গাহৰি পালন কৰি সমাজৰ পৰা এঘৰীয়া এটা পৰিয়াল ।
কিন্তু মদ , ভাং ড্ৰাগছ বিক্ৰী কৰিলে এঘৰীয়া নকৰে সমাজে ।
গাহৰি খাব পাৰে কিন্তু গাহৰি পুহিব নোৱাৰে ।
কেতিয়া সলনি হ’ব এচাম মানুহৰ মানসিকতা ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত একাংশ শিক্ষিত যুৱকে গাহৰি-কুকুৰা পুহি সমাজৰ পৰা তিৰস্কাৰ হোৱা আৰু এঘৰীয়া হোৱা ঘটনা পোহৰলৈ আহি থকাৰ মাজতে মৰিগাও-নগাও জিলাৰ দাতিকাষৰীয়া অঞ্চল বেচাপতি ভাটবড়ীৰ নিবাসী এটা পৰিয়াল সমাজৰ ৰোষত পৰিছে। এই অঞ্চলটোৰ এটা পৰিয়ালৰ শিক্ষিত যুৱকে ২০২২ চনৰ পিছৰে পৰা গাহৰি পুহি স্বাৱলম্বী হোৱাৰ চেষ্টা কৰিছিল। কিন্তু বৰ্তমান সময়ত গাহৰি পালন কৰি মহা বিপদত পৰিছে পৰিয়ালটো ।
বিভিন্ন কাৰণত এঘৰ মানুহক সমাজে এঘৰীয়া ঘোষণা কৰিব পাৰে।সেই কাৰণসমূহৰ ভিতৰত অনৈতিক কাৰ্য্যকলাপ ,ধৰ্মান্তকৰণ ,অন্ধবিশ্বাস অথবা উৰাবাতৰি ভিত্তিক অথবা কিছুমান দুৰাৰোগ্য অসুখ আৰু সামাজিকভাৱে উদাসীন মানুহৰ ক্ষেত্ৰত সমাজৰে আন এচাম লোকে কিছুমান নিষেধাজ্ঞা জাৰি কৰে আৰু আৰু সমাজৰ বাকী মানুহে এই নিষেধাজ্ঞা মানি লবলৈ বাধ্য হয় ।
একমাত্ৰ গাহৰি পালনৰ বাবেই এই পৰিয়ালটোক সমাজে এঘৰীয়া কৰি ৰাখিছে বুলি শিক্ষিত যুৱকজন আৰু তেওৰ পৰিয়ালে অভিযোগ আনিছে। জানিব পৰা মতে সমাজৰ ৰোষত পৰিছে এই পৰিয়ালটো। পৰিয়ালটো হ'ল বেচাপতি ভাটবড়ীৰ নাথ সম্পদায়ৰ লোক । পৰিয়ালটোৱে সম্পূৰ্ণ এটা বছৰে মাথো গাহৰি পোহাৰ বাবেই স্থানীয় সমাজ ব্যৱস্থাৰ পৰা আতৰি থাকিবলৈ বাধ্য হৈছে যাৰ বাবে পৰিয়ালটো মানষিক অশান্তিত পৰিছে। শিক্ষিত যুৱকজনে কয় যে তেঁওলোকে একো অপৰাধ কৰা নাই মাথো জীৱন-জীৱিকাৰ স্বাৰ্থত এটা ব্যৱসায় কৰিছে। উল্লেখ্য যে, এই পৰিয়ালটোৰ পুত্ৰ-পত্নী, দেউতাক মাকৰ পৰিয়ালটোৱে আৰ্থিক সকাহ পোৱাৰ বাবে গাহৰি ৰ্ফাম আৰম্ভ কৰিছিল। অকল গাহৰিয়েই নহয় পুৰ্বৰ পৰা তিনি জনী গাই লৈ আৰম্ভ কৰিছিল স্বাৱলম্বীতাৰ নিদৰ্শন । ইয়াৰ লগতে মীন পালনেৰে সমাজৰ আন দহজনক কৰ্মমূখী কৰাৰ প্ৰেৰণা যোগাইছে এইজন পংকজ নাথে । গো-পালনলৈকে ঠিকেই আছিল সকলো । কিন্তু বৈজ্ঞানীক ভিত্তিত গাহৰি পোহা এই দোষৰ বাবেই পৰিয়ালৰ মুৰব্বী পংকজৰ ডেউতাকক সমাজৰ পাঠেক গৰাকীক নামঘৰলৈ মাতি সমাজে এঘৰিয়া কৰে পৰিয়ালটোক।
ইয়াৰ পিছৰ পৰাই এটা বছৰে সমাজৰ পৰা আতৰি আছে পৰিয়ালটো। এটা বছৰৰ মানসিক নিৰ্যাতনৰ পিছত ভাগি পৰিছে এই পৰিয়ালটো। যি সময়ত বিশ্ববাসী ন-ন চিন্তাৰে আগবাঢ়ি গৈছে সেই সময়তে গাহৰি পালনৰ বাবেই সমাজৰ পৰা এঘৰীয়া হ'ব লগা বিষয়টো অতিকে চিন্তনীয়। পৰিয়ালটোৰ অভিযোগ মতে যদি এইয়াই সত্য তেন্তে ই সমাজৰ বাবে নিশ্চয়কৈ অশুভ বাৰ্তা। কৰ্মমুখি হোৱাৰ চিন্তা যেন এতিয়া বিপদহে মাতিছে পৰিয়ালটোৰ বাবে । সমাজৰ একাংশ ব্যক্তিৰ বাবে গাহৰি খাব পাৰে কিন্তু পুহিব নোৱাৰে । বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ এই সন্ধিক্ষণত আওপুৰণি ৰিতি নীতিৰে সমাজ খন কোঙা কৰাৰ হে যে যো-জা চলিছে । অনৈতিক কাৰ্য্যকলাপ ,ধৰ্মান্তকৰণ ,অন্ধবিশ্বাস অথবা উৰাবাতৰি, ড্ৰাগছ, আৰু মদ বিক্ৰী কৰা লোকক কিন্তু আজিলৈকে সমাজে এঘৰীয়া কৰা দেখিবলৈ পোৱা ন’গল ।

