" মৰিগাঁও তিৱা সমাজৰ অগ্ৰণী তিৱা অনুষ্ঠান ছেৰাণ মৰিগাৱে আজি সফলতাৰে তেখেতসকলৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰে।

মৰিগাঁও তিৱা সমাজৰ অগ্ৰণী তিৱা অনুষ্ঠান ছেৰাণ মৰিগাৱে আজি সফলতাৰে তেখেতসকলৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰে।

 


মৰিগাঁও তিৱা সমাজৰ অগ্ৰণী তিৱা অনুষ্ঠান ছেৰাণ মৰিগাৱে আজি সফলতাৰে তেখেতসকলৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰে। দীঘলবড়ী বালিকা মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানত   পুৱা ৮ বজাৰ বন্তি প্ৰজ্বলন কৰে দীঘলবড়ী বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰী পুতুকন দেউৰী মহোদয়ে ৷ পতাকা উত্তোলন কৰে ছেৰাণৰ সভাপতি ড০ ধীৰাজ পাটৰ ডাঙৰীয়াই ৷ সম্পাদক ৰঞ্জিৎ নাৰায়ন পাতৰে আঁত ধৰা এই অনুষ্ঠানত সমিতি পুনৰ নিৰ্বাচন কৰা হয়। 



Morigaon News


পূৰ্বৰ সভাপতি সম্পাদককে পূৰ্বৰ পদত বাহাল ৰাখি সম্পূৰ্ণ এখন সমিতি তৈয়াৰ কৰা হয় । প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বাৰ্ষিক মুখপত্ৰ 'ছেৰাণ’ উন্মোচন কৰা হয় ৷ দীঘলবড়ী গাওঁ পঞ্চায়তৰ সভাপতি শিৱ পাটৰ ডাঙৰীয়াই উন্মোচন কৰে ৷  উক্ত অনুষ্ঠানতে দীঘলবড়ীৰ নিবাসী কৃতি শিক্ষক মহেন্দ্ৰ পাটৰক সম্বৰ্দ্ধনা প্ৰদান কৰা হয় ৷ সেই অঞ্চলৰ অৰ্ধ শতাধিক ছাত্ৰছাত্ৰীক অভিননৱদন জনোৱা হয় ৷ অনুষ্ঠানত ছেৰাণৰ সমূহ বিষয়ববীয়া সদস্য সদস্যাৰ উপস্থিত থকাৰ লগতে তিৱা সাহিত্য সভাৰ মৰিগাঁও জিলাৰ সম্পাদক মৃনাল কুমাৰ দেওৰজা আৰু তিৱা সাহিত্য সভাৰ কামৰূপ মহানগৰ সমিতিৰ প্ৰাক্তন সম্পাদক তুলসি বৰদলৈ উপস্থিত থাকে ৷ স্থানীয় নৃত্য দলৰ তিৱা নৃত্য পৰিবেশন আৰু স্থানীয় ব্যক্তিৰ উপস্থিতিয়ে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ বাবে উদ্যোক্তা মণ্ডলীৰ তৰফৰ পৰা সকলোলৈ কৃতজ্ঞতা জ্ঞাপন কৰা হয় ৷

Post a Comment

Previous Post Next Post

People Like