MS Dhoni : বাৰ্ষিক কৰ আদায় দিলে ৩৮ কোটি ! জানেনে মহেন্দ্ৰ সিং ধোনিৰ আয় কিমান?
তিনিবছৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। অৱশ্যে ভাৰতৰ এইগৰাকী প্ৰাক্তন কিংবদন্তি ক্ৰিকেটাৰ আজি বিশ্ব ক্ৰিকেটত সমানে চৰ্চা হৈছে। ২০১৯ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত মহেন্দ্ৰ সিং ধোনিৰ বৰ্তমান বাৰ্ষিক আয় কিমান জানেনে? শেহতীয়াকৈ আয়কৰ বিভাগে দিয়া তথ্যত ইয়াৰ আভাস পোৱা গৈছে। আয়কৰ বিভাগৰ তথ্য অনুসৰি ২০২২-২৩ বিত্তীয় বৰ্ষত মহেন্দ্ৰ সিং ধোনীয়ে ৩৮ কোটি টকা আগতীয়া কৰ আদায় দিছে।
শুনি চাগে আপুনি থতমত খালে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈও এজন মানুহে কেনেকৈ দিব পাৰে এই বৃহৎ পৰিমাণৰ কৰ। আমি আপোনালোকক জনাওঁ যে ২০২২-২৩ বিত্তীয় বৰ্ষত তেওঁক আয়কৰ বিভাগে ঝাৰখণ্ডৰ সৰ্বাধিক কৰদাতা হিচাপে ঘোষণা কৰিছে। কেৱল এয়াই নহয়, ২০২১-২২ বিত্তীয় বৰ্ষতো একে সংখ্যক কৰ আদায় দি ঝাৰখণ্ডৰ সৰ্বোচ্চ কৰদাতা হিচাপে নিৰ্বাচিত হয়।
মহেন্দ্ৰ সিং ধোনীৰ উপাৰ্জনৰ কথা যদি কওঁ, তেন্তে তেওঁ বিভিন্ন কোম্পানীৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে কাম কৰিয়েই তেওঁৰ অধিকাংশ ধন উপাৰ্জন কৰে। তাৰোপৰি বিভিন্ন ধৰণৰ বিজ্ঞাপনৰ জৰিয়তে কোটি কোটি টকা উপাৰ্জন কৰে। তাৰোপৰি আই পি এলৰ পৰা বছৰি বিপুল পৰিমাণৰ ধন উপাৰ্জন কৰে। এক প্ৰতিবেদন অনুসৰি মহেন্দ্ৰ সিং ধোনিৰ মাহিলী আয় প্ৰায় ৬ কোটি টকা। মন কৰিব যে বৰ্তমান মহেন্দ্ৰ সিং ধোনীৰ মালিকানাধীন প্ৰায় ১০৩০ কোটি টকা।