা, বাইদেউ, মই, ভণ্টী আৰু ভাইটি। ভাইটি আমাৰ সবোৰে মৰমৰ, নহ'বও বা কিয় তিনিজনীকে ছোৱালীৰ পিছত আমাৰ পোনাকনৰ জন্ম হৈছে। অ ভাইটিক আমি পোনাকন বুলিয়েই মাতো।

          মেট্ৰিক খন পাছ কৰিছিলেহে দেউতাই বাৰ বিয়া ঠিক কৰি পেলালে বাৰ বয়স পোন্ধৰ। দেউতাৰ এটাই কথা আমি মধ্যবিত্ত তাতে তিনিজনীকে ছোৱালীৰ দায়িত্ব মূৰৰ ওপৰত। বায়ে একো বিৰোধ কৰিব নোৱাৰিলে এইটো জানিও যে তাইৰ হ'বলগীয়া স্বামী তাৰ পৰা সোতৰ বছৰৰ ডাঙৰ। 

           বিয়াখন পাৰ হৈ গ'ল ভালদৰেই। পিছে বা সুখী যদিও বিয়া হৈ গ'ল তাৰ পিছতো তাই হায়াৰ চেকেণ্ডেৰী খন বিয়াৰ পিছতো সম্পূৰ্ণ কৰি এতিয়া বি.এ পঢ়ি আছে। ভিনদেউ ভাল মানুহ লগতে বাৰ শহুৰ শাহু লগতে ননদ জনীও ভাল মনৰ মানুহ, মৰমিয়াল বাক বহুত মৰম কৰে আৰু বাৰ প্ৰতিটো সিদ্ধান্তত সহযোগ কৰে, মুঠতে বাৰ এখন সুখী পৰিয়াল। বা সুখী যেতিয়া আমিও সুখী।

            আজি চাৰি বছৰ পিছত ঘৰখনত আকৌ উদুলি মুদুলি পৰিৱেশ। বাৰ বিয়াৰ চাৰি বছৰ পিছত দেউতাই মোৰ বিয়াখনো ঠিক কৰি পেলালে আজি মোৰ আঙঠি পিন্ধোৱা। কাহিনী একেই হায়াৰ চেকেণ্ডেৰী পাছ কৰিলো, দেউতাক এতিয়াই বিয়া নহওঁ বুলি কলো যদিও দেউতাই নামানিলে, ল'ৰাৰ বয়স বাৰ দৰে মোতকৈ পোন্ধৰ বছৰ বেছি কিন্তু বিৰোধিতা কৰিব নোৱাৰিলোঁ দেউতাৰ কথা বয়সৰ লগত কি আছে বাক দেখিছোঁ চোন সুখী পৰিয়াল।‌অ বাৰ এইবাৰ বি.এ চূড়ান্ত বৰ্ষ লগতে বা এজনী কন্যা সন্তানৰ মাতৃ। দেউতাৰ কথা আগলৈকে পঢ়িবলৈ মন বিয়াৰ পিছত বাৰ দৰে পঢ়িবি, মুঠতে সকলো কথা দেউতাই বাক দেখুৱাই দি শেষ কৰি লৈছে। উপায় নাই মান্তি হ'বলগীয়া হ'ল। আঙঠি পিন্ধোৱা অনুষ্ঠান ভবামতে ভালদৰে পাৰ হ'ল, বিয়াৰ তাৰিখ এমাহ পিছত ঠিক হ'ল। বিয়ালৈ মাথো দহ দিন বাকী আছে, ঘৰত সকলো আয়োজন প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ৰাতিপুৱা দেউতালৈ আহিল ফোনটো যে দৰাৰ আইতাক ঢুকালে গতিকে বিয়াখন এবছৰ লৈ পিছুৱাই দিয়া হ'ল। কাৰণ আমাৰ হিন্দু ধৰ্ম অনুসৰি ঘৰত কোনোবা ঢুকালে এবছৰ লৈ একো শুভ কৰ্ম কৰিব নোৱাৰে। মই পিছে ভালে পালোঁ এবছৰ সময় পালোঁ বুলি, এজনে আনজনক ভালদৰে জানিব বুজিব পাৰিম।

