কেৱল মাৰ্কছিট সৰ্বস্ব শিক্ষা এতিয়া ক্ৰমাৎ অপ্ৰাসংগিক হৈ পৰিব: পৰেশ বৈশ্য Only marksheet education will become increasingly irrelevant now: Paresh Baishya

Sankardev Vidya Niketan, Charaibahi

চৰাইবাহীৰ শংকৰদেৱ বিদ্যা নিকেতনত শিক্ষাৰ্থীৰে আলাপ

কেৱল মাৰ্কছিট সৰ্বস্ব শিক্ষা এতিয়া ক্ৰমাৎ অপ্ৰাসংগিক হৈ পৰিব: পৰেশ বৈশ্য

চৰাইবাহী, ৭ জুন:  সাম্প্ৰতিক সময়ত কেৱল মাৰ্কছিট সৰ্বস্ব শিক্ষা ক্ৰমাৎ অপ্ৰাসংগিক হৈ পৰিব। কেৱল নম্বৰে এতিয়া জীৱন জীৱিকাৰ সন্ধান দিব নোৱাৰিব।  বৰ্তমানৰ প্ৰতিযোগিতামূলক পৃথিৱীত শিক্ষাৰ্থীয়ে দক্ষতাৰ লগতে সমস্যা সমাধানৰ উদ্ভাৱনী কৌশল আৰু সুবিবেচিত চিন্তাৰ গৰাকী হ'ব পাৰিব লাগিব। শিক্ষাই শিক্ষাৰ্থীক জীৱন- জগতৰ বৰ্ণাঢ্য অভিজ্ঞতাৰ সোৱাদ লোৱাৰ পৰিৱেশ শিক্ষাৰ্থীক দিব পাৰিব লাগিব। আজি মৰিগাঁও জিলাৰ চৰাইবাহীৰ শংকৰদেৱ বিদ্যা নিকেতনৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ লগত এক মত- বিনিময় কাৰ্যসূচীত ভাগ লৈ বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্যই এইদৰে কয়। তেওঁ আৰু কয় যে বৃটিছে পৰাধীনতাৰ সময়ছোৱাত আমাক কেৰাণী হোৱাৰ শিক্ষাহে ল'ব দিছিল। ভয়ৰ পৰা নিস্তাৰ পোৱাৰ আৰু উদ্ভাৱনী চিন্তাৰ বিকাশৰ শিক্ষা দিব বিচৰা নাছিল। 

Sankardev Vidya Niketan, Charaibahi



সেয়ে ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে এই ক্ষেত্ৰত এক আমূল পৰিবৰ্তনৰ পদক্ষেপ লৈছে। তাৰেই ফলস্বৰূপে আমাৰ পাঠ্যক্ৰম আৰু পৰীক্ষা পদ্ধতিৰ সংস্কাৰ আৰম্ভ হৈছে। পাঠ্যক্ৰম আৰু পৰীক্ষা পদ্ধতিৰ সংস্কাৰৰ জৰিয়তে স্কুলীয়া পৰ্যায়ৰ পৰাই যাতে শিক্ষাৰ্থীয়ে প্ৰতিযোগিতাৰ পৃথিৱীখনৰ বাবে নিজকে প্ৰস্তুত কৰিব পাৰে তাৰ প্ৰচেষ্টা লোৱা হৈছে।আলাপত ভাগ লৈ তেখেতে ছাত্ৰ- ছাত্ৰীসকলক আগন্তুক দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত প্ৰশ্ন কাকতৰ আৰ্হি কেনেকুৱা হ'ব, তাৰ বাবে ছাত্ৰ- ছাত্ৰীসকলে কেনেদৰে পঢ়া-শুনা কৰিব লাগিব আৰু এই ক্ষেত্ৰত শিক্ষক- শিক্ষয়িত্ৰীসকলৰ কৰণীয় কি সেই বিষয়ে বহলাই আলোচনা কৰে।  

Sankardev Vidya Niketan, Charaibahi


আলাপত শিক্ষাৰ্থীসকলেও  এই ক্ষেত্ৰত উদয় হোৱা বিভিন্ন প্ৰশ্নৰ সমাধান শিক্ষাবিদ গৰাকীৰ পৰা লয়। অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয়খনৰ প্ৰধান আচাৰ্য ভাগ্যৰাম নাথে অনুষ্ঠানৰ লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যা কৰি আগন্তুক দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত যাতে শিক্ষাৰ্থীসকলে নতুন আৰ্হিৰ প্ৰশ্নৰ সৈতে পৰিচিত হৈ থাকিব পাৰে তাৰেই পদক্ষেপ হিচাপে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি কয়। অনুষ্ঠানত শিক্ষাবিদ গৰাকী ফুলাম গামোচাৰে সম্ভাষণ জনায়। অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰায় দুশ শিক্ষাৰ্থীৰ লগতে আচাৰ্য-আচাৰ্যাসকলে ভাগ লয়। অনুষ্ঠানৰ সামৰণিত  বৈশ্যই বিদ্যালয়খনৰ আচাৰ্য আচাৰ্যাসকলক সকলৰ লগতো এক আলোচনাত মিলিত হৈ শিক্ষকৰ দায়িত্ববোধ সম্পৰ্কে কয়।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.