মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত শনিবাৰে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত লোক কল্যাণ দিৱসটি উদযাপন কৰা হয়। ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ আধুনিক অসমৰ স্বপ্নদ্ৰষ্টালৈ ৭৩সংখ্যক পুণ্যতিথিত শ্ৰদ্ধাৰ্ঘ্য উপলক্ষে মৰিগাঁও জিলা প্ৰশাসনে আয়োজন কৰা লোক কল্যাণ দিৱসত জিলা আয়ুক্ত শ্রীযুত দেৱাশীষ শৰ্মাই, আই এ এছ, লোক কল্যাণ দিৱসটিৰ তাৎপৰ্য আৰু ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ দৰ্শন, ব্যক্তিত্ব আৰু বিশাল নেতৃত্বৰ ওপৰত বিস্তৃত ভাৱে আলোকপাত কৰে। জাতীয় সংগীতেৰে আৰম্ভ কৰা আজিৰ লোক কল্যাণ দিৱসটি আঁতধৰে অতিৰিক্ত আয়ুক্ত ড০ সংগীতা বৰঠাকুৰে,এ চি এছ,। আজিৰ অনুষ্ঠানত তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি প্ৰতাপ হাজৰিকা, অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডা: পুনিৰাম পাতৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ দৰ্শন আৰু আদৰ্শৰ ওপৰত ভাষণ প্ৰদান কৰে। উল্লেখ্য যে-- লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আদৰ্শৰে অনুপ্ৰাণিত ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকলক সন্মান জনোৱা অৰ্থে পশুপালন বিভাগৰ তত্বাৱধায়ক তথা কৰ্মচাৰী পূৰ্ণ চন্দ্ৰ হাজৰিকাক লোকসেৱা বঁটা জিলা প্ৰশাসনে আগবঢ়ায়। লোক সেৱা বঁটা প্ৰাপক পূৰ্ণ চন্দ্ৰ হাজৰিকাক উদ্দেশ্যি উক্ত সভাতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে। পুৱাৰ ভাগত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটো ৰাষ্ট্ৰীয় সংগীতেৰে সামৰণি পৰে !