           যিহেতু বিয়াৰ দিন পিছুৱাই গ'ল মইও বি.এ ত নামভৰ্তি কৰিলোঁ। ২০১২ চনৰ সময়ত ফোনৰ প্ৰচলন তেনেই কম আছিল গতিকে মোৰো ব্যক্তিগত ফোন নাছিল, ঘৰত এটাই ফোন দেউতাৰ Nokia 1200 মডেলৰ। তেওঁ তাতেই ফোন কৰি খবৰ লয়, দিনটো কলেজত পাৰ হয় দেউতাৰো অফিচ থাকে আহোতে গধূলি হয়, দেউতা আহাৰ পিছত তেওঁ ফোন কৰে, দিনটো কেনেদৰে পাৰ হ'ল, ভালে আছে সাধাৰণ ভাবে পাতি থৈ দিয়ে। এনেদৰে দুমাহ পাৰ হ'ল, মোৰ ব্যক্তিগত ফোন নথকা বাবে তেওঁ মোক ফোন এটা দিলে Sumsung  ৰ। 

         ফোনটো দিয়াৰ এমাহলৈ সকলো ঠিকেই আছিল কিন্তু লাহে লাহে তেওঁৰ ব্যৱহাৰ সলনি হ'ব ধৰিলে। মই আৰু ভণ্টী একেলগে শোওঁ কিন্তু তেওঁ মোক অকলে শুব কবলৈ ধৰিলে ৰাতি। মোৰ অলপ কথাটো বেলেগ লাগিছিলে যদিও মই গুৰুত্ব নিদিলো সিমান আৰু ভণ্টী মাৰ লগতেই শুবলৈ ধৰিলে। এতিয়া যে তেওঁ ৰাতি ফোন কৰিলে বেলেগ ধৰণৰ কথা পাতিব ধৰিলে।

          : হেল্লো

:অ কওঁক

: শুলা

: উমম

: শুনানা কি পিন্ধি শুইছা

: এয়া কেনেকুৱা প্ৰশ্ন

: নহয় অ গৰম বহুত যে তাৰ বাবে শুধিলোঁ, ৰাতি হ'ল শোৱা

        দুদিনৰ পাছত আকৌ ৰাতি তেওঁৰ ফোন......

: শুলা 

: অ

: কি পিন্ধিছা

: আকৌ সেই একেই প্ৰশ্ন

: তোমাৰ হ'ব লগীয়া স্বামী মই আইতা নুঢুকোৱা হ'লে ইমান দিনে আমি পতি পত্নী হলো হেঁতেন ন

: কিন্তু আমি এতিয়ালৈকে পতি পত্নী হোৱা নাই আৰু মোক অসহজ লাগে এইবোৰ কথা 

: কিয় মোৰ লগত অসহজ লাগে কিন্তু বয়ফ্ৰেণ্ডৰ আগত নালাগে ন

: কি কৈছে আপুনি এইবোৰ মই আপোনাক কৈছোঁ মোৰ কাৰো সৈতে প্ৰেমৰ সম্পৰ্ক নাই 

: সেইবোৰ কোৱা কথা, কোৱা না সি তোক ক'ত ক'ত চুইছে, কি কি কৰিছে তোৰ লগত, ভাৰ্জিন নহয় ন তই

: চিঃ ইমান লেতেৰা কিদৰে ভাবিব পাৰিলে।

        মই ফোনটো কাটি দিলোঁ কাৰণ ইমান লেতেৰা মানসিকতাৰ কথা শুনাৰ মোৰ ধৈৰ্য্য নহ'ল। তাৰ পিছত দুদিন মই তেওঁৰ ফোন নুঠালো তেওঁ দেউতাৰ ফোনত ফোন কৰি মোক দিবলৈ কলে। উপায়হীন হৈ মই তেওঁৰ লগত কথা পাতিব লগীয়া হ'ল .....

