দেশৰ দ্বিতীয় বৃহত্তম Unified Payment Interface (UPI) প্লেটফৰ্ম Google Pay য়ে আনুষ্ঠানিকভাৱে ইউপিআই লাইট পেমেণ্টৰ সমৰ্থন কৰিছে, যাৰ ফলত ব্যৱহাৰকাৰীয়ে পিন ব্যৱহাৰ নকৰাকৈয়ে সৰু সৰু পেমেণ্ট কৰিব পাৰিব। ইউপিআই লাইট প্ৰযুক্তিয়ে ব্যৱহাৰকাৰীসকলক গতানুগতিক ইউপিআই পেমেণ্টৰ তুলনাত অধিক সফলতাৰ হাৰেৰে শীৰ্ষ সময়তো দ্ৰুত পেমেণ্ট কৰিবলৈ অনুমতি প্ৰদান কৰিব ।
গুগল পেই বৰ্তমানৰ ব্যৱহাৰকাৰীসকলক একেটা এপৰ ভিতৰতে ইউপিআই লাইট ৱালেট তৈয়াৰ কৰাৰ সুবিধা প্ৰদান কৰে, যিটো ২০০০ টকা পৰ্যন্ত লোড কৰিব পাৰি। ইয়াৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে পিনৰ প্ৰয়োজন নোহোৱাকৈ ২০০ টকা পৰ্যন্ত মূল্যৰ লেনদেন কৰিবলৈ সক্ষম হয়। বৰ্তমান এটা সীমাবদ্ধতা আছে, য’ত, দিনটোত দুবাৰকৈহে ২০০০ টকালৈকে লোড কৰিব পাৰি, সেয়েহে, গুগল পে ইউপিআই লাইটত খৰচৰ সীমা প্ৰতিদিনে ৪,০০০ টকালৈকে সীমাবদ্ধ।
ইউপিআই লাইট পেমেণ্টৰ কথা প্ৰথমবাৰৰ বাবে ২০২২ চনৰ ছেপ্টেম্বৰ মাহত ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই) আৰু ভাৰতীয় নেচনেল পেমেণ্ট কৰ্পৰেশ্যনে (এন পি চি আই) ঘোষণা কৰিছিল আৰু বৰ্তমান ই ১৫টাতকৈও অধিক প্ৰধান ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত বেংকৰ সৈতে সামঞ্জস্যপূৰ্ণ। PAYTM,PHONEPAY, আৰু BHIM আছিল UPI Lite payment প্ৰৱৰ্তন কৰা UPI Payment APP ৰ প্ৰথম ছেট।
গুগল পেত UPI Lite কেনেকৈ ছেট আপ কৰিব?
Play store or Apple store ৰ পৰা গুগল পে এপটো ডাউনলোড বা আপডেট কৰক।
গুগল পে এপৰ প্ৰফাইল পেজলৈ যাওক
ছেটআপ পেমেণ্ট পদ্ধতিসমূহত ক্লিক কৰক আৰু UPI Lite নিৰ্ব্বাচন কৰক
continue ত ক্লিক কৰক আৰু ধন যোগ কৰক (২,০০০ টকালৈকে)
ইউপিআই লাইট ব্যৱহাৰ কৰি পেমেণ্ট কৰিবলৈ, মাত্ৰ ইউপিআই লাইটক পেমেণ্ট কৰিবলগীয়া একাউণ্ট হিচাপে নিৰ্বাচন কৰক আৰু পে পিন ফ্ৰীত ক্লিক কৰক |
ইয়াৰ ফলত ধনখিনি দ্ৰুতভাৱে পেয়ীৰ বেংক একাউণ্টলৈ স্থানান্তৰিত হ’ব |


