জীৱনৰ এই চাৰিটা তথ্য ভুলতো নজনাব কাকো, আহিব পাৰে সমস্যা !

 ৱেব ডেস্ক, টাইমছ গুৱাহাটীঃ

জীৱনৰ এই চাৰিটা তথ্য ভুলতো নজনাব কাকো, আহিব পাৰে সমস্যা !

জীৱনৰ এই চাৰিটা তথ্য ভুলতো নজনাব কাকো, আহিব পাৰে সমস্যা !


আচাৰ্য চাণক্যই নীতিশাস্ত্ৰত এনে কিছুমান কথাৰ উল্লেখ কৰিছে যিকেইটা কথা মানুহে সদায় নিজৰ মাজতে ৰখা উচিত আৰু ইয়াক অন্য বক্তিৰ সৈতে ভাগ বতৰা কৰা একেবাৰে অনুচিত। এই কথাসমূহ অন্যলোকৰ সৈতে বিনিময় কৰাটো ব্যক্তিজনৰ ব্যক্তিত্ব তথা সামাজিক প্ৰতিচ্ছবিৰ প্ৰতি বিপজ্জনক হৈ পৰিব পাৰে।

চাণক্য এজন শিক্ষকৰ লগতে এজন দক্ষ অৰ্থনীতিবিদ আছিল। আচাৰ্য্য চাণক্য কূটনীতিৰ পণ্ডিতো আছিল।  চাণক্যই সমাজ ব্যৱস্থাক অতি গভীৰভাৱে অধ্যয়ন কৰিছিল।  প্ৰতিজন ব্যক্তিয়েই জীৱনত সফল হ’ব বিচাৰে।  সফল হ’বলৈ হ’লে এজন ব্যক্তিয়ে কঠোৰ পৰিশ্ৰম কৰাটো অতি প্ৰয়োজন। আচাৰ্যই নীতিশাস্ত্ৰত মানুহৰ জীৱন-যাপন প্ৰণালীৰ কল্যাণৰ বাবে বহু কথা উল্লেখ কৰিছে।

এজন ব্যক্তিয়ে যদি নিজৰ নীতিৰ সঠিক যত্ন লয় আৰু জীৱনত সেইবোৰ গ্ৰহণ কৰে, তেন্তে তেওঁ আৰামদায়ক জীৱন যাপন কৰিব পাৰে।

আচাৰ্য্য চাণক্যই তেওঁৰ নীতিশাস্ত্ৰত এনে তিনিটা কথাৰ উল্লেখ কৰিছে, যিবোৰ কোনো ব্যক্তিয়ে আনৰ সন্মুখত উল্লেখ কৰা উচিত নহয়। চাণক্যই কৈছে যে মানুহৰ এই তিনিটা গোপন কথা যদি আনে জানিবলৈ পায়, তেন্তে তেওঁ আপোনাৰ ভাবমূৰ্তি নষ্ট কৰি পেলাব পাৰে। তেন্তে আহকচোন চাও এনে কোনবোৰ কথা যিবোৰ সদায় এজন ব্যক্তিয়ে নিজৰ মাজত গোপনে ৰখাই শ্ৰেয়ঃ

 ১) বিবাহিত জীৱনৰ লগত জড়িত কথাবোৰ-

আচাৰ্য চাণক্যৰ মতে, কোনো ব্যক্তিয়ে স্বামী-স্ত্ৰীৰ মাজত ঘটি থকা কথাবোৰ আন এজনৰ সন্মুখত আলোচনা নকৰিব। স্বামী-স্ত্ৰীৰ মাজত আলোচনা যদি বাহিৰলৈ যায় তেন্তে ইয়াৰ ফলত বিবাহিত জীৱনত বিভাজনৰ সৃষ্টি হ’ব পাৰে।  ইয়াৰ বাবেই বিবাহিত জীৱনটো আনৰ সন্মুখত ঠাট্টা-মস্কৰাৰ বিষয় হৈ পৰাই নহয়, সমাজত আপোনালোক দুয়োৰে ভাবমূর্তি কলংকিত হ’ব পাৰে।  লগতে শত্ৰুৱেও ইয়াৰ সুবিধা ল’ব পাৰে।

 ২/ অৰ্থনৈতিক পৰিস্থিতিৰ কথা-

চাণক্য নীতিৰ মতে কোনো ব্যক্তিৰ সন্মুখত এজন ব্যক্তিয়ে নিজৰ আৰ্থিক অৱস্থা বা ধন-সম্পত্তিৰ বিষয়ে আলোচনা কৰাটো উচিত নহয়।  টকাৰ কথা আহিলে কাকো বিশ্বাস কৰাটো কঠিন।  এজন ব্যক্তিয়ে তেওঁৰ হাতত থকা ধন, আৰ্থিক লোকচান, কাৰো পৰা লোৱা ঋণ আদিৰ তথ্য কেতিয়াও আনক দিব নালাগে।  কাৰণ এইসমূহ তথ্যৰ সুবিধা অসৎ মনোবৃত্তিৰ ব্যক্তিয়ে ল’ব পাৰে।

৩/ আপোনাৰ সৈতে হোৱা প্ৰতাৰণাৰ কথা

আচাৰ্য চাণক্যৰ মতে, যদি আপোনাৰ লগত কিবা প্ৰৱঞ্চনা হৈছে, তেন্তে পৰিয়ালৰ লোকৰ সন্মুখতহে উল্লেখ কৰক।  যদি আপুনি বাহিৰৰ মানুহৰ আগত উল্লেখ কৰে তেন্তে মানুহে আপোনাক দুৰ্বল বুদ্ধিৰ বুলি গণ্য কৰিব, আপোনাৰ সামৰ্থ্যক লৈ প্ৰশ্ন উত্থাপন কৰিব।  এয়াও সম্ভৱ যে আপোনাৰ এই অৱস্থাটো জানি আন কোনোবাইও আপোনাক প্ৰতাৰণা কৰিবলৈ চেষ্টা কৰিব পাৰে।

৪/ আপোনাৰ সৈতে হোৱা অপমানৰ কথা -

আচাৰ্য চাণক্যৰ মতে, যদি কোনোবাই আপোনাক অপমান কৰিছে, তেন্তে এই ঘটনাটো নিজৰ মাজতে ৰখাই ভাল।  আনক কোৱাটোৱে আন ব্যক্তিজনৰ আপোনাৰ প্ৰতি থকা সন্মান হেৰুৱাব পাৰে। 

তেন্তে এইসমূহ কথাই আছিল যিসমূহ চাণক্যই আন ব্যক্তিৰ সৈতে ভাগ বতৰা কৰা অনুচিত বুলি উল্লেখ কৰিছে। এই সম্পৰ্কত আপোনাৰ মতামত কি, কমেণ্ট যোগে জনাবলৈ নাপাহৰিব।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.