" ১০ হাজাৰতকৈ বেছি টকা withdraw কৰিব নোৱাৰিব! কি এই নতুন নিয়ম ?

১০ হাজাৰতকৈ বেছি টকা withdraw কৰিব নোৱাৰিব! কি এই নতুন নিয়ম ?

this rule has  to be obeyed to withdraw more than 10 thousand indian rupee from state bank of india

this rule has  to be obeyed to withdraw more than 10 thousand indian rupee from state bank of india

ভাৰতীয় ষ্টেট বেংক হৈছে দেশৰ ভিতৰতে সৰ্ববৃহৎ বেংক।  দেশৰ ভিতৰতে তেওঁলোকৰ সৰ্বাধিক গ্ৰাহক আছে।  এই  বেংক ভাৰতীয়ৰ প্ৰথম পছন্দ।  আৰু সেই বিশ্বাস বজাই ৰাখিবলৈ তেওঁলোকে কিছুমান ভাল আঁচনি উলিয়াই আনে।  শেহতীয়াকৈ তেওঁলোকে বেংকিঙৰ আৰু এটা নিয়ম সলনি কৰিছে।  এতিয়া ATM ত টকা উলিয়াবলৈ এই নিয়ম মানি চলিব লাগিব।

গ্ৰাহকৰ সম্পত্তি সুৰক্ষিত কৰাৰ বাবে এটিএমত ধন উলিওৱাৰ নিয়ম সলনি কৰিছে SBI য়ে।  এতিয়াৰ পৰা আপুনিও যদি ১০ হাজাৰতকৈ অধিক টকা উলিয়াব বিচাৰে তেন্তে মোবাইল নম্বৰত OTP দিলেহে টকা সংগ্ৰহ কৰিব পাৰিব।

বৰ্তমান বিভিন্ন হেকাৰ আৰু দুষ্কৃতিকাৰীৰ আৰ্থিক হিংসাৰ বাবে গ্ৰাহকৰ সুবিধাৰ্থে তেওঁলোকে নিয়ম সলনি কৰিবলৈ বাধ্য হৈছে।  বেংক কৰ্তৃপক্ষই তেওঁলোকৰ টুইটাৰ হেণ্ডেলৰ পৰা টুইট কৰি কয় যে যদি আপুনি ১০ হাজাৰতকৈ অধিক টকা উলিয়াব বিচাৰে তেন্তে পঞ্জীয়নভুক্ত মোবাইল নম্বৰত অ’টিপি দিলেহে টকা আহিব।  কিন্তু ১০ হাজাৰতকৈ কম টকা উলিয়ালে OTP দিব নালাগে।

এইবাৰ SBI কৰ্তৃপক্ষই নিৰন্তৰ বেংক জালিয়াতি হ্ৰাস কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।  এইবাৰ SBIৰ নতুন নিয়মৰ জৰিয়তে গ্ৰাহকসকল প্ৰৱঞ্চনাৰ পৰা মুক্ত হ’ব। উল্লেখ কৰিব পাৰি যে সমগ্ৰ দেশতে এছ বি আইৰ ২২,২২৪ টা শাখা আছে য’ত ৬১,৬০৫ টা আউটলেট আছে।  আৰু তেওঁলোক হৈছে ভাৰতৰ ভিতৰতে ৬৩,৯০৮টা ATM ৰ  সৈতে ATM সেৱা প্ৰদান কৰা সৰ্ববৃহৎ বেংক।

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati

Post a Comment

Previous Post Next Post

People Like