বলীউডত কাম পোৱাৰ নামত আৰম্ভ কৰিছিল আৰতি মিত্তলে দেহ ব্যৱসায়। বহু জনপ্ৰিয় ধাৰাবাহিকত তেওঁক দেখা গৈছে। তেওঁৰ পৰিচয় জানি লওক।
সকলোৰে প্ৰশ্ন, কোন এই আৰতি? বহু ধাৰাবাহিকৰ মুখ আছিল আৰতি। কেৱল ধাৰাবাহিকতে নহয় কেইবাখনো ৱেব ধাৰাবাহিকতো অভিনয় কৰিছিল
বলীউডত কাম কৰাৰ সুযোগ পাব। শেহতীয়াকৈ কাষ্টিং ডাইৰেক্টৰ তথা প্ৰাক্তন অভিনেত্ৰী আৰতি মিত্তলৰ বিৰুদ্ধে দেহ ব্যৱসায়ৰ চক্ৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগৰ ভিত্তিত মুম্বাই আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ তদন্ত। সকলোৰে প্ৰশ্ন, কোন এই আৰতি? বহু ধাৰাবাহিকৰ মুখ আছিল আৰতি। কেৱল ধাৰাবাহিকতে নহয় কেইবাখনো ৱেব ধাৰাবাহিকতো অভিনয় কৰিছিল।
'না উমৰ কা সীমা হো', 'আপনাপন বদলতে ৰিষ্টো কি বন্ধন'কে ধৰি কেইবাখনো ধাৰাবাহিকত অভিনয় কৰিছিল আৰতিয়ে। হিন্দী ধাৰাবাহিক জগতৰ কেইবাগৰাকীও বিখ্যাত অভিনেতাৰ সৈতেও তেওঁৰ চিনাকি হৈছিল। হিতেন তেজৱানী, ৰোহিত ৰায়, অমন বৰ্মা আদি কেইবাজনো জনপ্ৰিয় অভিনেতাৰ সৈতেও তেওঁৰ ছবি ইনষ্টাগ্ৰামত দেখা গৈছে। আৰতিয়ে প্ৰয়াত অভিনেতা সতীশ কৌশিকৰ সৈতে এখন ছবিতো অভিনয় কৰিছিল। বহু জনপ্ৰিয় ধাৰাবাহিকত কাম কৰাৰ পিছতো তেওঁ বিশেষ স্বীকৃতি নাপালে।
গোপন সূত্ৰৰ জৰিয়তে এই দেহ ব্যৱসায়ৰ চক্ৰটোৰ বিষয়ে গম পায় আৰক্ষী বিষয়া মনোজ সুতাই। তথ্য পোৱাৰ পিছত তেওঁ এটা দল গঠন কৰি আৰতিক ফোন কৰি কয় যে দুজন বন্ধুৰ বাবে দুগৰাকী কৰ্টেছনৰ প্ৰয়োজন। আৰতিয়ে ফোনযোগে ৬০ হাজাৰ টকা দাবী কৰে। কেৱল সেয়াই নহয়, তদন্তকাৰীৰ মতে, কাষ্টিং ডাইৰেক্টৰে যুৱ উদীয়মান মডেলসকলক বেশ্যাবৃত্তিৰ প্ৰতি প্ৰলোভিত কৰিছিল।