এগৰাকী জীৱন যোদ্ধা নাৰীৰ কথাৰে , আজি আমি এনেকুৱা এগৰাকী নাৰীৰ জীৱন সংগ্ৰামৰ কাহিনী তুলি ধৰিব বিচাৰিছো, যিগৰাকী নাৰী সমাজৰ বাবে অনুপ্ৰেৰণা আৰু আদৰ্শ হ'ব পাৰে।

 


 

এগৰাকী জীৱন যোদ্ধা নাৰীৰ কথাৰে

নাৰী মানে পৰাধীন নহয়। নাৰী মানে ভোগৰ সামগ্ৰী নহয়। নাৰী মানে অৰ্ধ আকাশ নহয়, বৰঞ্চ নাৰী হৈছে পূৰ্ণ আকাশ। নাৰী হৈছে অৰ্ধশক্তি আৰু নাৰীয়েই হৈছে জগত জননী।

আজি আমি এনেকুৱা এগৰাকী নাৰীৰ জীৱন সংগ্ৰামৰ কাহিনী তুলি ধৰিব বিচাৰিছো, যিগৰাকী নাৰী সমাজৰ বাবে অনুপ্ৰেৰণা আৰু আদৰ্শ হ'ব পাৰে।

হুগলী জিলাৰ ৰাজবলহাটৰ বাসিন্দা সুপ্ৰীতি সিং। গণিতত স্নাতকোত্তৰ। দেউতাই ৰিক্সা চলাইছিল। এনেহেন চৰম দৰিদ্ৰতাৰ মাজতো তেওঁ অৰ্জন কৰি গৈছিল শিক্ষা।

বৰ্তমান পৰিয়ালত শহুৰেক-শাহুৱেক আৰু এজন পুত্ৰ আৰু এগৰাকী কন্যা আছে। উচ্চ আৰু গুণগত শিক্ষিত হৈও মহিলা গৰাকীয়ে নাপালে কোনো এটা চৰকাৰী চাকৰি। পিছে সেইটো জানো উদৰে মানিব? দুবেলা-দুসাঁজ অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ দৰে মৌলিক প্ৰয়োজনীয়তা পূৰাবলৈ কিবাতো এটা কৰিব লাগিব, সেয়ে চৰকাৰী চাকৰিৰ আশাত বহি নাথাকি তেওঁ স্বনিৰ্ভৰশীল হোৱাৰ ওপৰত মনোযোগ দিলে। পৰিয়ালটোত আন কোনো উপাৰ্জনকাৰী নথকাত তেওঁ নিজেই জীৱন যুদ্ধত জপিয়াই পৰে। কাৰণ, পৰিয়ালটোৰ বাবে দুবেলা-দুমুঠি খাদ্যৰ যোগান ধৰিবলৈ হ’লে টকা উপাৰ্জন কৰিবই লাগিব, সেয়ে এইগৰাকী সংগ্ৰামী সত্ত্বা তথা বীৰ মাতৃ শ্ৰীমতী সুপ্ৰীতি সিঙে বাচি ললে জীৱন সংগ্ৰামৰ বাট। কৰ্মই ধৰ্ম এই সাৰ্বজনীন কথাষাৰক সৰোগত কৰি তেওঁ দিন-ৰাতি একাকাৰ কৰি পুৰুষৰ দৰে গধুৰ কৰ্ম মুৰ পাতি লৈছে কৰি।

উল্লেখ্য যে, সুপ্ৰীতি সিঙে অনলাইনযোগে ফ্লিপকাৰ্ট কোম্পানীৰ কামত যোগদান কৰে আৰু অৰ্ডাৰ কৰা পণ্য-সামগ্ৰীসমূহ ঘৰে ঘৰে ডেলিভাৰী কৰাৰ দৰে কঠিন কামত নিয়োজিত হৈছে। ধন্য তুমি সুপ্ৰীতি সিং, তোমাক হাজাৰ চালাম।