: বেছি নাটক কৰি নাথাকিবি এক চেকেণ্ড নালাগিব মোক বিয়াখন ভাঙি দিওঁতে 

: দিওঁকনা ভাঙি মোৰো আপোনাৰ দৰে মানুহ এজনৰ সৈতে বিয়া হোৱাৰ কোনো ইচ্ছা নাই 

: অ দিব পাৰোঁ কাৰণ মোৰ একো লোকচান নহ'ব তোৰ লগত বিয়া ভাঙিলেও পিছত গৈ মই আৰু দহজনী ছোৱালী পাম, কিন্তু ভাবি চাইছো তোৰ কি হ'ব, কোনে পাতিব তোক বিয়া 

: নাপাতে আজীৱন বিয়া নোহোৱাকৈ থাকিম

: আপত্তি নাই কিন্তু তোৰ ভণ্টীকো যে কোনেও শুধি নাচাব তেতিয়া কি হ'ব তোৰ মা দেউতাই লাজত দুখত আত্মহত্যা কৰিব লগতে তোৰ ভনিয়েকে নিজক বিকিব। গতিকে নাটক নকৰি চুপচাপ ৰাতি ফোনটো উঠাবি।

          তেওঁ ফোনটো কাটি দিলে আৰু মই জঠৰ হৈ পৰিলোঁ, কাৰণ মোৰ লগত যে বহুত বেয়া হ'বলৈ গৈ আছে সেয়া মই বহুত ভালদৰে অনুমান কৰিব পাৰিছোঁ। ৰাতি তেওঁৰ ফোন আহিলে ঘৰৰ সবে শুই যোৱাৰ পিছত.....

: হেল্লো

: বেয়া পাই আছা ন ছৰী অলপ বেছিয়ে টানকৈ কলো। পিছে মই বেয়াকৈ কৈছোঁ মইয়ে মৰম কৰিম চাবা তোমাৰ সব খং নাইকীয়া হ'ব, এইয়া চোৱা মই  তই বুলি মাতা নাই। জান আছা নে?

: উমম 

: কি পিন্ধিছা 

: ফ্ৰক

: আৰু তলত 

: মানে বুজিছা তুমি, সব খুলি থোৱা 

: কি

: অ জান খুলি থোৱা না মৰম কৰো তোমাক 

          তাৰ পিছত আৰম্ভ হ'ল মোৰ ওপৰত নিষিদ্ধ ধৰ্ষণ। সদায় ৰাতি তেওঁৰ ফোন সদায় সদায় তেওঁৰ নতুন এটাকৈ বিকৃত ফেণ্টাছী, মোৰ ধৈৰ্য্যৰ সীমা চেৰাই গ'ল আৰু মনতে স্থিৰ কৰিলোঁ এনেকুৱা মানুহ এজনৰ সৈতে মই কোনোমতে বিয়া নহওঁ। কিন্তু তেওঁ মোৰ লগত কৰা ব্যৱহাৰৰ কথা মই নিজেই মা দেউতাৰ আগত কবলৈ লাজ পোৱাত বাক কলোঁ বায়ে মাক কলে আৰু মায়ে দেউতাক কিন্তু আচৰিত ধৰণে দেউতাই একো প্ৰতিক্ৰিয়া নেদেখুৱালে যেন একো নাজানে তেওঁ। আৰু এবছৰ সম্পূৰ্ণ হোৱাত মোক বিয়া দি বিদায় দিলে। 

