" চৰাইবাহীত ধৰ্মপ্ৰাণ ব্যক্তি লোকেশ্বৰ বৰঠাকুৰৰ মৃত্যুত শোক

চৰাইবাহীত ধৰ্মপ্ৰাণ ব্যক্তি লোকেশ্বৰ বৰঠাকুৰৰ মৃত্যুত শোক


চৰাইবাহীত ধৰ্মপ্ৰাণ ব্যক্তি লোকেশ্বৰ বৰঠাকুৰৰ মৃত্যুত শোক

মৰিগাঁও, ২৮ মে : মৰিগাঁও জিলাৰ চৰাইবাহী চন্দ্ৰপুৰৰ নিবাসী তথা ধৰ্মপ্ৰাণ ব্যক্তি লোকেশ্বৰ বৰঠাকুৰ (৭২)ৰ আজি পুৱা ভাগতে মৃত্যু হোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰে । চন্দ্ৰপুৰৰ প্ৰতিষ্ঠিত প্ৰতিষ্ঠান "ঔম মেডিকেল " ৰ লগতে বহু কেইখন ব্যৱসায় প্ৰতিষ্ঠনৰ স্বত্বধিকাৰী তথা অমায়িক ধৰ্মপ্ৰাণ ব্যক্তি লোকেশ্বৰ বৰঠাকুৰ কিছুদিন ধৰি অসুস্হতাত ভুগি নিজ গৃহত চিকিৎসাধিন হৈ আছিল । যোৱা নিশা হৰ্ঠাতে বৰঠাকুৰ অতি অসুস্হ হৈ পৰাত পৰিয়ালৰ লোকে নগাঁৱৰ ব্যক্তিগত চিকিৎসালয় জি ডি নাৰ্চিং হ'ম " ত ভৰ্তি কৰি চিকিৎসা সেৱা আগবঢ়াই থকা অবস্থাতে আজি পুৱা আঠ মান বজাত তেওঁ কৰুণ মৃত্যুক সাবটি লয় । চন্দ্ৰপুৰৰ ব্যৱসায়ৰ সন্হা , চন্দ্ৰপুৰৰ দূর্গা পূজা উদযাপন সমিতিৰ লগতে বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকেশ্বৰ বৰঠাকুৰৰ মৃত্যুৰ বাতৰি বিয়পি পৰাত তেওঁৰ গুনমোগ্ধ লোক আহি তেওঁৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা নিবেদন কৰে । আনহাতে চন্দ্ৰপুৰৰ ব্যৱসায়ী সন্হাৰ সভাপতি নীলমণি বৰদলৈ , সম্পাদক প্ৰীতম কুমাৰ নাথ আৰু চন্দ্ৰপুৰৰ দূৰ্গা পৃজা উদযাপন সমিতিৰ সভাপতি দীপাংক কুমাৰ নাথ , সম্পাদক মঞ্জন কুমাৰ শৰ্মা আৰু বৰভগীয়া ব্ৰাহ্মণ সমাজৰ সভাপতি শিৱ প্ৰসাদ শৰ্মা - সম্পাদক ভোলা বৰঠাকুৰে মৃত বৰঠাকুৰৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা নিবেদন কৰি তেওঁৰ বিদেহ আত্মাৰ সদগতি কামনা কৰে । মৃত্যুৰ সময়ত তেওঁ পত্নী , দুই পুত্ৰ আৰু এগৰাকী জীয়ৰী সহ   আত্মীয় স্বজন এৰি যায় ।

                      

প্ৰেৰক -অচ্যুত কুমাৰ নাথ, মৰিগাঁও

Post a Comment

Previous Post Next Post

People Like