নিজ পুত্ৰৰ মৃত্যুয়ে আজি কন্দোৱাইছে মাতৃক ?



মাকে কান্দিছে । নিজ পুত্ৰৰ মৃত্যুয়ে আজি কন্দোৱাইছে মাতৃক । কিমান হৃদয়-বিদাৰক ? কিমান নিষ্ঠু ৰ নিয়তি ।  এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী এইয়া ।

একমাত্ৰ উপাৰ্জনকাৰী পুত্ৰৰ মৃত্যুৰ পিছৰে পৰা পৰিয়ালটিলৈ নামি আহিছে ঘোৰ অমানিশা।

সহায় বিচাৰি মুখ্য মন্ত্ৰীলৈ কাতৰ আহ্বান এই গৰাকী দুৰ্ভগীয়া মাতৃৰ।

https://www.tada-power.com/h5/reg/channelId/37325/top/HBVU4P.html

Register Now and Earn Daily

মৰিগাঁও জিলাৰ শুকদল বৰবৰীৰ এটি দুৰ্ভগীয়া পৰিয়ালৰ মৰ্মবেদনাৰ কাহিনী এইয়া। গাওঁ খনৰ যোগমাই দেৱী আৰু জগলাল চাহানীৰ পুত্ৰ পৱন কুমাৰ চাহানীয়ে ২০২০ চনত বাঙ্গালোৰৰ ব্লেক বেল্ট দিটেকটিভ প্ৰাইভেট লিমিটেড নামৰ চিকিউৰিটি গাৰ্ড কোম্পানীত যোগদান কৰিছিল। বিশেষকৈ ২০২১ চনৰ ১ মে' দিনা যুৱক জনৰ জ্বৰ কাহ হোৱাত বাঙ্গালোৰৰ M.V.J. Medical College & Research Hospital ভৰ্তি কৰোৱাত সুস্থ অৱস্থালৈ ঘুৰি অহাত ৩ মে'দিনা দেউতাকক ঘৰলৈ নিয়াৰ বাবে ফোন কৰাৰ কিছু সময়ৰ পিছতে যুৱক জনৰ হঠাৎ মৃত্যু হয়। ৰোগীয়া মাতৃক চিকিৎসাৰ কৰাৰ বাবে বাঙ্গালোৰলৈ নিয়া পৱন কুমাৰ চাহানীৰ কৰোণাত মৃত্যু হোৱা বুলি চিকিৎসকে জানিব দিয়াত হতবাক হৈ পৰিয়ালটিয়ে কৰ্ণাটকৰ বহুতৰে সহায় বিচাৰিছিল যদিও কোনো ধৰণৰ সহাঁৰি নাপায় পিতৃ মাতৃ পুনৰ মৰিগাঁৱৰ বৰবৰীলৈ উভতি আহে। 

 পুত্ৰৰ শোকত ম্ৰিয়মান হৈ পৰা ৰোগীয়া মাতৃয়ে অৱশেষত  সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত সহায়ৰ বাবে কৰযোৰে প্ৰাৰ্থনা জনাইছে।

আহিবনে সহায় কৰিবলৈ কোনো সুহৃদয়বান ব্যক্তি ? আহিবনে আগুৱাই প্ৰশাসনৰ কোনো লোক ? আহিবনে কোনো দল স ংগঠন আগুৱাই সহায়ৰ হাত আগব্ঢ়াবলৈ ? অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ সহায়ৰ বাবে ৰৈ আছে পৰিয়ালটো । 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.