         বিয়াৰ প্ৰথম নিশা মোৰ ভয়তে শৰীৰ কপি আছিল কাৰণ মই জানিছিলো মোৰ স্বামী এজন বিকৃত যৌন মানসিকতাৰ মানুহ। এইবোৰ ভাবি ভাবিয়ে মই কেতিয়া শুই গলো গম নাপাওঁ ৰাতিপুৱা সাৰ পোৱাত গম পালোঁ ৰাতি তেওঁ মোৰ ওচৰলৈ নাহিলে, মই মনতে শান্তি পালোঁ। এনেকৈয়ে বিয়াৰ দহদিন পাৰ হ'ল কিন্তু তেওঁ মোৰ ওচৰলৈ নাহিলে, মইও অলপ শান্তিৰে উশাহ ললোঁ। বিয়াৰ এঘাৰ দিনৰ ৰাতি মই শুবলৈ বিছনা পাৰিবলৈ লওঁতে তেওঁ সোমালে ৰুমত আৰু মোলৈ এখন বেগ আগবঢ়াই দিলে....

: এয়া তোমালৈ যোৱা এতিয়াই পিন্ধি বিছনাত বহি থাকা মই আহি আছোঁ।

        মই আচৰিত হলোঁ আৰু কি কাপোৰ খুলি চালোঁ চাই মোৰ চকু কপালত উঠিল কাৰণ সেয়া আছিল যৌন আবেদনময়ী এযোৰ চুটি কাপোৰ। মই বেগখন মাটিতে পেলাই থৈ বিছনাত থমকি বহি পৰিলোঁ। অলপ পিছতে তেওঁ সোমালে আকৌ ...

: তুমি এতিয়ালৈকে এনেদৰে আছা যোৱা কাপোৰ সলাই আহা 

: মই নোৱাৰিম পিন্ধিব 

: মই তুমি পাৰা নোৱাৰা জানিব বিচৰা নাই পিন্ধিব কৈছোঁ পিন্ধা 

: প্লিজ এইবোৰ নকৰিব 

: ভালদৰে কলে তোৰ মূৰত কথা নুশুমায় নাটক কেৱল 

       তেওঁ আগবাঢ়ি আহি মোৰ চাদৰ খন জোৰেৰে টানি খুলি পেলালে, এইবাৰ তেওঁ মোৰ গাত থকা বাকী অংশৰ কাপোৰ খুলিব বিচাৰতে মই হাত যোৰ কৰিলোঁ তেওঁৰ আগত....

: প্লিজ নকৰিব আৰু লাজ নিদিব মোক, মৰি থাকিম

: তেন্তে যি কৈছোঁ সেয়া শুন, কিন্তু এইবাৰ কাপোৰ মোৰ সন্মুখত সলোৱা

       মই প্ৰাণ বিহীন দেহাটোৰে তেওঁৰ সন্মুখতেই কাপোৰ সলাই তেওঁ পিন্ধিব দিয়া কাপোৰযোৰ পিন্ধিলোঁ, পিছত যি হ'ল সেয়া শব্দৰে প্ৰকাশ কৰিব টান, সেয়া ইমানেই ভয়ানক যে শুনা জনৰ আত্মা কপি উঠিব। তাৰ পিছত যেন মই তেওঁৰ বাবে এটা কেৱল ভোগৰ সামগ্ৰী, ৰাতিটো হ'লেই মোৰ ধৰ্ষণ হয় মোৰ নিজৰ স্বামীৰ হাততেই। ভাবিলোঁ সন্তান এটা আহিলে কিজানিবা তেওঁ সলনি হয়, কিন্তু আমাৰ সন্তান হোৱা নাছিল তাৰ বাবে ডক্তৰৰ তাতে পৰীক্ষা কৰোৱাত ওলালে মোৰ গাত একো অসুবিধা নাই মই সম্পূৰ্ণ সুস্থ। অক্ষমতা মোৰ স্বামীৰ দেহত ডক্তৰে জনালে অতিৰিক্ত হস্তমৈথুন আৰু বিভিন্ন জনৰ লগত কৰা শাৰীৰিক সম্পৰ্কৰ ফলত তেওঁৰ ভিতৰত শুক্ৰানুৰ উৎপত্তি হোৱা বন্ধ হৈ গৈছে যাৰ বাবে তেওঁ কেতিয়াওঁ দেউতাক হ'ব নোৱাৰে। 

