" চুলিৰ ষ্টাইল, দুই কাণত কাণফুলি, হাতত ডিঙিত গলপতা, খাৰু | Birthday পালনৰ বহুৱালি আৰু নষ্ট প্ৰজন্ম

চুলিৰ ষ্টাইল, দুই কাণত কাণফুলি, হাতত ডিঙিত গলপতা, খাৰু | Birthday পালনৰ বহুৱালি আৰু নষ্ট প্ৰজন্ম

চুলিৰ ষ্টাইল, দুই কাণত কাণফুলি, হাতত ডিঙিত গলপতা, খাৰু | Birthday পালনৰ বহুৱালি আৰু নষ্ট প্ৰজন্ম

Birthday celebrations and spoiled generation

ধনীৰ দুলাল বুলি ক'লে মনলৈ অহা ল'ৰাৰ ছবিখন হ'ল আধুনিক চুলিৰ ষ্টাইল, দুই কাণত কাণফুলি, হাতত ডিঙিত ৰকম ৰকম গলপতা, খাৰু। দুই হাতে দুটা দামী দামী ম'বাইল আৰু কলেজ কৰা, ফুৰা চকাৰ বাবে এখন এনফিল্ড বুলেট মটৰচাইকেল। সেই ল'ৰাৰ ২১ বছৰীয়া জন্মদিন। গতিকে একপ্ৰকাৰ সৰু সুৰা এটা উৎসৱৰ পৰিৱেশ ঘৰখনত কেইবাদিন আগৰে পৰা। ঘৰৰ আচবাব পাতি নতুনকৈ সজোৱা হৈছে, কোঠাই কোঠাই নানা ৰঙৰ বেলুন আৰি দিয়া হৈছে। কি আইটেম হ'ব খোৱা-বোৱাৰ, কাক কাক নিমন্ত্রণ দিয়া হ'ব, কেকটো কি ধৰণৰ হ'ব, মাছ-মাংস, পনীৰ, চাহ-মিঠাই আৰু লগত থাকিব লাগিব দামী দামী বিলাতী মদ। পিতৃ-মাতৃ দুয়ো অত্যন্ত ব্যস্ত যা-যোগাৰৰ আইটেমব তালিকা প্রস্তুতত। 

দিনৰ দিনটো আলহী অতিথিক চাহ-মিঠাই খুওৱাৰ পাছত নিশালৈ চলিব বিশেষ পার্টি। সেই বিশেষ পার্টি আকৌ প্রত্যেকৰে সুকীয়া সুকীয়া, বেলেগ বেলেগ কোঠাত। বাপেকৰ বন্ধু-বান্ধৱৰ বাবে থাকিব দামী বিলাসী সুৰাৰ লগত মাংস, ৰুটী, ভাত। মাকৰ বান্ধৱীসকলৰ বাবে বীয়েৰৰ লগত কাজু, ভুজিয়া, ফ্রাইড ৰাইচ আৰু বিৰিয়ানি। পুতেকৰ বাবে ঘৰত পাৰ্টীৰ আয়োজন কৰা নাই। কেক কটাৰ পাছত তাৰ লগৰ বন্ধু-বান্ধৱীহঁতৰ বাবে নগৰখনৰ দামী হোটেলখনতে পাৰ্টিৰ ব্যৱস্থা কৰা হৈছে। য'ত থাকিব বিলাতী মদ, গাহৰিৰ মাংস, তন্দুৰী ৰুটী আৰু সৰু ভজা মাছ। যথা সময়ত দিনৰ ভাগৰ আলহী-অতিথি খোৱা বোৱা শেষ কৰি ঘৰাঘৰি গ'লগৈ। তাৰ পাছত সন্ধিয়াৰ পাছৰ পৰা এপৰ ৰাতিলৈ চলিল নাচ গান, মদ মাংসৰ শৰাধ, হাই-উৰুমি। যেন এখন বজৰুৱা ঠাইহে। এয়া হ'ল সাম্প্ৰতিক কালৰ বহুতৰে পৰিয়ালত জন্মদিন মানে অনেক ষ্টাইলৰ কেক কটা মম জ্বলোৱা আৰু তাৰ পাছত হেপী বার্থ ডে টু ইউ বুলি চাপৰি বজাই ৰজাই গান গোৱাৰ নামত কৰা হাই-উৰুমি কি যে এক আজব কাৰবাৰ ।

জন্মদিন পালনৰ এই পশ্চিমীয়া ঢংটো আমাৰ অসমীয়া, অসমৰ সমাজ জীৱনলৈ আমদানি হোৱা বৰ বেছি দিন হোৱা নাই। আমাৰ দিনত জন্মদিন সৰু সৰু ল'ৰা-ছোৱালীৰ ক্ষেত্ৰতে পতা হৈছিল এটা অত্যন্ত আধ্যাত্মিক পৰিবেশত । জন্মদিনত আগবঢ়োৱা হৈছিল মাহ প্ৰসাদ, পায়স আগবঢ়াৱা হৈছিল, ধূপ ধূনা জ্বলোৱা হৈছিল, আৰু গীতা ভাগৱত পাঠ কৰা হৈছিল। ওচৰ পাজৰৰ ল'ৰা ছোৱালীকহে মাতি আনি জন্মদিনত অংশগ্রহণ কৰিবলৈ দিয়াটো আছিল নিয়ম । 

