পুত্ৰক হত্যা কৰি বস্তাত ভৰাই থ'লে মাতৃয়ে : চাঞ্চল্যকৰ ঘটনা

The mother killed her son and put him in a sack


পুত্ৰক হত্যা কৰি বস্তাত ভৰাই থ'লে মাতৃয়ে

 মৰিগাঁও সদৰ থানাৰ অন্তৰ্গত ভূৰবন্ধাৰ ন-ময়নগুৰি গাঁৱত যোৱা নিশা সংঘটিত এক হত্যাকাণ্ডই সমগ্র ভূৰবন্ধা অঞ্চলতেই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰে। এগৰাকী মাতৃয়ে নিজৰ তিনি বছৰীয়া পুত্ৰ সন্তানক হত্যা কৰি বস্তাত ভৰাই থোৱা ঘটনা আজি পুৱা সদৰী হোৱাৰ লগে লগে অঞ্চলবাসীৰ মাজত তীব্র চাঞ্চল্যৰ সৃষ্টি হয়। এই হৃদয়বিদাৰক ঘটনাটো সংঘটিত কৰে ৰণ্ট বৰদলৈ নামৰ ব্যক্তি এজনৰ পত্নী ৰীতামণি কোঁৱৰে। স্থানীয় লোকে জানিবলৈ দিয়া মতে ৰহাৰ বগৰিগুৰিৰ ৰণ্ট বৰদলৈৰ লগত বিবাহপাশত আবদ্ধ হোৱা ন-ময়নগুৰিৰ ৰীতামণি কোঁৱৰ ৩ সন্তানৰ মাতৃ। মানসিক ৰোগত ভুগি থকা ৰীতামণি কোঁৱৰে কেইবছৰমান আগৰে পৰা মাতৃগৃহ ন-ময়নগুৰিত কনিষ্ঠ পুত্ৰ ৰূপজ্যোতি বৰদলৈক লগত লৈ আছিল। 

বাকী দুই পুত্ৰ আৰু কন্যা সন্তান দুটা পিতৃগৃহ ৰহাৰ বগৰিগুৰিত থাকে যদিও বল্টু বৰদলৈয়ে মাজে-সময়ে আহি পত্নীৰ খা-খবৰ লয়। ইয়াৰ মাজতে অতি দুর্ভাগ্যজনকভাৱে ৰীতামণি কোঁৱৰে নিজ পুত্ৰ ৰূপজ্যোতি বৰদলৈক যোৱা নিশা কাঠ আৰু বাঁহেৰে মৰিয়াই হত্যা কৰি বস্তাত ভৰাই বিছনাৰ তলত লুকুৱাই থয়। আজি পুৱা ঘৰৰ মানুহে কণমানি ৰূপজ্যোতিক বিচাৰি হাহাকাৰ কৰাৰ সময়তে বিছনাৰ তলত বস্তাত ভৰাই লুকুৱাই থোৱা মৃতদেহটো প্রত্যক্ষ কৰাত হুৱা-দুৱা লাগে পৰিয়ালৰ মাজত। ততাতৈয়াকৈ পৰিয়ালৰ লোকে মৰিগাঁও আৰক্ষীক ঘটনাৰ সন্দৰ্ভত অৱগত কৰাত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো। বৰ্তমান আৰক্ষীয়ে পুত্ৰহন্তা ৰীতামণিক আটক কৰি তদন্ত অব্যাহত ৰাখিছে। ইফালে পৰিয়াল তথা স্থানীয় লোকে পুত্ৰহন্তা ৰিতামণি কোঁৱৰ মানসিকভাৱে অসুস্থ আৰু মানসিক চিকিৎসা চলি থকা বুলি দাবী কৰিছে যদিও কি কাৰণত নিজ পুত্ৰক এনেদৰে বৰ্বৰভাৱে হত্যা কৰিলে তাৰ সঠিক তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই। আৰক্ষীৰ প্ৰকৃত তদন্ততহে সকলো তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.