         কথাষাৰ শুনি মই সুখ দুখ একো অনুভৱ কৰিব পৰা নাছিলোঁ, আচৰিতো হোৱা নাছিলোঁ কেৱল ভাবিছিলোঁ কিমান গৰাকী নাৰী এওঁৰ দৰে নৰপিশাস এটাৰ কামনাৰ বলি হৈ নৰক যন্ত্ৰণাৰ সন্মুখীন হৈছে। কেৱল দীঘলীয়া হুমুনিয়াহ এটা কাঢ়ি ঘৰলৈ উভতি গৈ ঘৰৰ বাকী সদস্যৰ আগত ডক্তৰে কোৱা কথাবোৰ জনাইছিলো এইবাৰ মই সন্মুখীন হলো আন এক পৰিস্থিতিৰ কাৰণ ঘৰৰ মানুহে সকলো শুনিও মোকে বাজী সজালে তেওঁ লোকৰ মিছা আভিজাত্যৰ বাবে। জীৱনটো যে অন্ধকাৰৰ মাজত সোমালে বুজিবলৈ বাকী নাথাকিল, ঘৰত কথাবোৰ সকলো কলোঁ কিন্তু দেউতাৰ সেই একেই কথা, ভণ্টীৰ বিয়াখন হ'বলৈ দে পিছত ভাবিম কেইদিনমান সহ্য কৰ, তোৰ লগতে ভণ্টীৰ ভবিষ্যত জড়িত হৈ আছে। 

          ভাগি পৰিলোঁ কাক কম কোনে শুনিব, এনেকৈ পাঁচটা বছৰ পাৰ হ'ল, মোক দেখাত বয়সতকৈ বহুত বেছি ডাঙৰ দেখিব ললে, বেমাৰে লাহে লাহে দেহাটোক বেৰি ধৰিব ধৰিলে। ধৰিবই কিমান দিন সহ্য কৰিব অমানুষিক যৌন নিৰ্যাতন। এদিন মোৰ সকলো সৈহ্য আৰু ধৈৰ্য্যৰ সীমা চেৰাই গ'ল আৰু মই আইনৰ কাষ চাপিলো আৰু তেওঁৰ নামত বৈবাহিক ধৰ্ষণৰ বাবে কেছ কৰিলোঁ কিন্তু আমাৰ ভাৰতীয় দণ্ডবিধিৰ 1960 ৰ ধাৰা 498 A অনুসাৰে বৈবাহিক ধৰ্ষণক ঘৰুৱা হিংসাৰ শাৰীত ৰখা হৈছে আৰু এনেকুৱা কেছত অপৰাধী সোনকালেই ৰেহাই পোৱাৰ সম্ভাৱনা থাকে যদিহে ছোৱালীৰ বয়স মানে পত্নী ১৮ বছৰৰ বেছি হয়। হ'লেও মই হাৰ নামানো বুলি ভাবি থানাত গোচৰ দি মাৰ ঘৰলৈ উভতি আহিলো। কিন্তু দেউতা যে মোক আকোঁৱালি ল'বলৈ মান্তি নহ'ল কথা এটাই তোৰ বাবে ভনীয়েকৰ জীৱনটো পৰি ৰব, দুদিন ধৈৰ্য্য ধৰিব নোৱাৰিলি, এইবোৰ কিবা থানাত গোচৰ দিবলগীয়া কথা নেকি, অলপো লাজ নালাগিল, মান সন্মান শেষ কৰিলি এতিয়া ভনিয়েক ঘৰতে পৰি ৰব। সকলো নিমাত মইও একো কোৱা নাই কেৱল শুনি গৈ আছোঁ কিন্তু ভণ্টীয়ে মাত দিলে....

