নগাও জিলাৰ নখণ্ডা বেচাপতিৰ মধুপুৰ আঞ্চলিক ৰংগমঞ্চৰ প্ৰাংগনত সম্বৰ্ধনা সভা felicitation of brilliant students in Nagaon Nakhanda Besapati

 

felicitation-of-brilliant-student-in-nagaon

'প্ৰজ্ঞাৰ সাধনাৰ বাট বৰ জটিল আৰু কঠিন। শ্ৰম আৰু সাধনাৰ কোনো গত্যন্তৰ নাই।' শিক্ষাই জ্ঞান আৰু জ্ঞানেই শক্তি ।

চেষ্টা আৰু নিষ্ঠাক মূলমন্ত্ৰ হিচাপে লৈ আগবাঢ়িলে ছাত্ৰ ছাত্ৰীসকলে নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'ব পাৰে।

শিক্ষাই জ্ঞান আৰু জ্ঞানেই শক্তি বুলি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি সভাত উপস্থিত থকা অঞ্চলটোৰ সমাজহিতৈশী বিশিষ্ট ব্যক্তিসকলে কয়,  ছাত্ৰ ছাত্ৰীসকল মানসিকভাবে শক্তিশালী হ'ব লাগে। দহৰ উপকাৰৰ বাবে জ্ঞান বিস্তাৰ কৰিব নোৱাৰিলে সেই জ্ঞানৰ কোনো অৰ্থ নাই ।

felicitation-of-brilliant-student-in-nagaon


সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ২৭ গৰাকী ছাত্ৰ-ছাত্ৰীক নগাও জিলাৰ নখণ্ডা বেচাপতিৰ মধুপুৰ আঞ্চলিক ৰংগমঞ্চৰ প্ৰাংগনত সম্বৰ্ধনা জনোৱা হয় ।  হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক কলা,বাণিজ্য , বিজ্ঞানৰ চূড়ান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হোৱা নগাও জিলাৰ নখণ্ডাৰ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাবলৈ শনিবাৰে আয়োজন কৰা বিশেষ অভিনন্দন অনুষ্ঠানত দিয়া ভাষণ প্ৰসংগত চৰাইবাহী শংকৰ দেৱ বিদ্যা নিকেতনৰ প্ৰধান আচায্য দেৱে কয় আজিৰ শিক্ষাৰ্থীৰ যুক্তি আৰু বিবেচনাৰ অভাৱ নাই।

felicitation-of-brilliant-student-in-nagaon


তথাপিও তেওঁলোক যাতে বিভ্ৰান্তিত পৰিব নালাগে তাৰ বাবে সাৱধান হ'ব লাগে। অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত আছিল বাৰপূজীয়া সমবায় সমিতি লিমিটেডৰ সভাপতি ফাইন ডেকাৰজা । ৰহা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনিৰাম কলিতা । চৰাইবাহী শংকৰ দেৱ বিদ্যা নিকেতনৰ প্ৰধান আচায্য ভাগ্যৰাম নাথ দেৱ, নখণ্ডা আঞ্চলিক হাইস্কুলৰ সহকাৰী শিক্ষক বসন্ত কুমাৰ নাথ দেৱ,  জৰাবাৰী তিৱা স্বায়ত্ব পৰিষদৰ সদস্য গীতামনি কলিতা ভূ্ঞা, জাতীয় বিদ্যালয়ৰ সহকাৰী শিক্ষক জগদীশ নাথ, গুৰুসুত্ৰৰ ক্চিং চেন্টাৰৰ সম্পাদক নৰুত্তম নাথ, কপিলি শিক্ষা খণ্ডৰ সমন্বয়ক জিন্টো বৰদলৈকে প্ৰমুখ্য কৰি আন কেইবাজনো বিশিষ্ট ব্যক্তি ।

felicitation-of-brilliant-student-in-nagaon


ৰাজহুৱাভাবে সম্বৰ্ধনা জনোৱা কৃতী শিক্ষাৰ্থীসকলক পৰৱৰ্তী সময়তো বেচাপতি আঞ্চলিক উন্নয়ন সমিতিয়ে নিৰীক্ষণ কৰি থাকিব বুলি সাংবাদিকৰ আগত মত প্ৰকাশ কৰে । অনুষ্ঠানত উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তিৰ্ন্ন হোৱা মুঠ ২৭ গৰাকী কৃতী শিক্ষাৰ্থীক মানপত্ৰ, গামোছা আদিৰে অভিনন্দন জনোৱা হয়।

felicitation-of-brilliant-student-in-nagaon


ইয়াৰ লগতে অঞ্চলটোৰ বাটপথ সুচনীয় নহয় যাৰ বাবে ছাত্ৰ-ছাত্ৰী সকল বিদ্যালয়লৈ অহা যোৱা কৰাত অসুবিধা পৰে । গতিকে স্থানীয় ৰাইজে স্থানীয় বিধায়কৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই অঞ্চলটোৰ উন্নয়নৰ দিশত অলপ চকু ফুৰাবলৈ আহ্বান জনাই ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.