এটি উৱলি যোৱা পঁজা, এজাক বতাহতেই ঘৰ ভাগি পৰো পৰো অৱস্থা



 PMAY anomaly in Morigaon: উৰুখা পঁজাৰ সপোন আৰু অপেক্ষাৰত কৈইবাটিও পৰিয়ালৰ । এটি উৱলি যোৱা পঁজা, এজাক বতাহতেই ঘৰ ভাগি পৰো পৰো অৱস্থা ৷

 শেহতীয়াকৈ চৰকাৰী আঁচনিৰ নামত হিতাধিকাৰীক একাংশ মধ্যভোগীয়ে চোঁচৰাই থকা ঘটনা সঘনাই প্ৰচাৰ হৈ আহিছে ৷ এইবাৰ মৰিগাও জিলাৰ কপিলি উন্নয়ন খণ্ডৰ অধীনৰ চৰাইবাহী পঞ্চায়তৰ অন্তৰ্গত ৪ নং ৱাৰ্ডৰ খাইগৰীয়া গাঁৱৰ কল্পনা দেৱী নামৰ এগৰাকী মহিলাৰ লগত সংঘটিত হৈছে অনুৰূপ ঘটনা ৷ ঘৰ কিয় নিদিয়ে বুলি শুধিলে কয় " মাটি বেছা ধনৰে ঘৰ নবনাও কিয়" । দুখবোৰ বুকুত বান্ধি ৱাৰ্ড মেম্বাৰ প্ৰভাৱতি দেৱীৰ কাষ চাপিও বিফল ৯ টাকৈ বসন্ত । উপায়হিন হৈ কাষ চাপিছিল চৰাইবাহী গাও পঞ্চায়তৰ সভানেত্ৰী কৰবী ডেকাৰ কাষ । কিন্তু তাতো বিফল । কাৰ ভুলৰ বাবে কিয় আজি পৰ্যন্ত এই দুটি পৰিয়ালে ঘৰ পাবলৈ সক্ষম হোৱা নাই সেইয়া এক অজানা সাথৰ । এইয়া জুৰি দেৱীৰ ঘৰ । ঘৰটো দেখি হয়টো চৰকাৰক গালি পাৰিবলৈ মন যাব আপোনাৰো । কিন্তু চৰকাৰৰ অজ্ঞাতে পঞ্চায়তে আজিলৈ চ্কু মুদা কুলিৰ ভাও ধৰাৰ আৰতো আছে বহু ৰহস্য । স্বামী হাৰা জুৰিৰ এই ঘৰটোৰ অৱস্থা দেখিলে আপোনাৰো মন সেমেকি উঠিব । দুয়োটা পৰিয়ালে এনেদৰেই ভঙা পজাতেই পাৰ কৰিছে নিজৰ দিনবোৰ । বৰষুন পৰিলেই পানীৰে  ভৰি সকলো আচবাবৰ এনে অৱস্থা কৰে । সভানেত্ৰী কৰবী ডেকা বাইদেউ আপোনাৰ সচাকৈ হৃদয় আছে আহক সহায় কৰক  এই দুটি পৰিয়ালক । মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান অতি শিঘ্ৰেই ব্যৱস্থা কৰি দিয়ক এটিকৈ চৰকাৰী আৱাস গৃহ । নহলে তেওলোকৰ সন্তান কেইটিয়ে দেখা সপোন বোৰ কলিতেই মৰহি যাব । নিৰ্বাচনৰ সময়ত হাতজোৰ কৰি ভোট লোৱা ৱাৰ্ড মেম্বাৰ আৰু সভানেত্ৰী বাইদেউ এবাৰ চকু ফুৰাওক । দুয়োখন ঘৰতেই একাপ লাল চাহ খাই হলেও ঘৰ এটি পোৱাৰ ব্যৱস্থা কৰি দিয়ক ।

Post a Comment

Previous Post Next Post

People Like