: বাচ দেউতা আৰু একো নকব, বায়ে একো ভুল কৰা নাই, একো পাপ কৰা নাই তাই নিজৰ ঘৰতেইতো উভতি আহিছে। বিয়া হ'লেই কি দেউতাৰ ঘৰখন আৰু নিজৰ ঘৰ হৈ নাথাকে? এইবোৰ হ'বলৈ নাপালে হেঁতেন যদিহে আপুনি বায়ে বিয়াৰ আগতে ভিনদেউৰ স্বভাৱৰ বিষয়ে জনোৱাত আপুনি বিয়াখন ভাঙি দিলে হেঁতেন। বায়ে আপোনালোকৰ মান সন্মান মোৰ ভবিষ্যতৰ কথা ভাবিয়ে বিয়া হ'ল এই পাঁচটা বছৰে নৰক ভুগিলে আৰু কিমান ভাবিব সকলোৰে কথা, তাইও মানুহ, তাইৰো নিজৰ জীৱন এটা আছে। চোৱা তাইক মাতকৈ বেছি বয়সৰ দেখোৱা হৈছে আৰু আপুনি কয় এইবোৰ কথা থানাত গোচৰ দিবলগীয়া কি আছে। আছে প্ৰয়োজন আছে,  আজি বায়ে কৰিছে মই বিচাৰোঁ বাৰ দৰে ভুক্তভোগী সকলোৱে কৰক যাতে তেনেকুৱা অমানুষ, নৰপিশাস বোৰে শাস্তি পায়। আৰু য'ত মোৰ ভবিষ্যত আৰু মোৰ বিয়াৰ কথা বা ঘৰত থকাৰ বাবে যদি মোক কোনেও বিয়া নাপাতে তেন্তে মইও ওৰেটো জীৱন বিয়া নোহোৱাকৈ থাকিব সাজু, মই নিজেই তেনেকুৱা ঠেক মানসিকতাৰ মানুহৰ লগত বিয়া হবলৈ মান্তি নহ'ওঁ, কি ঠিক আজি বাৰ লগত হৈছে কাইলৈ কিজানি মোৰ লগত হয়।

: আৰু মোৰ দুয়ো গৰাকী ভনীয়েকৰ দায়িত্ব মই অলপ, পঢ়ি আছোঁ এতিয়াৰ পৰা পঢ়াৰ লগতে টিউছন কৰিম।

          দেউতাৰ বন্ধ হৈ থকা চকু ভণ্টী আৰু ভাইটিৰ কথাত খোল খালে।

           দুবছৰ হ'ল মই দেউতাৰ ঘৰতে আছোঁ মা দেউতা সকলোৰে মৰমৰ মাজত, দেহাটো এতিয়া বহুত সুস্থ।কেছ চলিয়েই আছে নাজানোঁ কিমান দিন চলিব মই ন্যায় পামনে নাই কিন্তু মই হাৰ নামানোঁ। মই হাৰ মনা নাই আপোনালোকেও নামানিব মোৰ দৰে যিয়ে এই নৰক ভুগিছে, আৰু প্ৰত্যেক গৰাকী ছোৱালীৰ পৰিয়ালৰ লোকে তাইক সমৰ্থন কৰক। কাৰণ বৈবাহিক ধৰ্ষণ এটা জঘণ্য অপৰাধ। যদি ছোৱালীয়ে না বুলি কৈছে তেন্তে তাইৰ সৈতে জোৰজবস্থি নকৰিব সেয়া লাগিলে নিজৰ স্বামীয়ে কিয় নহওঁক।                      


সমাপ্ত.....

এইকেইটা গল্প পঢ়ক Read click

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.