তেতেলীয়া পাহাৰত ফলমূলৰ বীজ সিঁচা কাৰ্যসূচীৰে আজি সামৰণি পৰে প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ ৭৪ সংখ্যক বন মহোৎসৱ সপ্তাহৰ
বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো ১ জুলাইৰ পৰা গছপুলি ৰোপণ, জন সজাগতা সভা আদি অনুষ্ঠিত কৰি অসমৰ অগ্ৰণী পৰিৱেশ সংৰক্ষণকাৰী অনুষ্ঠান প্ৰকৃতিপ্ৰেমী মঞ্চ অসমে পালন কৰে ৭৪ সংখ্যক বন মহোৎসৱ৷ উক্ত দিৱসৰ আজি অন্তিমটো দিনত মঞ্চৰ কৰ্মকৰ্তাসকলে তেতেলীয়া পাহাৰত আম, কঠাল, জামুক, শিলিখা, তেতেলী আদি ফলৰ পাঁচ হাজাৰোধিক বীজ সিঁচাৰ লগতে চাৰিশৰো অধিক ফলমূল গছৰ পুলি ৰোপণ কৰে৷ সম্পাদক ধীৰাজ পাতৰ, পাৰ্থপ্ৰতিম গৌতম, জোনমণি হোকায়, ধৰ্মেন্দ্ৰ বৰদলৈ, সজল সূত্ৰধৰ, নিতুল ডেকা, ইৰেণ ডেকা, শৈল্য ডেকাৰজা, জ্যোতিষ ডেকাকে আদি কৰি ২১ গৰাকী কৰ্মকৰ্তাই অংশগ্ৰহণ কৰা বন মহোৎসৱৰ আজি অন্তিমটো দিনৰ কাৰ্যসূচীত মঞ্চৰ সভাপতি হিতেশ শৰ্মাই অসমবাসী ৰাইজক মানৱ জাতিৰ সুৰক্ষাৰ স্বাৰ্থত গছ কটাৰ বিপৰীতে গছপুলি ৰোপণত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়৷
প্ৰেৰক -অচ্যুত কুমাৰ নাথ, মৰিগাঁও

