" আশংকাত ভূগিছে জম্মু-কাশ্মীৰত থকা সেনা জোৱানে, AFSPA আইন বাতিল কৰিব কেন্দ্ৰ চৰকাৰে

আশংকাত ভূগিছে জম্মু-কাশ্মীৰত থকা সেনা জোৱানে, AFSPA আইন বাতিল কৰিব কেন্দ্ৰ চৰকাৰে



  • AFSPA আইন বাতিলৰ সিদ্ধান্ত কেন্দ্ৰ চৰকাৰে , 
  • জম্মু-কাশ্মীৰত হ্ৰাস পাব ভাৰতীয় সৈন্য 
  • হাহাকাৰ লাগিছে জম্মু-কাশ্মীৰত থকা অন্য সেনা জোৱানৰ
  • AFSPA ৰ অবিহনে কিমান সুৰক্ষিত জম্মু-কাশ্মীৰত থকা সেনা জোৱান
  • আশ ংকাত ভূগিছে জম্মু-কাশ্মীৰত থকা সেনা জোৱানে

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বুধবাৰে কয় যে কেন্দ্ৰই বিতৰ্কিত AFSPA আফছপা আইন বাতিল কৰাৰ লগতে জম্মু-কাশ্মীৰৰ পৰা কিছু সৈন্য পিছুৱাই নিয়াৰ পৰিকল্পনা কৰিছে। চৰকাৰে আইন-শৃংখলাৰ সম্পূৰ্ণ দায়িত্ব জম্মু-কাশ্মীৰৰ আৰক্ষীৰ ওপৰত এৰি দিয়া সিদ্ধান্ত ।

জম্মু-কাশ্মীৰৰ গুলিস্তান নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিজেপি নেতাগৰাকীয়ে কয় যে, "আমাৰ সৈন্য পিছুৱাই নিয়াৰ পৰিকল্পনা আছে আৰু কেৱল জম্মু-কাশ্মীৰ আৰক্ষীৰ ওপৰত আইন-শৃংখলা এৰি দিয়াৰ পৰিকল্পনা আছে। আমি আৰক্ষীক শক্তিশালী কৰি আছো, যিসকলে এই সময়ছোৱাত আগবাঢ়ি আছে।"



শ্বাহৰ মতে সৈন্যই কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা ক্ৰমান্বয়ে স্থানান্তৰিত হৈ বেৰেকলৈ যাব। শ্বাহে লগতে কয় যে চৰকাৰে সাত বছৰৰ ব্লুপ্ৰিণ্ট ডিজাইন কৰিছে।

AFSPA এই সশস্ত্ৰ বাহিনীৰ জোৱানসকলক, বিক্ষিপ্ত অঞ্চলত কাম কৰা লোকসকলক “বিশেষ ক্ষমতা” প্ৰদান কৰে যেনে তেওঁলোকে সন্দেহজনক বুলি ভবা ব্যক্তিক গ্ৰেপ্তাৰ কৰা, আৰু যদি তেওঁলোকে “আইন আৰু শৃংখলা” বজাই ৰখাৰ বাবে প্ৰয়োজনীয় বুলি বিবেচনা কৰে তেন্তে এনকাউণ্টাৰ কৰা। সশস্ত্ৰ বাহিনীৰ কাম-কাজ সহজ কৰি তুলিবলৈ কোনো এলেকা বা জিলাক AFSPA ৰ অধীনত অশান্ত বুলি অৱগত কৰা হয়

আগন্তুক লোকসভা নিৰ্বাচনত মোডী চৰকাৰে তৃতীয়বাৰৰ বাবে শাসন ব্যৱস্থা পুনৰ দখল কৰাৰ বাবে চকু ৰাখি বিগত পাঁচ বছৰত গ্ৰহণ কৰা কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা গৌৰৱ কৰিছে। চৰকাৰে গৌৰৱ কৰা কামৰ তালিকাত জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ কথাও আছে। কেন্দ্ৰই কৈছে যে ৩৭০ অনুচ্ছেদ বাতিল হোৱাৰ পিছৰে পৰা অঞ্চলটোত সন্ত্ৰাসবাদী কাৰ্যকলাপ বহু পৰিমাণে হ্ৰাস পাইছে।

এতিয়া বহুতৰে মনত প্ৰশ্ন উঠিছে , জম্মু-কাশ্মীৰ পৰা AFSPA আতৰালে আকৌ সক্ৰিয় হ’ব নেকি সন্ত্ৰাসবাদী কাৰ্য্যকলাপ ?
অশান্ত হ’ব নেকি জম্মু-কাশ্মীৰ ? নে এইয়া ৰাজনীতিৰ ৰণনীতি ? 

Courtesy Mint

Post a Comment

Previous Post Next Post

People Like