অসম , ৰাজ্যিক অ' বি চি সংঘৰ মৰিগাঁও জিলা সমিতিৰ প্ৰথমখন কায্যনিৰ্ববাহক সভা আৱৰ্ত ভৱনত।
Times Guwahati Head :-মৰিগাওঁৰ আৱৰ্ত ভৱনত অন্যান্য পিছপৰা শ্ৰেণী সংঘ ৰাজ্যিক সমিতি,মৰিগাওঁ জিলা সমিতি মনমোহন ৰাজবংশী সভাপতিত্বত প্ৰথমখন কায্যনিৱাৰ্হক সভা অনুষ্ঠিত হয়।
উক্ত সভাখনি সভাৰ উদেশ্য বাখ্যা কৰে OBC সংঘ মৰিগাওঁ জিলা সমিতিৰ সম্পাদক সুশীল নাথে । অ'বি'চি বসৱাস কৰাৰ সকলো ব্যক্তিয়ে ৰাজনৈতিক ,শিক্ষা,অসম চৰকাৰৰ নিয়োগ কৰাত অ'বি'চি ব্যক্তি,ছাত্ৰ, সম অধিকাৰ দিয়াৰ লগতে অ'বি'চি সকলো ৰাইজৰ উন্নতি বিষয়ে উক্ত সভাত আলোচনা কৰে। ইয়াৰ লগতে অ'.বি.চি.ৰ বাবে জাতিভিত্তিক জনগণনা, অ'.বি.চি.ৰ বাবে পৃথক মন্ত্রণালয়। শিক্ষাৰ ক্ষেত্ৰত ২৭ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কাৰ্য্যকৰী কৰা
ন্যায়পালিকাত সংৰক্ষণৰ ব্যৱস্থা কৰা। ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান সমূহত সংৰক্ষণৰ ব্যৱস্থা বাধ্যতামূলক কৰা। ১৯৪৭ চনৰ ১২ ফেব্ৰুৱাৰীত গোপীনাথ বৰদলৈৰ নেতৃত্বত গঠন হোৱা চৰকাৰে নতুনকৈ ১৮৮৬ চনৰ ভূমি সুৰক্ষা আইনত সংলগ্ন কৰা “অসমৰ পিছপৰা শ্ৰেণীসমূহৰ ভূমি সুৰক্ষাৰ ব্যৱস্থা” কাৰ্য্যকৰী কৰা আৰু এই আইন বলবৎ হ'লেই ই অসমীয়াৰ বাবে ৰক্ষা কবচ হ'ব আৰু অসম চুক্তিৰ ও নং দফাও কাৰ্যকৰী হ'ব। নিযুক্তি আৰু পদোন্নতিৰ বাবে পতা পৰীক্ষা বিলাকত অ'.বি.চি. প্রার্থীক ক 'ছিং/ ট্রেইনিং বা প্রশিক্ষণ আদি দিয়াৰ ব্যৱস্থা কৰা , বিভাগীয় পদোন্নতিৰ বাবে পতা পৰীক্ষা বিলাকত (Departmental Promotional Examination) অ.বি.চি. কৰ্মচাৰীক বিভাগৰ দ্বাৰাই বিশেষভাৱে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা।
UPSC,APSC আদি সকলো নিযুক্তিৰ কাৰণে পতা পৰীক্ষাৰ মাচুল অ’.বি.চি. প্ৰাৰ্থীক ৰেহাই দিয়া ,নিয়োগৰ সময়ত সাক্ষাৎকাৰ লওঁতে এজন অ'.বি.চি. সম্প্ৰদায়ৰ প্ৰতিনিধি বা সদস্য বৰ্ডত থকাটো বাধ্যতামূলক কৰা। ৰিজাৰ্ভেশ্যন ৰোষ্টাৰখন সকলো চৰকাৰী কাৰ্য্যালয়ত লিপিবদ্ধ কৰি তাক অনুসৰণ কৰাৰ ব্যৱস্থা কৰা। সকলো ছাত্র-ছাত্রীয়ে যাতে চৰকাৰে আগবঢ়োৱা জলপানি সময়মতে পাব পাৰে আৰু জলপানিৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনোৱাৰ লগতে উল্লেখনীয় বিষয়বোৰত বিষদভাৱে আলোচনা কৰে |