পশ্চিম বংগৰ জীয়ৰী সুপ্ৰীতি সিঙে আজি প্ৰমাণ কৰি দিলে যে, এগৰাকী নাৰীও কোনোগুণে কম নহয়। আজি কালি ছোৱালীয়েও ল’ৰাৰ দৰে পাৰিবাৰিক দায়িত্ব ল’ব পাৰে, কেৱল লক্ষ্য স্থিৰ, সাহস, ইচ্ছাশক্তি আৰু ধৈৰ্যৰ প্ৰয়োজন।

প্ৰণিধানযোগ্য যে পশ্চিম বংগৰ এইগৰাকী কৰ্ম যুদ্ধা সুপ্ৰীতি সিঙে নিজৰ ইনকামৰ টকাৰে নিজৰ পৰিয়ালৰ খৰচৰ বহন কৰাৰ লগতে ওচৰ-চুবুৰীয়া দুখীয়া, অনাথ শিশুৰ বাবে কাপোৰ-কানি কিনি দিয়ে।  দীঘলীয়া দিন কাম কৰাৰ পিছত ক্লান্ত আৰু ভাগৰুৱা শৰীৰলৈ ঘূৰি অহাৰ পিছত ৰাতি ৰান্ধি-বাঢ়ি থৈ অঞ্চলটোৰ দুখীয়া ল’ৰা-ছোৱালীক বিনামূলীয়াকৈ টিউচন কৰায়। হে পৰিশ্ৰমী নাৰী তুমি সঁচাকৈয়ে মহান, তোমাৰ দৰে নাৰী ঘৰে ঘৰে জন্মগ্ৰহণ কৰক এয়াই সময়ৰ আহ্বান। আপোনাৰ এই যুঁজখনে পিছলৈ নাৰী আৰু এই সমাজখনক আগুৱাই লৈ যাব।

আচলতে এগৰাকী নাৰীয়ে কি কৰিব নোঁৱাৰে? এখন সৰগীয় সমাজ তথা সংসাৰ সৃষ্টি কৰিব পাৰে এজনী নাৰীয়ে।

সুপ্ৰীতি সিঙৰ দৰে দক্ষতা আৰু মনোবলৰে নিজৰ ঘৰ, সংসাৰ আৰু সমাজ কল্যাণত খোজ থৈ দায়বদ্ধতাৰে আগুৱাই গৈ নাৰী হ'ব পাৰে জগত জননী।

আচলতে নাৰী কেতিয়াও অৱলা নহয়? কোনোবা এজনৰ জীৱন-জীৱিকা তথা উত্তৰণৰ আৰত লুকাই থাকে এগৰাকী নাৰীৰ নিঃস্বাৰ্থ অৱদান।

এই নাৰীয়ে আজি কৰ্মৰ জৰিয়তে আগবাঢ়ি যাবলৈ কৰা চেষ্টাই নতুন গতি দিব আৰু মৰ্যাদা সহকাৰে জীয়াই থকাৰ শক্তি দিব।

সেয়ে সুপ্ৰীতি সিংৰ দৰে প্ৰতিজনী নাৰীয়েই শক্তিৰ প্ৰতীক হ'ব লাগিব আৰু সাহসীকতাৰ মন্ত্ৰেৰে দিক্ষিত হ'ব লাগিব।  গতিকে প্ৰতি জনী নাৰীয়েই কাকো হিংসা, ঈৰ্ষা আৰু উপলুঙাৰ নকৰি', ধৰ্ম, মানৱতা, সততা, নিষ্ঠা আৰু ভাতৃত্ববোধক আগস্থান দি নিৰবে আগুৱাই যাওক, অৱশ্যেই নাৰীৰ শক্তি স্বৰূপটো আকৌ এবাৰ বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিব।—

প্ৰেৰক ঃ জুলহাছ আলী আহমেদ

জাগীৰোড, মৰিগাঁও (অসম)

দূৰভাষঃ ৯৭০৬৬-৬৬১৯২

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.