₹৫ লাখ মেডিকেল বীমা কভাৰে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰিবনে?

এফালে ঔষধৰ মুল্যবৃদ্ধি আনফালে চৰকাৰে উলিয়াই থাকে অভিলাষী আচনি

৫ লাখ মেডিকেল বীমা কভাৰে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰিবনে?

চৰকাৰে আপোনাৰ বীমা কিয় কৰিব বিচাৰে ?

চৰকাৰে আপোনাৰ বেমাৰ হোৱাটো বিচাৰে নেকি ?

এনে বহু প্ৰশ্নৰ সন্মুখীন হৈছে এতিয়া খাতিখোৱা লোক

5 lakh Insurance cover 
কথাই কয় স্বাস্থ্য হৈছে মানুহৰ পৰম সম্পদ । কিন্তু চিকিৎসাৰ যিকোনো খৰচ পূৰণ কৰিবলৈ চিকিৎসা বীমা পলিচি হৈছে একান্তই প্ৰয়োজনীয়তা। আমাৰ বহুতেই প্ৰতি বছৰে বীমা পলিচি কিনে, কেৱল উক্ত কাৰণটোৰ বাবেই নহয় আয়কৰ ৰেহাইৰ সুবিধা ল’বলৈও। পৰম্পৰাগতভাৱে ₹৫ লাখ মেডিকেল বীমা পলিচি হৈছে সংগঠিত খণ্ডত কাম কৰা ভাৰতীয়সকলে লোৱা আটাইতকৈ সাধাৰণ ধৰণৰ কভাৰ। তথাপিও বিশেষজ্ঞসকলে প্ৰায়ে বহুত বেছি কভাৰৰ পৰামৰ্শ দিয়ে। কিন্তু ₹৫ লাখ ট্কাৰ পলিচি পৰ্যাপ্ত নেকি বা আপুনি অধিক চিকিৎসা বীমা কভাৰ কিনিব লাগিব নেকি ?

বীমা নিয়ন্ত্ৰকে ২০০৯ চনত গঠন কৰা ভাৰতীয় বীমা তথ্য ব্যুৰোৰ মতে ২০১৮-১৯ চনত ভাৰতত ব্যক্তিগত পলিচিৰ গড় দাবী আছিল ₹৭০,০০০। কিন্তু স্বাস্থ্য বীমা দাবী তথ্য প্ৰতিবেদন ২০১৭-১৯ য়ে আমাক এনে দাবীৰ মুদ্ৰাস্ফীতিৰ হাৰ চিনাক্ত কৰাত সহায় কৰে। এই বৃদ্ধিৰ হাৰ আঠ বছৰত, ২০১০-১১ চনৰ পৰা ২০১৮-১৯ চনলৈকে আছিল ১০.৫%। এই তথ্যৰ দ্বাৰা চালে আজিৰ গড় দাবী ₹১ লাখৰ অলপ বেছি বুলি অনুমান কৰিব পাৰি। কিন্তু এইয়া বৰ্তমান চৰকাৰী আৰু বেচৰকাৰী সকলো ধৰনে উপলব্ধ ।

প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (PMJAY)

এই আঁচনিখনে প্ৰতি পৰিয়ালত বছৰি ৫ লাখ টকাৰ স্বাস্থ্য বীমাৰ পৰিকল্পনা কৰিছে, ইয়াৰ দ্বাৰা ৫০ কোটিৰো অধিক লোক উপকৃত হ’ব, আৰু ই বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য বীমা আঁচনি।

আয়ুষ্মান ভাৰতৰ প্ৰথম খণ্ড—স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰ—বাবাছাহেব আম্বেদকাৰৰ জন্ম বাৰ্ষিকীত মুকলি কৰা হৈছিল, আৰু দ্বিতীয় খণ্ড—স্বাস্থ্য বীমা আঁচনি— দীনদয়াল উপাধ্যায়ৰ জন্ম বাৰ্ষিকীৰ দুদিন আগতে আৰম্ভ কৰা হৈছিল।

PMJAY ৰ পৰিসৰৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ দ্বাৰা কেন্সাৰ আৰু হৃদৰোগৰ দৰে গুৰুতৰ ৰোগকে ধৰি ১৩০০টা ৰোগ সামৰি লোৱা হ’ব। ব্যক্তিগত চিকিৎসালয়সমূহো এই আঁচনিৰ অংশ হ’ব।

লগতে এই পৰিকল্পনাত সকলো ঔষধ, চিকিৎসালয়ত ভৰ্তি খৰছ ইত্যাদি ৫ লাখ টকাৰ ধন পৰিশোধ কৰিব চৰকাৰে ।

আপোনালোকেও ১৪৫৫৫ নম্বৰত ডায়েল কৰি বা চাৰ্ভিচ চেণ্টাৰৰ জৰিয়তে এই আঁচনিৰ বিষয়ে অধিক জানিব পাৰিব।

সমগ্ৰ দেশৰ ১৩ হাজাৰৰো অধিক চিকিৎসালয়ক এই আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে PMJAYৰ সৈতে জড়িত সকলোৰে প্ৰচেষ্টা আৰু চিকিৎসক, নাৰ্ছ, স্বাস্থ্য প্ৰদানকাৰী, আশা, ANM আদিৰ নিষ্ঠাৰ জৰিয়তে এই আঁচনিখন সফল হ’ব বুলি আস্থা প্ৰকাশ কৰে।

আয়ুষ্মান যোজনাৰ বাবে পঞ্জীয়ন কেনেকৈ কৰিব

আঁচনিৰ তথ্যৰ বাবে সমগ্ৰ দেশতে ২.৫০ লাখৰো অধিক কমন চাৰ্ভিচ চেণ্টাৰ আছে।

আঁচনিখনত নাম নথকা পৰিয়ালসমূহে যদি কমন চাৰ্ভিচ চেণ্টাৰত জানিব পাৰে।

আঁচনিৰ সৈতে জড়িত হিতাধিকাৰীৰ তালিকা পঞ্চায়ত আৰু জিলা সদৰলৈও প্ৰেৰণ কৰা হৈছে।

আঁচনিৰ সৈতে জড়িত লোকৰ তালিকা আশা কৰ্মীলৈও প্ৰেৰণ কৰা হৈছে।

ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাই চিকিৎসালয়ত মোতায়েন কৰিছে ১৪ হাজাৰ আৰোগ্য মিত্ৰক।

ইয়াৰ উপৰিও আপোনালোকে www.mera.pmjay.gov.in ৱেবছাইটত নিজৰ নাম আছে নে নাই পৰীক্ষা কৰিব পাৰে।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.