অৱশ্যে সেই ৰামো নাই অযোধ্যাও নাই। দিন সলনি হ'ল। আজিকালি ডেকা-বুঢ়া, সকলোৱে জন্মদিন পালন কৰাটো একপ্ৰকাৰ এটা ফেশনতেই পৰিণত হৈছে। আজিৰ জন্মদিন পালন মানেএসোপামান ধনৰ শৰাধ, খোৱা-বোৱাত বাচ-বিচার নাই, নাচ গানৰ সমাহাৰ আৰু তাৰ আঁৰত লুকাই থাকে উপহাৰ আদায় করাবহে ফন্দী। 'দেখাক দেখি উঠিল গা, কেতুৰীয়ে বোলে মোকো খাৰ দৰে আজিকালি কি গাঁও, কি চহ সকলোতে সকলো পৰিয়ালতে জন্মদিন পালনৰ নামত কৰা অহেতুক বজকরা মানসিকতা। আজি কোনে কিমান আড়ম্বৰৰে জন্মদিন পালন কৰিব পাৰে, তাৰহে এক অঘোষিত প্রতিযোগিতা। 

কিন্তু কেতিয়াও ক'তো জন্মদিন পালন কৰাজনক সমাজত বহুৱাই লৈ আলোচনা-বিলোচনা কৰা নহয়। দৰাচলতে এই সময়ত আমি জন্মদিন পালনৰ সাৰ্থকতা কি, কিয় পালন কৰা হৈছে, দায়িত্ব-কর্তব্য, সম্পর্কে কোনো ৰকমৰ কথাই ঠাই নাপায়। তাৰ পৰিৱৰ্তে স্ফূৰ্তি, তামাচা কৰি মদ-মাংসৰ জুতি ল'ব পাৰিলেই জন্মদিন সাৰ্থক হোৱা বুলিহে অনুভৱ কৰো। দৰাচলতে জন্মদিন পালন মানে স্ফূর্তি তামাচা নহয়, আধ্যাত্মিক ভাৱধাৰাৰে এটা সুস্থ পৰিৱেশ গঢ়ি তোলা, নিজত অনুভৱ কৰা আৰু অনাগত দিনত যাতে আমি জীৱন যাত্ৰাৰ পথত নিষ্ঠাসহকাৰে আগবাঢ়ি যাব পাৰো, তাৰ চৰ্চা কৰিব লাগে ।

জন্মদিন কোনে কিমান আড়ম্বৰৰে পালন কৰে তাত আমাৰ ক'ব লগা একো নাই, কিন্তু জন্মদিন পালনৰ নামত আজিকালি যিবোৰ কৰ্মকাণ্ডৰ আমদানি হৈছে তাক দেখি শুনিহে তবধ মনাৰ উপক্ৰম হৈছে। জন্মদিন পালনৰ ক্ষেত্ৰত আমি এইটো চৰ্চা কৰিব লাগে যে আমি প্রত্যেকেই অনাগত দিনত ইতিমধ্যে কৰা ভুল ত্ৰুটিবোৰ অনুধাৱন কৰিব লাগে, এটা নতুন সুস্থ সমৃদ্ধ জীৱনৰ মৰ্ম উপলব্ধি কৰিব লাগে। 

নহ'লে চৰ ‘গালো বালো খোলাকটিৰ ভাল'। আমি যিমানেই ধুমধামেৰে জন্মদিন পালন নকৰো কিয়, জন্মদিনৰ সাৰ্থকতাৰ মর্মার্থ তাত্ত্বিকভাৱে উপলব্ধি কৰিব নোৱাৰিলে অনাগত দিনৰ বাবে এখন মানসিকভাৱে পংগু প্রায় সমাজকহে আমদানি কৰি বৰপীৰা পাৰি দিয়াৰ নামান্তৰ নহ'বনে? আমি প্রত্যেকেই কথাবোৰ ভাবি চোৱা উচিত।

জন্মদিন পালনৰ বহুৱালি আৰু নষ্ট প্ৰজন্ম

২০১৭ চনত নিয়মীয়া বাৰ্তা কাকতত প্ৰকাশিত সূৰ্য নাথৰ এটি লেখা

1 Comments

  1. Where licensees have multiple of} dedicated tables, brief cutaway photographs of other tables can be used to intensify the Live Casino ambiance. Available as each mainstream and VIP tables, Auto Roulette options 바카라사이트 fast-paced, actual live-wheel action with a high quality|a top quality} look-and-feel. This popular variant has decrease betting limits than other Roulette variants, with an extra ‘Five Bet’ for yet more variety and selection. A world-first from Evolution, Immersive Roulette is a uniquely totally different premium-quality recreation that pulls players into the action. It’s additionally best for drawing in new customers to your web site and for cross-selling the distinctive thrill of Live Roulette to RNG and sportsbook players.

    ReplyDelete
Previous Post Next Post

People Like