মৈৰাবাৰীৰ ৰেলৱে কলনীৰ পৰা তিনিজন জুৱাৰী গ্ৰেপ্তাৰ

 মৈৰাবাৰীৰ ৰেলৱে কলনীৰ পৰা তিনিজন জুৱাৰী গ্ৰেপ্তাৰ।

Three gamblers arrested from Railway Colony in Moirabari.


মৈৰাবাৰী আৰক্ষীয়ে নিশা অভিযান চলাই গ্ৰেপ্তাৰ কৰে তিনি জনকৈ জুৱাৰীক।মৈৰাবাৰী ৰেলৱে ষ্টেচনৰ সমীপৱৰ্তী ৰেলৱে কলনিত জুৱা খেলি থাকোতে মৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত এটা অভিযানকাৰী দলে তাৎক্ষণিক অভিযান চলাই গ্ৰেপ্তাৰ কৰে জুৱাৰী কেইজনক।জুৱাৰী কেইজন ক্ৰমে-মৈৰাবাৰীৰ ৰাজীৱ আহমেদ, ইমদাদুল ইছলাম আৰু হবিবোৰ ৰহমান।জুৱাৰী কেইজনৰ পৰা আৰক্ষীয়ে ২০৪০ টকা নগদ ধন তিনিটা মবাইল ফোন আৰু কিছুমান জুৱা খেলত ব্যবৰ্হিত অবৈধ সামগ্ৰী জব্দ কৰে।ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা জুৱাৰী কেইজনক মৰিগাঁও জিলা আদালতত হাজিৰ কৰোৱাত আদালতে জেল হাজোতলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।আনহাতে উক্ত অঞ্চলটোত বিভিন্ন অসমাজিক কাম কাজৰ বিৰুদ্ধে মৈৰাবাৰী আৰক্ষীয়ে লোৱা ভূমিকাক অঞ্চলটোৰ ভুক্তভোগী ৰাইজে প্ৰসংশা কৰা পৰিলক্ষিত হৈছে।

মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.