যোৰহাট মেডিকেল কলেজত ১১ মহীয়া শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি

11-month-old baby dies at Jorhat Medical College যোৰহাট মেডিকেল কলেজত ১১ মহীয়া শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
11-month-old baby dies at Jorhat Medical College 

 

যোৰহাট মেডিকেল কলেজত ১১ মহীয়া শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি

পৰিয়ালৰ অভিযোগ ভূল চিকিৎসা ৰ ফলতেই মৃত্যু ক আকোঁৱালি ল'বলগীয়া হ'ল কণমানি শিশু টোৱে

 যোৰহাট চেউনি গাঁৱৰ মঞ্জিত দাস আৰু শিবাণী দাস নামৰ দম্পত্তি দ্বয়ৰ ১১ মহীয়া কণমানি কন্যাৰ জ্বৰ হোৱাত তিনিদিন পূৰ্বে যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰিছিল। ক্ৰমাৎ সুস্থ হোৱা কণমানি জনীক আজি পুৱা ককাকে কোলাত লৈ আছিল। তেনেতে এগৰাকী নাৰ্চে এটা বেজী দিব আছে বুলি কৈ এটা বেজী দিয়ে। ইয়াৰ ক্ষন্তেক সময়ৰ পাছতে ৰঙা পৰি শিশুটি ফিট হৈ যায় আৰু ক্ষন্তেক সময়ৰ পিছতে মৃত্যুক সাৱটি লয় বুলি পৰিয়ালৰ লোকে অভিযোগ কৰে।

 পৰিয়ালৰ অভিযোগ ভুল চিকিৎসাৰ  ফলতে খেলি থকা কণমানি জনীৰ কৰুণ মৃত্যু হল। ইফালে কি বেজী দিছিল সেই কথা পৰিয়ালৰ লোকক জনোৱাৰ পৰিবৰ্তে কণমানি জনীৰ মৃতদেহ উলিয়াই দিয়াত পৰিয়ালৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় আৰু শোকত ভাগি পৰে পিতৃ মাতৃ আৰু আত্মীয় স্বজন। জানিব পৰা মতে বৃহস্পতি বাৰে আছিল কণমানি জনীৰ জন্মদিন।  এবছৰত ভৰি দিব লগীয়া কণমানি জনীক  আজি চিকিৎসালয়ৰ পৰা ৰিলিজ লৈ পৰিয়ালে জন্মদিন পতাৰ কথা আছিল।  পিছে ভাগ্যৰ লিখন কোনেও খণ্ডাব নোৱাৰে।

যোৰহাটৰ পৰা দেৱজ্যোতি বৰা ৰ ৰিপ'ৰ্ট


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.